সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০২ কুলাংগাৰ থাকে, প্রয়োজন হ'লে সংক্ষিপ্ত উত্তৰ দিয়ে, নহ'লে তেনেই কাষতে নবহি আজিকালি সি অকলে ৰৈ থাকে বা ভিতৰ সোমাই শোৱে। জুইকুৰা নুমাব নেকি চাই চাই অলিন্দ মুধৰ ফালে বহি আছে। বহুদিনৰ মূৰত তাক দেখা পাই বোকাগাঁৱৰ মানুহ এজনে মাত লগাই সোমাই আহিল ৷ ‘ইমান ডাঙৰ জুই, কি জ্বলাইছে!” ‘উঁয়ে খোৱা কিতাপ । মানুহজনে এনেই চাবলৈ জুইকুৰাৰ ফালে গ’ল, লগে লগে অলিন্দও। চুক একোটা জ্বলা কিতাপ কেইখনমান তেওঁ তুলি চালে৷ এইবোৰ কিতাপ মোক লাগেতো ! বিচাৰি বিচাৰি নাপালোঁ । সি নাই নাই কৰে, এইবোৰ আছিলেইচোন কিতাপ ! আমাৰ ল'ৰা- ছোৱালীয়ে কিতাপ নাপালেই, ডেৰ বছৰ গ'ল, তেনেকৈয়ে এবছৰ পঢ়াই পাছ কৰালে, কি শিকিলে সিহঁতেহে জানে। কিতাপচোন আছিলেই!” তেওঁ ফুৱাই ফুৱাই কেইবাখনো কিতাপ জাপিবলৈ ধৰিলে, বাকীবোৰ জপাৰ উপায় নাই, আধা অংশ জ্বলি গৈছে, এফাল পঢ়ি বুজিব পৰা হৈ থকা নাই । তেওঁ তাৰ লগত আৰু কথা পাতিব নোৱাৰিলে ৷ চিন্তিত হৈ নিজে নিজে কিতাপবোৰৰ কথাকে কৈ কৈ এচুক পোৰা কিতাপকেইখন লৈ গুচি গ'লগৈ। আয়েক অলিন্দৰ ওচৰলৈ আহি মনে মনে কোৱাৰ ভংগিত ক’লে, ‘আমাৰ ই মৰিব কোনোবাদিনা দেখিছানে ! কিতাপ বিচাৰি স্কুলবোৰৰ মানুহ ইজন আহে, সিজন আহে, সি কিতাপবোৰ ভৰাই থৈ দিলে, নিবিলায় ! অফিচৰ পৰা দিয়াই নাই, দিয়াই নাই কৰে সি ৷ ... এতিয়া ই জ্বলা কিতাপকেইখন লৈ গ'ল, মানুহেতো গম পাব কিতাপবোৰ জ্বলাই দিয়াটো, নধৰিব নে লোকে ! ' ‘ইমানবোৰ কিতাপ জমা কৰি থৈও কিয় নিদিলে ?” ‘ৰশ্মি গুচি যোৱাৰ সময়ত মানুহবোৰে তাৰ বাদনাম গাইছিল যে, সিহঁতৰ চুবুৰীৰ মাষ্টৰকেইটা আছিল নহয়, সিহঁতৰ স্কুলবোৰ নষ্ট কৰিবলৈকে সি এখনো কিতাপ নিদিলে কাকো।' “আপোনাক কোনে ক'লে ?” “তাৰ বন্ধুকেইটা আহিলে পাতে নহয়। ৰশ্মিৰ সম্পৰ্কীয় মাষ্টৰবোৰক দৌৰাই আছে । ইহঁত আটাইকেইটা বন্ধু আজিকালি কিবা অফিচাৰ হেনো, আমাৰ ইও অফিচাৰ হেনো, এইখিনিৰ গোটেই স্কুলবোৰৰ কিতাপবোৰ সেইবাবে চন্দনৰ হাতলৈহে আহে । চিঞাচিচি নে কিবা এটা বুলি কয় যে।' ৰাজ্যৰ কেইবা ঠাইৰো মাষ্টৰে সৰ্বশিক্ষাৰ কিতাপ জ্বলাই দিয়া, পুখুৰীত ডুবাই নষ্ট কৰি পেলোৱা, ধৰা পৰি কেইবাজনো জেললৈ যোৱা, আদি বাতৰি অলিন্দই দুই-তিনিবাৰ