সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘুলিত জাহাজ ৬১৭ নিৰ্বাচনৰ জোকাৰণিটো পাৰ হ'ল। প্ৰচাৰৰ সময়ত সিহঁতৰ নিচিনা সৰু মেছবোৰত সাধাৰণতে কেৱল মাতষাৰ লগাই বেনাৰ আৰু কাৰ্ড কেইখনমান থৈ যায়। আৰু নিৰ্বাচনৰ আগ-নিশা মদ-মাংস দিবলৈ আহে। ৰাতি ল'ৰাবোৰক ষ্টপেজৰ পৰা ভিতৰলৈ সোমাবলৈ স্থানীয় ল'ৰা কিছুমানে নিদিয়ে, ধমক দি টকা লয়, সেইটোও এটা উপাৰ্জনৰ পথ, বহুবাৰ মাৰ-পিতো হৈছে। সেইবাবে বহুতো ল'ৰা আন্ধাৰ হোৱাৰ আগতেই গাড়ীয়ে গাড়ীয়ে আহি টোপোলা লৈ সোমাই দিয়ে। বিতোপনৰ লগৰ এটাই তিনি কাৰ্টন মদ দিনতে আনি বিছনাৰ তলত ৰাখিলে। ডাঙৰ মেছ-হোষ্টলবোৰতো প্ৰচাৰৰ নামত বহুৱা নাচহে চলে, আনকি বিভাগবোৰতো একেই। কোনো ইচ্ছ্যুৰ বিষয়ে নোলায়েই। ৰাজ্যৰ বাদেই, বিশ্ববিদ্যালয়ৰে নোলায়। কওঁতাও নাই, সোধোঁতাও নাই। কোনোবাই সুধিলে অযথা গহীন কথাত লাগি থকা বিৰক্তিকৰ মানুহৰ শাৰীত পৰি লজ্জিত হ’বহে লাগে। “এইটো কালচাৰ কেনেকৈ গঢ়িল? অসমৰ প্ৰতিটো ইচ্ছ্যুত মাত মাতিব পৰা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-শক্তিটোক চলাই আছে বা বিকল কৰি পেলাইছে বেলেগে নিজৰ ক্ষমতাৰ স্বাৰ্থত। হোষ্টেলত থকা বিকৃত মস্তিষ্কৰ এমুঠিমান ছাত্ৰৰে গঠিত ছাত্ৰ একতা সভাখনে সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীক প্ৰতিনিধিত্ব নকৰেইচোন।' অলিন্দই নিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰিৱেশেই দেখা নাপায়। আজি পাছ-বেলালৈ বিশেষ প্ৰতিবাদ এটাৰ উকমুকনি দেখা গৈছে। ক্লাছৰ মাজত হোষ্টেলৰ ল'ৰাকেইটাই অস্পষ্ট-অসম্পূৰ্ণকৈ পাতি আছে। লুইত কলেজৰ মিটিংখনৰ দৰেও হ'ব যেন লাগিছে। জিৰণিত, বিভাগৰ কাষৰ হোষ্টেলটোৰ ল'ৰা এটাই অলিন্দহঁত কেইটামানক হোষ্টেললৈ এনেই লগ ল’লে, ‘ক্লাছ নহয় আৰু আজি, চাবা। ব’লা, অলপ বহি গুচি যাবা। কিবা এটা হ'ব পাৰে, আলোচনা কৰিব হেনো এতিয়া, এনেই চাই আহিবা।’ হোষ্টেলৰ কমন ৰুমটোত মিটিঙৰ আৰ্হিত ভালেকেইটা ল'ৰা বহি আছে। লগত এটা ছাত্ৰ সংগঠনৰ বয়সীয়াল নেতা এটা। সিহঁতকেইটাও কমন ৰূমটোত সোমাল। পৰহি আবেলি হিন্দী বিভাগৰ অধ্যাপক এজনক নিজৰ কেবিনত এগৰাকী ছাত্ৰীৰ সৈতে অসংযত অৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে ধৰা পেলালে। লগে লগে ছাত্ৰীজনীয়ে ক'লে যে নম্বৰ দিম বুলি কৈ ছাৰে তেনেকুৱা কৰিছে। আচলতে সম্পৰ্কটো ভালেদিনীয়া, বহুতেই ইতিমধ্যে জানিছিল, অধ্যাপকজনৰ পত্নীয়ে খবৰ পাই ছাত্ৰ-নেতা কেইটামানক গোটাই হুলস্থূল লগাবলৈ দি গুচি গ'ল। এতিয়া উপাচাৰ্যই কি ব্যৱস্থা লয় তাকে লৈ আজি প্ৰতিবাদ হ’ব “ভিচিক এপ্লিকেচন দিয়া হৈছেই, গতিকে প্ৰতিনিধি কেইজনমান’, অলিন্দই কাষৰ এটাক কৈ থকা অস্পষ্টকৈ কাণত পৰাত মুখ্য শাৰীৰ এটাই সুধিলে, 'তুমি কিবা ক’ব খুজিছা?' অলিন্দ থিয় হ’ল, ‘ভিচি ছাৰক এপ্লিকেচন দিয়া হৈছেই, গতিকে প্ৰতিনিধি