নাক ৫৯৩ অলিন্দহঁতৰ মাজত কোনো নাই। বেলেগ বিভাগৰ কেইটামান মাৰ্চ-পাষ্টৰ পৰা ওলাই গ'ল ৷ প্ৰতিবাদকাৰী দলটো আগুৱাই যাবলৈ ধৰিলে । নিশ্চিতকৈ সিহঁত অধ্যক্ষৰ অফিচৰ মুখলৈ গৈছে। প্ৰতিবাদৰ বাতৰিটো কাকতত নোলাল। কিয় নোলাল অলিন্দহঁতৰ কাণত পৰাহি নাই। অধ্যক্ষৰ কাহিনীবোৰ লুকুৱাই ৰাখিব খোজা হৈছিলেই, কিন্তু প্রতিবাদ কিয় কাৰ নির্দেশত ছাত্র-সংগঠনটোৱে কৰিলে সিহঁতে বুজা নাই । একেবাৰে ওপৰত আছে কোন ? সৰৱ চৰ্চাবোৰে একো সিদ্ধান্ত দেখুৱাব পৰা নাই অলিন্দহঁতক । দুদিন পাছত পুৱা, অলিন্দই কাকতত দেখিলে, অধ্যক্ষই ছাত্র-সংগঠনটোত যোগদান কৰিছে। সংগঠনটোৰ প্ৰতীক ডিঙিত লৈ অধ্যক্ষৰ ফটো প্ৰকাশ পাইছে। কাষত প্ৰতিবাদ কৰা ছাত্র-নেতাকেইটামান । সি চিঞৰি হোষ্টেলৰ ল'ৰাবোৰক মাতি দেখুৱালে । “ইয়াত জইন কৰি দিলে, এতিয়া নিজৰ দলৰ হৈ গ'ল, গতিকে প্ৰতিবাদ নকৰে আৰু। নাক অহালৈ শান্তি। নাকৰ পাছতে তেওঁ ৰিটায়াৰেই হ'ব। বাচি গ'ল !” ‘হ’লেও বুঢ়া প্রিন্সিপাল এটা, ছাত্র-সংগঠনত যোগ কৰিছে নে ! ” ‘ঐ, লিখিছেই লিখিছেই চা এয়া, বাতৰিত চা— জ্ঞান আহৰণ দুৱাৰ সদায় খোলা ৰাখিলেহে এজন শিক্ষক প্ৰকৃত শিক্ষক হ'ব পাৰি, সেই আৰ্হিত এজন শিক্ষকো সদায় ছাত্র, সেয়েহে শিক্ষক ছাত্র-সংগঠনত ভৰ্তি হ'ব নোৱাৰিব বুলি কথা নাই', এটাই পঢ়ি শুনালে ৷ ‘চালা ...’, এটাই ধাৰাবাহিকভাবে পোন্ধৰটামান অশ্লীল মাত মাতি থাকিল ৷ ‘এতিয়া দুয়োটা পক্ষৰে লাভ । প্রিন্সিপালক প্ৰেচাৰ দি দললৈ নি ল'লে, তেওঁ দলৰ কাম কৰি থাকিব। তেঁৱো দলত সোমাই দিলে, গতিকে কলেজৰ দুৰ্নীতি কৰি থাক, কোনেও একো নকয় ।' নাকৰ সদস্য তিনিজনে উভতি যাবলৈ ধীৰে ধীৰে খোজ পেলাইছে। অধ্যক্ষ, কেইজনমান অধ্যাপক, ছাত্ৰ একতা সভাৰ সদস্য তিনিজনমান, আৰু এনচিচিৰ কেদাৰ কেইজনমানে গেটলৈকে আগবঢ়াই দিবলৈ লগে লগে আহি আছে। মেজৰৰ দুটা ক্লাছ শেষ কৰি বেলেগ ফালে যাবলৈ আহি অলিন্দহঁত কেইটামান সমুখতে ওলাল ৷ সিহঁত এতিয়া পলাব নে ৰৈ দিব দোধোৰ-মোধোৰত পৰিল। দেখা পালেই, পলাব পৰাৰ উপায় নাই, পাছত হয়তো কোনোবা অধ্যাপকৰ গালি খাব লাগিব। এইকেইদিন এনেদৰে নোলাবলৈ, কলেজৰ ভিতৰত সমূলি এনেই নৰ'বলৈ আৰু কলেজৰ বাহিৰতো কাষতে নাথাকিবলৈ সিহঁত সৱকে আগৰ মিটিংবোৰত সকীয়াই থোৱা আছিল। অফ পিৰিয়ডত
পৃষ্ঠা:কুলাংগাৰ.pdf/৬০২
অৱয়ব