সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাক কেৱল যুঁজি পাৰ কৰিব লগা হয়। অযথাকৈ গুচি যায় বহু সময় ।‘প্রেমে মুক্ত কৰিবনে ইয়াৰ পৰা? সেয়া দূৰ কৰিবলৈ হয়তো প্রেমেই সহায় কৰিব! সকলো পাহৰাই নতুন মানুহ এটা কৰি তুলিব । প্রেমে যদি আত্মহত্যালৈ যাত্ৰাৰ পৰা আঁতৰাব পাৰেই, তেন্তে এইটোও পাৰিব ৷’ সি ভৱিষ্যতলৈ দৃষ্টি দিলে, সমুখত আন এটা প্রতিষ্ঠান, নতুন এখন জগত ‘এইবাৰ দুৱাৰখন খোলা ৰাখিব লাগিব, মন যদি ক'ৰবাত সংযুক্ত হয় তেন্তে সেয়া আলফুলে লৈ আগবঢ়াই লৈ যাব লাগিব, কেৱল হতাশাৰ পৰা মুক্তিৰ উদ্দেশ্যতে। ...’ পৰীক্ষা শেষ কৰি সি ঘৰলৈ আহিল। এজনী গোসাঁই ছোৱালীৰ সৈতে চন্দনৰ বিয়া ঠিক হৈছে। ‘ঢেৰ চিজিল কৰিবলৈ আছে, অলপ লাগোঁগৈ ব’ল', চন্দনে তাক বহঁতপুৰলৈ লগ ধৰিলে৷ ঘৰখনত স্কুলীয়া পাঠ্যপুথি দ ম হৈ আছে— আটাইকেইখন বিছনাৰ তলত, ধানৰ ভঁৰালত, কোনোবাটো কোঠাৰ চুকৰ বস্তাৰ ভিতৰত। কেইবাঠাইতো উঁই লাগিছে, কিতাপবোৰ আধা আধা খাই পেলাইছে। ‘এইবোৰ জ্বলাব লাগিব, কাম নাই, বাহিৰলৈ কঢ়িয়া৷' বস্তা এটাৰ এমূৰে ধৰিবলৈ চন্দনে অলিন্দক নির্দেশ দিলে। পিছফালৰ বাৰীৰ চুকত চাৰিটা বস্তাৰ কিতাপবোৰ দ'মাই চন্দনে ভিতৰৰ পৰা কেৰাচিনৰ গেলন দুটা আনিলে। দ’মটোৰ ওপৰত গেলনৰ মুখেৰে কেৰাচিন বাকি সি জ্বলালে। হালেই পুনৰ বাকীবোৰ কঢ়িয়াই জুইৰ কাষত দ’মাই থাকিল ৷ ‘ইমানবোৰ কিতাপ কিয় নষ্ট হ'ল !' অলিন্দই ক'লে । ‘নালাগে, চৰকাৰে কিতাপ ছপা কৰি আকৌ ঘপহকৈ সলাই পেলালে পাঠ্যপুথি আগৰবোৰ থাকি গ'ল।' চন্দনে ক'লে। স্কুলীয়া খবৰবোৰ অলিন্দই কেইবাবছৰ লোৱা নাই বিতংকৈ, চন্দনৰ উত্তৰটো শুনি বাদ দিলে চিন্তা ৷ চন্দনৰ ক'ৰবালৈ যাবলৈ লৰালৰি লাগিছে, অলিন্দক খৰকৈ কঢ়িয়াবলৈ কৈছে, ‘চেহ, সোনকালে যাব লাগিছিল, কেৰাচিন আৰু অলপ থাকিব লাগিছিল, এনেকৈ কমিব বুলি জনা হ’লে কালিয়েই আনি থওঁ, এইবোৰ জ্বলি শেষ হওঁতে সময় লাগিব এতিয়া !” দপদপকৈ জ্বলা জুইত কিতাপবোৰ প্ৰায় শেষ হ'ল, জুই আৰু নুনুমায়, চাৰি বস্তামান জোখৰ শেষৰটো দ’ম এফালৰ পৰা জ্বলি আছে। ‘তই আজি ৰাতি থাকিবি দেই, ম‍ই আহি আছোঁ’, অলিন্দক কৈ চন্দন ওলাই গ'ল । আতাক-আয়েকহঁত ভাগে ভাগে আছে। কথা পতাৰ অভ্যাস অলিন্দৰ প্ৰায় হেৰাই গৈছে, তেওঁলোকে কিবা ক'লে সি মাথোঁ শুনি