সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
এটা পায়খানা তিনিটা নিয়ম

পৃথিৱীত মানুহবোৰ আছে নে? পৃথিৱীখন ধ্বংস হ’বলৈ ওলাইছে নেকি? সেইটো খবৰকে কোনে ক’ৰ পৰা আনি দিব?’ বিপুলে নেদেখাকৈ সুকন্যাই চকুপানী টুকিছে। কেনেবাকৈ সি দেখিলে এটায়ো কান্দোন ধৰি ৰাখিব নোৱাৰিব। পানীত দূৰৰ গাঁও দুখনৰ মাত-কথা, দাৰ ঘাপ একোটাৰ শব্দও আহি ইয়াত পাইছেহি, কান্দোন কিমান দূৰলৈ ফাটি যায় ঠিক নাই। তাই চম্ভালি আছে নিজকে।

 বিপুলে সোঁতৰ দিশত দুটা খুঁটা পুতি নাওখন দুয়ো মূৰে বান্ধি থৈছে, যাতে সোঁতত ইফাল-সিফাল কৰি এটা মূৰে ঘৰটোত খুন্দিয়াব নোৱাৰে। ৰাতিপুৱা সি এটা মূধৰ বেৰখন খোলে, আৰু বাঁহ এডালৰ এটা মূৰ নাওখনৰ টিঙত থকা ৰছী এডালত হাঁকুটিয়াই পাক খুৱাই লৈ আনটো মূৰ ঘৰটোত বান্ধি লয়। তাতে ধৰি ধৰি পানীৰে গৈ সি নাৱত উঠেগৈ। সাঁতুৰিব পাৰে সি, কিন্তু ইমান দ পানী, গোটেই মুকলি, তলত পলস, কেনেবাকৈ সোঁতত উটি গ’লে কি হ’ব!

 নাওখনত প্ৰথম উঠি লোৱাৰ আগতেই বা পাছতেই সি কিহবাত ধৰি লৈ ডিঙিলৈকে গাটো পানীত ডুবাই দিয়ে, যেন অদৃশ্য কোনোবাই মনে মনে দেখি থাকিলেও তাৰ গাৰ সঞ্চালন বুজি নাপাওক, সি পিন্ধি থকা চুৰিয়াখনৰ পোন্ধটো এহাতে খুলি কঁকাললৈ উঠায়, আৰু পানীৰ তলতেই পায়খানা ত্যাগ কৰে। মলবোৰ ওপৰলৈ উঠি গাত লাগিবলৈ নাপাওঁতেই সোঁতে ঠেলি লৈ গুচি যায়।

 সি আজৰি হৈ নাওখন মূধলৈ পথালিকৈ লৈ আনে, দুয়োমূৰে নাওখন জোখত বান্ধি লৈ এফালে সি ধৰি থাকে। সুকন্যাই এখন ভৰি নাৱত আৰু আনখন ভৰি চ’তিটোত ৰাখি এখন হাতেৰে মূধৰ খুঁটাটোত টেপা মাৰি ধৰি লয়, আনখন হাতৰে তাই মেখেলা-চাদৰখিনি অলপমান কোঁচাই লৈ পায়খানা কৰে। সেইখিনি সময়ত বিপুল-বাবাই তাইলৈ পিঠি দি থাকে। তাই পায়খানা কৰা নেদেখিবলৈকে নেওগৰ ঘৰৰ পৰা নেদেখা মূধটো সিহঁতে বাচি লৈছে। কোনেও নেদেখোঁতে মানুহজনী টুপুং কৰে বুলি বিপুলে প্ৰমাদ গণি থাকে। সুকন্যাৰো ভয় লাগে, তাতোকৈ বেছি তাইৰ লাজ লাগে— ওপৰটো গোটেই মুকলি, তলটো পানীৰে সম্পূৰ্ণ সমান, আকাশৰ তলতে গোটেই পৃথিৱীখন এটা পায়খানাৰ নিচিনা লাগে তাইৰ। গা ধোৱা কামটো তাই মেখেলা-চাদৰেৰে সৈতে নাৱৰ ওপৰতে যেনে-তেনে কৰে।

 বাবাৰ ব্যৱস্থাটো নাৱৰ পৰাও হয়, মূধৰ পৰাও হয়। কোনোবা এটাই তাৰ হাত দুখনত ধৰি, ভৰি দুখন এঠাইত থ’বলৈ দি গাৰ মাজটো বেঁকা কৰি দিয়ে।

 বোকা পানীবোৰেৰে গা ধুই ধুই সিহঁতৰ ছালত তৰপ বান্ধি গৈছে। খাবলৈকে পানীৰ অভাৱ। বাল্টিত জমা কৰি থ’লে দিনটোৰ মূৰত এফাল গেদ বহে, ওপৰৰ এফাল বেলেগ এটা বাল্টিলৈ বাকি গৰম কৰি খায়। তাৰ পাছতো বাচন-বৰ্তনত চেকা লাগিছে। খৰিতো নায়েই, কেৰাচিনো শেষ হ’বগৈ এতিয়া!