সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাক “ছিগিব যেন লাগিছে। কিন্তু দেৰি হ'ব অলপ! ‘ডাঙৰ বাইদেউ!’শিল্পীয়ে ভিতৰৰ পৰা ওলাই সুকন্যাক মাতিলে। ৫৮৩ ‘অঁ এইবোৰ কি কথা!’ সুকন্যাই চক খাই হাঁহিবলৈ ধৰিলে। তিনিওজনীয়ে ঢেঁট টেটকৈ চিঞৰি হঁহাত লাগিল। ৰেণু আৰু শিল্পী একেলগে আহিছিল, সুকন্যা ওলাই বাহিৰ নাপাওঁতেই শিল্পী পিছফালেদি সোমাই প্ৰস্ৰাৱ কৰি আহিল। অলিন্দহঁতো বাৰাণ্ডা পালেহি। “তই ইমান ফোঁপাইছ! বয়স হ'লে থিয়কৈ নাবাঢ়ে কাৰণেই পথালিকৈ বাঢ়িছ নেকি বাৰু তই! ইমানজনী হৈছ, বহিয়েই থাকিব পৰা নাই দেখোন!’সুকন্যাই ৰেণুক ক'লে। —ভকতে খুৱাইছে! নাবাঢ়ি কি কৰিম! ‘কিনো কথা কৱ অ’!' শিল্পী প্ৰতিবাদ কৰা ভংগিৰে ক'লে। ‘সঁচাটোকে কৈছোঁ। মিছা কৈ কি লাভ, সৱেই জানে ভকতে ৰাখিছে ৰাণী কৰি। ভকতে মোক কিমান দিছে বুলি ভাবিছ? ইয়ালৈ আহিবলৈ সিদিনা নতুন ব্ৰাটো কিনিছোঁ, পাঁচশ টকা। কপাল আছে কাৰণেহে পিন্ধিবলৈ পাইছোঁ।’ ‘ধেৎ, এইজনীৰ যে মুখখন একেই আছে হেৰৌ! ছোৱালীকালৰ দৰেই মুখত যি আহে তাকে কয়!’সুকন্যা-শিল্পীয়ে এবাৰ অলিন্দহঁতলৈ ঘূৰি চাই হাঁহিবলৈ ধৰিলে। সিহঁত দুটাই নুবুজা লেখীয়াকৈ গহীন হৈ থাকিল। ৰেণুৱে ৰসিকতা কৰি ক'লে, “ফুটনি মাৰিছোঁ দে অকণমান! আৰুনো ক'ত মাৰিম! পাঁচশ টকীয়া ব্ৰা অ’এনজিচিৰ চাকৰিয়ালকেইটাৰ ঘৈণীয়েকবোৰে পিন্ধে। আমাৰ মানুহকেইটাই পিন্ধাব পাৰিলেহেঁতেন নে? ভকতে খুৱাই আছে কাৰণেহে পাৰিছে। —ভকতে এইবোৰ শুনিলে তোক এপইচাও নিদিয়ে ৰ!’শিল্পীয়ে জোকালে। ‘হে, দিব! আমাৰ ভকতগালৰ ভক্তি হ’বলা কম! দিবই। পিচে, ময়ো জেঠীকেইটা চাই লৈহে কৈছোঁ দেই!” কথাষাৰ লগে লগে বুজিব নোৱাৰি সুকন্যা-শিল্পীয়ে মূৰ ঘূৰাই-পকাই বেৰবোৰলৈ চালে। বগাই থকা জেঠীকেইটাই অৱশ্যে টিক টিক টিক নকৰিলে। আকৌ তিনিওজনীয়ে উন্মাদ যেন হৈ হাঁহিবলৈ ধৰিলে। “এই যোৰততো লৈছে চাগে এমুঠি!' চাদৰ-মেখেলা যোৰলৈ দেখুৱাই সুকন্যাই গহীনাইক’লে। ‘দেখাতেই কয়!' শিল্পীয়েও লগতে ক'লে। সিহঁতে আগ্ৰহেৰে বৃহৎ দামটো জানিব বিচৰাত ৰেণুও অলপ গম্ভীৰ হ'ল, ‘ভালকেই পৰিছে এইযোৰতো...' “বল ব’ল, ভিতৰলৈ ব'ল। কিমানদিন থকাকৈ আহিলি তই? আৰু কোন কোন আহিছে?'