সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৯৬ কুলাংগাৰ গেটত চিঞৰি ক'বলৈ ধৰিলে। বাটেৰে সিফালৰ পৰা আহি থকা চিনাকি এটাও কাষলৈ আহিল ৷ ‘মানুহটোৱে নিজিকিব নিজিকিব বুলি ভয় খাই আছিল । ... সেয়া আপুনি উঠাৰ লগে লগে সৱ বহি দিলে। মই নকৈছিলোঁ নে জিকিবই। কাৰণ কলেজত ছায়েন্সত ছয়ত্ৰিছটা ফাৰ্ষ্ট ক্লাছ, তাৰে পঁইত্ৰিছজনী ছোৱালী, ল'ৰা অকল আপুনি, তাকো তৃতীয় স্থানত। ফাৰ্ষ্ট ইয়েৰ পাছ কৰা গোটেইখিনিৰ ভোট আপুনি পাবই, ম‍ই কৈ আছিলোঁ, আপুনি উঠিলে কোন ল'ৰা উঠিবলৈ সাহ কৰিব !” ‘এ... সৰু পদ এইটো ৷' অলিন্দই নম্ৰ ভাবত ক'লে ৷ ‘হ’লেও, ছাত্র একতা সভাত সোমালতো ।’ নিৰ্বাচনৰ ঢৌত ল'ৰা-ছোৱালীবোৰ প্ৰায়ভাগেই এনেয়ে অ'লৈ ত’লৈ খোজ দি ফুৰিছে। অলিন্দহঁতৰ কাষত কেইবাটাও ল'ৰা গোট খালে ৷ হোষ্টেলৰ ভিতৰৰ পৰা এটাই জোকাই জোকাই ওলাই আহিল, ‘তোমাৰ মামাক দেখি আহিলোঁ অলপ আগত। নিৰ্বাচনত লাগি দিবলৈ আহিছে নেকি হে, বিনা প্রতিদ্বন্দ্বিতাৰে জিকাৰ পাছতো ! ... কেইবাদিনো দেখিছোঁ, আজিকালি হোষ্টেলত নোসোমাই দেখোন ! ‘মোমায়েকে সদায় ইয়াত ডাঢ়ি কটাবলৈ আহে, আগবেলা এসপ্তাহৰ ডাঢ়িখিনি দেখোঁ, পাছবেলা মিলমিলীয়া হৈ যায়গৈ।' আন এটাই ধেমেলীয়াকৈ ক'লে ৷ আটাইকেইটাই হাঁহিলে । ডাঢ়িৰ কথাটো শুনিহে অলিন্দৰ মনত পৰিল, সি পাহৰি আছিল— চন্দনে ৰশ্মিক ফুচুলাবলৈ এতিয়াও ডাঢ়ি লৈ আহি আছে, হোষ্টেলত সোমাই তাক লগ কৰি যাবলৈ লাজ কৰে ! বাইকৰ হৰ্ণ মাৰি ডিডি ৰ'লহি, এনেই হয়তো নৰ'লহেঁতেন, নিৰ্বাচনৰ খবৰবোৰ পাতিবলৈ মন কৰিছে। “তই জিকিলি ন? ভালেই হ'ল, একেবাৰে ভোট গণনালৈকে বাকীবোৰৰ কম টেনচন নেকি!' তেওঁ হাঁহি মাৰি অলিন্দক ক’লে। নাক যোৱাৰ পাছতে তেওঁ আৰু এখন ছেমিনাৰলৈ গ'ল, এইকেইদিন নিৰ্বাচনৰ নামতো ক্লাছ নাই, তেওঁক বহুদিনৰ মূৰত সমুখত দেখিছে অলিন্দই। ‘...ছাৰ এইকেইদিন আমাৰ ক্লাছকে কৰিব পাৰি, অলিন্দই ধেমালি কৰি ক'লে ৷ ধেমালিতো বুজি পাই তেঁৱো হাঁহি মাৰি ক’লে, “আঁ পাৰি কৰিব!” তেওঁ গহীন হ’ল, ‘মই আকৌ নাথাকিম, কাইলৈ গুৱাহাটীলৈ যাম।' বেলেগ এটাই ক’লে, ‘ছাৰ আপুনি কলেজত আৰু নাপাবই চাগে ক্লাছ!' ডিডিয়ে মুখখন লৰাই প্রতিক্রিয়া এটা দিলে। অলিন্দৰ চকু থৰ হ'ল, একো সি বুজি পোৱা নাই। ‘কেতিয়া যাবগৈ?' ল'ৰাটোৱে সুধিলে। ‘তই ক'ত গম পালি?’ ডিডিয়ে সুধিলে। ‘পালোঁ আৰু ছাৰ!’সি ধেমেলিয়াকৈ কৈ হাঁহিলে । ‘এইটো মাহত দুটামান ক্লাছ পাম বাৰু। সিটো মাহত তাতহে কৰিমগৈ ৷ জইনটোতো এইটো মাহতে কৰিমেই।’অলিন্দই সুধিলে, “ক’লৈ যাব?’ ল’ৰাটোৱে ক’লে, “ছাৰ টেনঘাট কলেজলৈ যাবগৈ ৷’