সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬১৬ কুলাংগাৰ পাৰিবলৈ ধৰিছে, ‘... কুকুৰ ভিচি, পুহি ৰাখিছ বুঢ়া এগাল, সিহঁতে ইয়াত...', তাৰ মাতটো চিঞৰি ওলাব খুজিছে, কিন্তু চিঞৰিলে সমস্যাহে বাঢ়িব, তথাপি শব্দবোৰ সৰু হ'লেও শক্তিপুঞ্জ হৈ ওলাইছে,বাহিৰত খিতখিতাই থকা ল'ৰা দুটাৰ এটাই দুৱাৰখন খুলি হাঁহি হাঁহি চালেহি, ‘অঁ গেষ্ট আছে!' সি দুৱাৰখন জপাই গুচি গ'ল। ল'ৰাটোৱে অলিন্দহঁতক ক'লে— ল'ৰাবোৰে গাৰ্লফ্ৰেইণ্ডক ৰূমলৈ আনি দিনটো ৰখাটো নতুনবোৰে চৰ খোৱাটোৰ দৰেই সাধাৰণ কথা। সৱেই খাইছে ইতিমধ্যে। সি উপাচাৰ্য আৰু ৱাৰ্ডেনক অশ্লীল মাতেৰে গালি পাৰিয়েই আছে। ৱাৰ্ডেনক কৈ সি হোষ্টেল এৰিব বিচাৰিছিল, তেওঁ ইলেকচনলৈকে থাকাচোন বুলিহে ক’লে। কলেজৰ তিনি বছৰত এদিনো তাৰ মুখত অশ্লীল মাত অলিন্দহঁতে শুনা নাছিল। সি ৰাতিটো অলিন্দহঁতৰ মেছত থাকিবলৈ আহিল। নতুনবোৰ এনেকৈ এনিশালৈ অহাৰো অনুমতি সাধাৰণতে নাথাকে, তাক দুৱাৰ খুলিবলৈ পঠিওৱা ল'ৰা দুটাক কাকুতি- মিনতি কৰি অনুমতিটো উলিয়ালে। মেছত বহিও সি পীড়া আচ্ছন্নতাৰ পৰা মুক্ত হ'ব পৰা নাই। ‘বেমাৰ বুলি কৈ পোন্ধৰ দিনলৈ ঘৰলৈ গুচি যোৱা, তাৰ পাছত এৰি দিবা, জিন্তুৱে ক’লে। ‘সম্ভৱ নহয়! এটাই তেনেকৈ ইয়াতে থকা মোমায়েকৰ ঘৰত আছিলগৈ। ক্লাছ কৰিবলৈ তাৰ পৰা আহিছিল, ডিপাৰ্টমেণ্টলৈ ল'ৰা গৈ হোষ্টেললৈ উঠাই লৈ আহিল। মই পদাৰ্থ বিজ্ঞানেই এৰিম। সেইটোৱেই শেষ উপায় আছে। মই লত এডমিচন ল’ম, তেতিয়া হোষ্টেলৰ পৰা ওলাব লাগিবই, ল কলেজৰ হোষ্টেল বেলেগ।' ল'ৰাটোৱে ক'লে। অলিন্দই বুজনিৰ ভাবত জোৰ দিলে, ‘নালাগে ৰ'বাচোন। এডমিচন ল’লাই, ইমানদিন ক্লাছ কৰিলাই, এৰাটো ভাবিব নালাগে।’ ‘তুমি হোষ্টেলত সোমাবই নালাগে নহয়, কোনেও কোৱা নাছিল?” বিতোপনে সুধিলে। ‘ক’লেও, নিজেই নাপালে কিমান ভয়ংকৰ বিশ্বাস নহয়, কাৰণ এইখনতো বস্তি নহয়, বিশ্ববিদ্যালয়হে। ... ম‍ই ইমানদিনে ভাবিয়েই আছিলোঁ, এতিয়া খাটাং কৰিলোঁ, ল কলেজত ল'ম। এডমিচন হ’বহে। মই ফৰ্ম দিয়ে থৈছিলোঁ, এণ্ট্ৰেন্সত নাপালে ল পঢ়িবলৈ। এমএছচিৰ পাছত ম‍ই কি কৰিম? সেইফালেও গৈছে! ম‍ই প্ৰফেছাৰক তেল মাৰি পিএইচডি ল’ব নোৱাৰোঁ।' তাৰ মুখত এইষাৰ শুনি শূন্যতাৰ অনুভৱে অলিন্দক পুনৰ প্ৰবলভাবে ক্ৰিয়া কৰিলে, “পিএইচডি কৰিবলৈ অন্য ব্যৱস্থা এটা নোলায় নেকি? কিয় সম্পৰ্ক ভাল থাকিলেহে লয়?' মেছৰে বিতোপনৰ লগৰ এটাইবুজনি দিক’লে, “তোমালোকক চিনি পাই যাব, চিন্তা নকৰিবা, আমাৰ নিচিনাবোৰৰহে সমস্যা। অলিন্দক চিনি পাইছেই বুলি বিতোপনে সিদিনা কৈছেই।' ল'ৰাটোৱে ক'লে, ‘হ’লেও, সেইটো ধৰণে প্ৰফেছাৰক লাগি থকাৰ ইচ্ছাটো নাহে।’অলিন্দৰো একেটাই সমস্যা, তেল মাৰি আনতকৈ অধিক আপোন হৈ নামভৰ্তি কৰোৱাৰ আগ্ৰহ নাহে, সেইধৰণে কোনোবা কম যোগ্যয়ো পাই গৈছে, অধিক যোগ্য ৰৈ গৈছে, মেছতে ইমানদিনে খবৰবোৰ শুনি সি ভৱিষ্যৎ শূন্য দেখা পাইছে।