সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাক ৫৯৭ “কিয়? তালৈ গ’লে ইয়াৰ পৰা ঘৰো উঠি যাবগৈ লাগিবচোন ! ছাৰ, কিয় যায়গৈ ? এইখন ইমান ভাল কলেজ, কিমান চোকা চোকা ল'ৰা-ছোৱালী আছে। ছাৰ থাকক, আপুনি গ'লেগৈ আমাৰ বহুত দিগদাৰ হ'ব। মদাৰ্ণ এলজেব্রা, ৰিয়েল এনালাইছিছ পঢ়ুওৱা আৰু মানুহ নায়েই। এইবাৰ ক্লাছ হোৱাই নাই !' প্রকৃতিস্থ হ'বলৈ কোনেও নাপালেই, অন্ততঃ নিৰ্বাচনৰ ৰিজাল্ট দিয়ালৈকে বাকী আছেই, শিক্ষা-বৰ্ষটো শেষৰ ফালে গতি কৰিলেই, পৰীক্ষালৈ কিমান দিন! –অলিন্দ চিন্তিত হৈ পৰিল৷ ছাত্ৰৰ আদৰখিনি অনুভৱ কৰি ডিডি সন্তুষ্ট হৈছে, তেঁৱো চিন্তিত নোহোৱা নহয়— কি গতি হ’ব ইয়াত, তেওঁ গুচি গ'লে ! ‘বেলেগ মানুহ আহিব ৰ ।’ তেওঁ ক'লে । হ’লেও অলিন্দ চিন্তাত থাকিল— ঘপকৈ কোনে নিযুক্তি পাব, কাৰোবাক এনেই ভৰাই থৈ দিব, তৃতীয় বৰ্ষতো বিমূর্ত বীজগণিত আছে, ট’প’লজি আছে, সেই দুখনত কলেজৰ ইতিহাসতে কোনেও পঁইত্ৰিছৰ ওপৰত নম্বৰ পোৱা নাই, কোনোজন অধ্যাপকেও পোৱা নাই, আনকি ডিডিয়েও পোৱা নাছিল, তাকে সকলোৱে কৈ থাকে, আটাইকেইজনে ইয়াতেই পঢ়া, ডিডিয়েও কৈ ভয় খুৱাইছে কেইবাবাৰো। —ছাৰ, থার্ড ইয়েৰততো ট’প’ল’জি টান বুলি কৈছে মানুহে । আমাক এৰি নাযাব আপুনি । —তহঁতি আগতীয়াকৈ পঢ়ি থাকিবি, মৰি যাবি নহ'লে পাছত । সেইখন পেপাৰতো জানিছই কেনেকুৱা ৷’ “কিয় যায়গৈনো ?’ ‘নহয় চা, ইয়াত থাকিলে মোৰ একো নহ'বগৈ ৷ আমাৰ ইয়াত কিমান চিনিয়ৰ মানুহ আছে দেখিছই, গতিকে ম‍ই অৱসৰ ল'মগৈ, কিন্তু প্রিন্সিপাল হ'বগৈ নোৱাৰিম ৷ তালৈ গ'লে মোৰ সেই চাঞ্চটো আছে।’ ‘তেতিয়াতো পঢ়ুৱাব নালাগে, আৰু অফিচৰ কামত লাগি থাকিলে আপোনাৰ গণিতৰ কাম নহ'ব !' অলিন্দই অকণমান আচৰিত হৈ ক'লে । ‘নালাগে পঢ়ুৱাব, সেইটোৱেইতো কথা, পজিচনটোৰ কথা থাকে ন ।’ অলিন্দ চক খাই গ'ল, বহুদিনৰ মূৰত ৰাজীৱহঁত মনলৈ আহিল, ক্লাছ নকৰাকৈ থাকিব পাৰিব বাবে হেড-মাষ্টৰ হ'বলৈ কিমান যুঁজ সিহঁতৰ, এওঁলোকৰো মনত তেনেকুৱা চিন্তা থাকেনে! ডিডিক এজন গণিতজ্ঞ ৰূপে গণিততে ডুবি থকা যেন এনেইহে ভাবি আছিল নেকি সি? পালে বাৰু কৰিলেই, কিন্তু অধ্যক্ষ হ'বলৈকে কলেজ এৰি যায়গৈ নে ? গণিতৰ প্ৰতি তেওঁৰ যিটো আগ্রহ সি কল্পনা কৰি আছিল, এতিয়া সম্পূর্ণ সন্দেহজনক লাগিল। ‘ছাৰ, আপুনি পিএইচডি ক’ৰ পৰা কৰিছিল ?” “মই থেচিছ নেচনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰত প্ৰদৰ্শন কৰিছোঁ । বাৰু তহঁত ৰহঁত দেই।' তীক্ষ্ণধী যেন ভংগি এটাত খৰকৈ কৈ তেওঁ গুচি গ'ল ।