ভয়ত ৰাতি পূৰাকৈ শোৱা হোৱা নাই সিহঁতৰ। ৰাতিপুৱা উঠা দেৰি হৈছে। দিনটো ৰাঁই-জাঁই লাগি থকা হৈছে।
বহু দিনৰ মূৰত ৰ’দটোৱে ডাৱৰ খান্দি ফুটা উলিয়াই ইয়ালৈ আহিবলৈ চেষ্টা কৰি থকা যেন লাগিল। সুকন্যাই পায়খানা কৰি থাকোঁতেই মানুহ দুজনে মাত দিলেহি, ‘বিপুল! নেওগ ছাৰ!’ সুকন্যাই লাজতে আধা কৰাকৈয়ে সামৰিলে। বিপুলে মানুহ দুজনক চিঞৰি ক’লে, ‘অকণমান সেইফালেই ৰ’ব দেই!’
তাই লৰালৰিকৈ গাটো তিয়াই চিলিঙলৈ উঠিল। মানুহ দুজন দূৰতে আছিল, পানীৰ ওপৰত থকা বাবেহে মাতটো ওচৰত যেন লাগিছিল।
তেওঁলোক কাষ পালেহি। ‘হে ঈশ্বৰ! আমি পাতিহে আছিলোঁ— পানী ভালকৈয়ে উঠিছে! কিন্তু এনেকুৱা যে অৱস্থা ভাবিবই পৰা নাছিলোঁ নহয়! এইখন অথাই সাগৰত কেনেকৈ আছা তোমালোক! আমি এনেইহে চাবলৈ আহিছিলোঁ। দ-চাপৰি যি দ-চাপৰি ঐ!’ মানুহ দুজনে বিননি জুৰিলে।
মূধৰ মাৰলি এটাত ধৰি তেওঁলোকে নাওখন ৰাখিলে, ‘আজিৰ পৰা শুকাব বুইছা! বতৰে কৈছে। নহ’লে আমি নাৱতে তোমালোক মানুহকেইটাক লৈ যাব পাৰোঁ। কিন্তু শুকাব পানী। কাইলৈও চাওঁ, আমি আহি যাম, নুশুকালে দুয়োঘৰকে লৈ যাম। মিচিং গাঁও দুখনৰো একেই অৱস্থা চাগে? সেইফালেও এপাক যাওঁ ৰ’বা।’
‘একেই অৱস্থা সৱৰে’, বিপুলে ক’লে, ‘ইয়াৰ পৰা দেখি থকাখিনিয়েই ওলাই আছে। মূধতে মানুহবোৰ। বলিনহঁত আহি আছে দুই-এবাৰ। বহুত দিন হ’ল নহয়, খাবলৈতো বহুতৰ একোৱেই নাই। সিদিনা বলিনহঁতে মৰসাহ কৰি গৈ বজাৰ কৰি আনিলে, আমাৰো চাউলেই কমি আছিল, আনি দিলে এবস্তা।’
‘এটা কাম কৰোঁ ৰ’বা। আমি কাঠ-বাঁহ কেইটামান আৰু মানুহ দুটামানো লৈ আহোঁ। তক্তা দহখনমান গোটাব লাগিব। বাহিৰত চাং এখন কৰি দিওঁ। তোমালোক মানুহকেইটা দিনটো চাংখনত থাকিব পাৰিবা। একেৰাহে এই মূধৰ ভিতৰত সোমাই থকাতো কম কথা নহয়!’
‘বৰষুণ দিলেতো সকলো চফা। ভিতৰতে সোমাব লাগিব।’ বিপুলে হতাশাৰে ক’লে।
‘নাই, বৰষুণ নিদিয়ে আৰু। কাইলৈৰ পৰা ৰ’দ ওলাব। অকণমান সময় থাকিব পাৰিলেও তোমালোকে সুখ পাবা।’
‘সৰু ল’ৰাকণ ভালেই আছে? এই মুকলিখনত, বতাহখনত ল’ৰাটো ৰাখিব পাৰিছেহে দেই! ভাল প্ৰতিপাল কৰি ৰাখিছে দেই। আইক মানি গৈছোঁ!’ আনজনে ক’লে।