৩০৯ ঘুলিত জাহাজ কাইলৈ আলফাৰ বাৰ ঘণ্টীয়া অসম বন্ধ, পৰহিলৈ এডমিচন, যোৱা এসপ্তাহ ধৰি গুৱাহাটীলৈ টেলিফোনৰ সংযোগ সম্পূর্ণ ব্যাহত, লগৰবোৰৰ ঘৰলৈও ফোন নাযায়, অলিন্দই এণ্ট্ৰেন্সৰ ৰিজাল্টৰ একো খবৰ পোৱা নাই। সুকন্যাই সন্দেহ-উৎকণ্ঠাৰে নানা পৰামৰ্শ দিলে যদিও সি নুশুনিলে, তাৰ খাটাং উত্তৰ পৰীক্ষা ভাল হৈছে, ছীট পাবই, বেডিং লৈ যাব, এডমিচন লৈ থাকিয়েই দিব । মাত্ৰ হোষ্টেলত নে মেছত থাকে এতিয়াও সি থিৰাং কৰিব পৰা নাই। এণ্ট্ৰেন্স দিবলৈ যাওঁতেই, যোৱাবাৰ লুইত কলেজৰ পৰা গৈ তাত পঢ়ি থকা বিতোপনে তাক তাৰ মেছলৈ লৈ গৈছিল। সিও দঢ়াই দঢ়াই কৈছে, হোষ্টেলবোৰ বীভৎস, পঢ়া মানুহ কোনো নাথাকে, তাৰ মেছতে ৰূম খালি হৈছে, ৰূমমেটো যাবগৈ, লগতে থাকিব পাৰিব। কিন্তু বিশ্ববিদ্যালয়ৰ পৰা দূৰৰ মেছৰ পৰিৱেশে বেছি হতাশাৰ মাজলৈ লৈ যাব যেন অলিন্দই অনুভৱ কৰিছে, হোষ্টেলত থাকি সি নিজকে জীয়াই ৰাখিব খুজিছে, আনহাতে বিশ্ববিদ্যালয়ৰ গাতে লাগি থকা মেছ চাবলৈও নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ আগ্ৰহ হেৰোৱা যেনেই হ'ল, নতুনৰ মাজত সি সম্পূর্ণ থান-বান হৈ যাব যেন লাগে, আনকি বজাৰৰ পৰা অনা নতুন ছার্ট এটাও কিছুদিন পেলাই থৈ পুৰণা নোহোৱালৈকে পিন্ধিবলৈ সি আজিকালি অশান্তি পায়। হোষ্টেলত ভালকৈ থাকিব পৰা হ'লে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশে দিব পৰা ব্যৱস্থাই তাক সামান্য আঁত ধৰাই ৰাখিলেহেঁতেন, এতিয়া বিতোপনকে সি আশ্রয় হিচাপে অনুভৱ কৰিছে, বিতোপনৰ কোঠাটো তাৰ বাবে যেন কাৰাগাৰৰ সুখ আৰু নিৰাপত্তা । আজি গধূলি যাবলৈ সি ঠিক কৰিছে ৷ পুৱা বিতোপনৰ ৰূমতে সোমাব, তাতে পুনৰ কথাবোৰ বুজি, পাৰিলে হোষ্টেল ঠিক কৰিব ৷ লগত যাবলৈ চন্দন আহিল। ‘ৰাতি কিবা হয় বুলি ভয় লাগি আছে। বন্ধটো সমুখত লৈ পুৱাই পাবগৈ, বিশ্ববিদ্যালয় খোলা থাকে বা নাই কাইলৈ, ছীটটো নাপালে ঘূৰি আহিবই লাগিব । তই আহিলি ভাল কৰিলি, বৰ ভয় লাগি আছে।' সুকন্যাই ক'লে ৷ ‘নগ’লেও হ’ব, এনেই যোৱাহে । ছীটৰ কথাটো কিয় বাৰে বাৰে কৈ আছে ! পামেই ৷’ অলিন্দই জোৰ দি ক'লে ৷ ‘নহয়, যাওক। কি ঘটে ঠিক নাই।'
পৃষ্ঠা:কুলাংগাৰ.pdf/৬১৮
অৱয়ব