সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০ ‘কিনো কৈ আছে ! দিয়কগৈ ভাত !’ কুলাংগাৰ হেঁপাহ নপলোৱাকৈ তাই উঠিবলৈ মন নকৰিলে, ৰিজাল্টটোৰ ফুৰ্তিত তাই ক’ব নোৱৰা হৈও আছে। যোৱা তিনিবছৰেই কেৱল নহয়, প্রায় পাঁচ বছৰ ভয়তে অৱদমন কৰি ৰখা বলকনি-ইচ্ছাবোৰৰ সমস্ত শক্তিৰে তাই মুক্ত মনে বঁতিয়াবলৈ ধৰিলে, “চাকৰি নাপালে নাক কাটি খাৰণিত দিব লাগিব । পজিচন পাইছেগৈ সেইটো ৷ লাজ লগা নাই? ক'ৰবাত কিবা ওলালে দেখ দেখকৈ ছয় নম্বৰতহে স্থানটো হ'বগৈ। ঘৰ-দুৱাৰ ভালকৈ সাজিব লাগে সোনকালে চাকৰি লৈ, সদায় পিছ পৰি থাক।’ অলিন্দ আঁতৰি ভিতৰলৈ আহিল। তাই মাতটো ডাঙৰ কৰি গাই থাকিল, সিফালেও তাৰ কাণত সোমাই যোৱাকৈ। বেৰৰ সি অৱশ হৈ পৰিছে। অৱসাদে বঢ়ুৱাই দিব খুজিছে। ‘কিমান কষ্টৰে কৰা ৰিজাল্ট ! হতাশাক খেদি খেদি পঢ়া বিষয়। বিষয়টোৰ প্ৰতি অনুৰাগ থকা বাবেই সকলো হজম কৰি, সকলো সহ্য কৰিও পঢ়ি গৈ আছোঁ, পঢ়িবলৈ মন নগ'লে কিতাপকেইখনকে লিখি পেলাই মনত বিষয়বোৰ সুমুৱাইছোঁ ম‍ই, তাইক লাগে চাকৰি, ক্ষমতা, ধন, বাহাদুৰি ! আৰু কেইটা ঘৰ লাগে?' অধ্যাপকজনৰ কথাবোৰো তাৰ মনৰ পৰা এৰাই যোৱা নাই। “কিয় এই মানুহবোৰৰ মনোজগতত মোৰ শান্তি লাভৰ একো উপাদান নাই? একো সংযোগ নাই ! সিহঁতৰ কিহৰ আক্রোশ লোকৰ ওপৰত, কিহৰ অধিকাৰ ? খালি বল প্রয়োগ নিজৰ তৃপ্তিৰ স্বাৰ্থত ! আজি এই ৰূপ কিয় ! তিনিটা বছৰত এদিনো ভালে আছনে বুলি সুধি নোপোৱা মাকজনীহে ! ইমান আন্তৰিকাতাহীন কিয় ? ৰেপি ৰেপি মানুহ হত্যা কৰা চিৰিয়েল কিলাৰৰ দৰে সামান্যতমো সহৃদয়তা নাই!' কালি হোষ্টেলত মাত লগাই বিদায় লৈ আহোঁতে মালিকে তাক কৈছিল, ‘অলিন্দ ভালকৈয়ে ওলাই গ'লা, বৰ ভাল পাইছোঁ, এটা প্রশ্নহে মনত সদায় থাকি গ'ল— তোমাৰ দেউতাহে এদিনো নাহিল কিয়? তিনি বছৰত এবাৰো নাহিল ! কেনেকৈ আছা, ক'ত আছা চাবলৈ মন নগ'ল নে?’সি একো নামাতিলে । তাৰ মুখত বেজাৰ এটাই কোবাই যোৱাত তেওঁ আৰু একো নক'লে। ... হতাশাত সি বিছনাখনত পৰি দিলে, গধূলি গুৱাহাটীলৈ যাবলৈ মনটো নোহোৱা হৈ আহিছে, কিন্তু যাব লাগিবই, বন্ধৰ দিনকেইটাই তাক জঠৰ কৰি পেলাইছে ইয়াত, সিহঁতহালৰ খুটখাটত সি ভয় খাই নিশা সাৰে থাকি পাৰ কৰিছে কেইবাদিনো, কিজানি এটা শব্দ শুনে, অশান্তি সহ্য কৰিব নোৱাৰি কোনোবা এটাই কিজানি ডিঙিত ৰছিডাল লগাই চকীখন গোৰ মাৰি দিয়াৰ শব্দ এটা আহে কাণলৈ। শব্দটো নাহিল এদিনো— সি সেই প্ৰতিটো পুৱা ভাবে— সেয়া তাৰ আতংকহে, বাস্তৱ নহয়। সদায় ৰাতিপুৱাবোৰ গতানুগতিক গোমোঠালিৰে পাৰ হয়। এইবোৰৰ পৰা মুক্ত হৈ যাবগৈয়েই লাগিব । সি বিছনাৰ পৰা উঠি চাইকেলৰ কাষলৈ গ'ল, ভাত দিয়াৰ আগতেই জেৰক্স কৰাই আনিবলৈ ৷