সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাক ৫৮৫ পাছত পৰস্পৰৰ কুটিল চিন্তা, কোনোবাই আন দলৰ একেই ধৰণৰ ভণ্ড নেতা একোটাৰ ভক্ত হৈ দুজনমানৰ সৈতে সকামৰ বাকীবোৰক বলকি বলকি যায়, সকামবোৰ কাৰোৰে মনৰ শুদ্ধি নহৈ ঈশ্বৰলৈ যেন ঘোচহে। ঘৰৰ পৰা কলেজলৈ আহি অলিন্দই দেখিলে, এক প্ৰকাৰৰ উত্তেজনা চলি আছে। ছাত্ৰ একতা সভাৰ আহ্বানত দুপৰীয়া প্ৰেক্ষাগৃহত এখন মিটিং হ’ব, সকলো ছাত্ৰ-ছাত্ৰীকে থাকিবলৈ ক্লাছে ক্লাছে ইটোৱে-সিটোৱে খবৰ দি গৈছে। এটা সৰু অনুষ্ঠানৰ নিচিনাকৈ খবৰটোত কৈছে যদিও লগত আছে সামান্য ইংগিত। ডাঙৰ কিবা এটা হ'ব বুলি ভিতৰি চৰ্চা চলি আছে। অধ্যাপকসকলেও বাহিৰত ইংগিতময় কথা পতা দেখা গৈছে, কোনোবা কেইজনমান গ্ৰুপ হৈ ছাত্ৰ একতা সভাৰ ইজন-সিজন ছেক্ৰেটাৰীক টপককৈ কিবা একোষাৰ কৈছে, কিন্তু ছাত্ৰৰ পৰা আঁতৰিও থাকিব বিচাৰিছে। এটা ছেক্ৰেটাৰীক ওচৰতে পাই অলিন্দই পুনৰ ক'লে, “ৰিডিং ৰূমটো খোলাৰ বিষয়েও আজি উলিয়াবা।’সি হ’ব বুলি কৈ গ'ল। নিৰ্দিষ্ট সময়ত প্ৰেক্ষাগৃহটো ভৰ্তি হৈ পৰিল, মঞ্চলৈ ছাত্ৰ একতা সভাৰ সকলো উঠি গ'ল, অধ্যক্ষও কেনিবাদি আহি মঞ্চলৈ উঠিল, প্ৰথমেই মাইক্ৰ'ফোনটো লৈ তেওঁ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ঘোষণা কৰিলে— ‘এইখন একতা সভাৰ মিটিংহে, তোমালোক যোৱাগৈ।’সাধাৰণ সম্পাদকজন তেওঁৰ ওচৰ চাপি গৈ মাইক্ৰ ফোনটো খুজি লৈ ক'লে, ‘নালাগে যাব, অলপ সময়হে, সকলো থাকা।' অধ্যক্ষই মাইক্ৰ'ফোনলৈ ডিঙি হাওলাই ক’লে, ‘তেন্তে মই সভা ভংগ বুলি ঘোষণা কৰিছোঁ, মই অনুমতি দিয়া নাই।' সাধাৰণ সম্পাদকজনে তৎক্ষণাৎ কাগজ এখিলা দাঙি জোকাৰি দেখুৱালে, তেওঁৰ মাতটো ডাঙৰ হ’ল, ‘আমাৰ হাতত ছাৰেই দিয়া অনুমতি-পত্ৰ আছে, গতিকে আমি সভা পাতিম।’ অধ্যক্ষজনে আৰু কিবা ক'বলৈ পুনৰ মাইক্ৰ’ফোনটোত ধৰিলে, সাধাৰণ সম্পাদকজনে নিদিয়া হ'ল, দুয়োৰে টনা-টনি লাগিল, যেন সৰু ল'ৰা-ছোৱালী এহালে কাজিয়া লাগি কলম এটা পাৰে মানে টানিবলৈ ধৰিছে, ছাত্ৰ-ছাত্ৰীবোৰে হৈ-হাল্লা কৰিবলৈ ধৰিলে, কোনোবা এটা দৌৰি গৈ মাইক্ৰ’ফোনৰ ষ্টেওডাল আঁজুৰি লৈ গুচি আহিল, মাইক্ৰ'ফোনটো সৰি পৰিল, সাধাৰণ সম্পাদকজনে থপিয়াই ধৰি নিজৰ মুঠিত ৰাখিলে। বাৰে বাৰে খুজিলে অধ্যক্ষই, সাধাৰণ সম্পাদকে মান্তি নহৈ হাতখন আঁতৰলৈ দি মূৰ জোকাৰি থাকিল, অধ্যক্ষই মোবাইলটো উলিয়াই টিপি টিপি নামি গ'ল। সকলোৱে বুজিলে, তেওঁ পুলিচলৈ ফোন কৰিছে। কলেজত মোবাইল কেৱল অধ্যক্ষৰহে আছে, তেওঁ কাণত লগাই কথা পতা দৃশ্যটো ক্ষমতাৰ নৱতম প্ৰতীক যেন দেখা গৈছে, কিন্তু কোনেও ভয় নকৰি ৰৈ থাকিল। সাধাৰণ সম্পাদকে অনুষ্ঠান আৰম্ভ কৰিলে, তেওঁ ক'লে যে তেওঁ মাথোঁ দেখুৱাব খুজিছে কলেজখনত কিমান টকাৰ দুৰ্নীতি হৈছে। কিছুমান কাগজ দাঙি দেখুৱাই তেওঁ কৈ