নাক ৫৯৫ প্ৰাণ বা তীব্ৰতৰ হৈ উঠা তেজৰ ঢৌ শান্ত-প্রশমিত কৰিবলৈ সৱৰে আত্ম-প্রচেষ্টা। যি য’তে আছে সেই মতে পাই গৈছে। এনেকুৱা নহয় কিয়? নাক আহি কলেজখনত কিমান লোকচান কৰি থৈ গ'ল ! কিমান ভুৱা কামেৰে স্বীকৃতি পাব এতিয়া !’ ‘কলেজৰ হুলস্থূল তহঁতে গম পালিনে?' শেষৰ ক্লাছটো কৰি চাৰি বজাৰ পাছত কলেজৰ পৰা অহা ল'ৰা এটাই ভাত খাই থাল আওখালি থকা এটাক ডাঙৰকৈ সুধিলে । “কি হ’ল অ’?’ ‘প্রিন্সিপালৰ ৰূমত হুলস্থূল।’ ৰূমৰ দুৱাৰখন ঠেলি অলিন্দ বাহিৰলৈ ওলাই আহিল, ‘আমি এইমাত্র আহিছিলোঁহে।' “তোমালোক ক’ত এইমাত্ৰ আহিছা ! চাৰে তিনিটাত আহিছা চাগে ৷ তাৰ পাছতে ৷ সাংবাদিক আহিল ৷ লৰা-ঢপৰা। প্রিন্সিপাল ছাৰৰ কাষতে ছাঁটোৰ দৰে বহি থকাটো, পিকেডি ছাৰ, তেওঁ বাথৰুমত সোমাল । নাহিলেই ওলাই, এতিয়াও বাথৰূমতে আছে।' “হৈছিল কি?” “কি হ’ব আৰু ! টকাৰ দুই নম্বৰী কৰি আছিল। ফাইল-চাইল লৈ বাথৰুমত সোমালেই সেইজন, বাহিৰত কিমান ফাইল পালে নাজানো। আমি ৰৈছিলোঁ, পঠিয়াই দিলে আমাক। এতিয়াও আছেই সাংবাদিক, কোনোবাই মাতি দিলে। এতিয়া বেলেগ বেলেগ ছাৰহঁতো গোট খাইছে, মেনেজ হৈ যাব চাগে।’ অধ্যক্ষজন যাবলৈ দুসপ্তাহমান আছে, কলেজৰ নিৰ্বাচনো আহি আছে, নির্বাচন নতুনজনে পাব, কিবা এটাত উঠাৰ ইচ্ছা এটাই অলিন্দৰ মনত খেলাই গ'ল। সৰুকৈ হ'লেও এটা পদ যদি সি ল'ব পাৰে, তেতিয়া কথা কোৱাৰ আত্মবিশ্বাসটো আহিব যেন লাগিছে। কিন্তু পদ লোৱাৰ পাছত আত্মবিশ্বাস আহিবলৈ প্ৰথমে পদটো পাবতো লাগিব, তাৰ বাবেওতো কথা ক'ব লাগিব। শীর্ণ গাটোৰ বিষয়ে ভাবি সি হীনমন্যতাত কোঁচ খাই গ'ল— দুৰ্বল চেহেৰাটো দেখিয়েই কোনেও ভোট নিদিব নেকি, সকলোৰে লগত ভালকৈ থাকিও নিখুঁত বন্ধুত্ব কাৰোৰে লগত যেন কেতিয়াও গঢ়ি নুঠিব নিজৰ অন্যমনস্কতাৰ বাবেই বা কাষত কোনো নৰ'লেও স্বয়ং-সম্পূর্ণ যেন ধৰণ কৰণৰ বাবেই, ভোট দিবনে সিহঁতেও, জিকিবনে সি লগ নোহোৱাকৈ ! সি সমাজ সেৱা পদত মনোনয়ন-পত্র জমা দিলে । পদটোত প্রতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা আন দুটা ল'ৰাই সেইবাবে জমাই নিদিলে। অন্তিম সময় সাৰি যোৱাত জয়ৰ নিশ্চিতি লৈ সি হোষ্টেললৈ অকলে আহি আছে। তাৰ সপোন সপোন লাগিছে— কোনোবাই তাকো গুৰুত্ব দিয়ে, কোনোবাই তাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সংকোচো কৰে !‘সেয়া ! বাহ বাহ! ব’লক ব’লক, কিবা এটা খুৱাব আমাক', খবৰটো পোৱা এটাই হোষ্টেলৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৬০৪
অৱয়ব