সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮১ নাক “তোমালোকক কিমান ক'ব লাগে— ৰিডিং ৰূম বন্ধ! সেইখন নটিছখন, দেখা নাই নেকি!' দ্বিতীয় এদিন অলিন্দক ৰূমটোৰ সমুখ ভাগৰ গ্ৰীলৰ ভিতৰত দেখি কেৰাণী এজনে কাঢ়াকৈ ক'লে। সি বাহিৰলৈ ওলাল। ৰূমটো বহীৰ গুদাম কৰা হ'ল, কথাটো জানিও দুই-এটা ল'ৰা-ছোৱালীয়ে আহি আহি সুধি থকা বাবে তেওঁ বিৰক্ত হৈছে। ভিতৰত কামত লাগি থকা আন এজন কেৰাণীয়ে টান মাতটো শুনি ওলাই আহিল, ‘অ’তুমি আহিছা!” তেওঁ অলিন্দক ধুনীয়াকৈ মাতি সহকৰ্মীজনক ক’লে— “এওঁলোকে ৰেগুলাৰ ৰিডিং ৰূমলৈ আহি থাকে যে, সেইকাৰণে অসুবিধা পাইছে। এওঁলোকক বেয়া পাব নোৱাৰি।' তেওঁ অলিন্দৰ কাষ চাপিল, ‘ভাইটি, এইটো ষ্টুডেণ্টৰ কাৰণে নহয় আৰু!’ ‘বেলেগ ঠাইত দিব নেকি? ‘এইবাৰতো নাক আহিব, প্ৰিন্সিপাল ছাৰ কিমান বিজি দেখিছাই! দিব যেন মইতো দেখা নাই।' বহী থ'বলৈ বেলেগ ৰূম নথকা নহয় দেখোন! কলেজ এখনৰ ৰিডিং ৰূমটোহে বন্ধ কৰিবলৈ পালে নে! ছাত্ৰ একতা সভায়ো কোৱা নাই কিয়? অধ্যাপকসকলেও ভবা নাই নে! পৰিচালনা সমিতিত থকা প্ৰাক্তন অধ্যাপককেইজনমানে ছাত্ৰ-ছাত্ৰীক অজস্ৰ উপদেশ দি বক্তৃতা দিয়ে, কলেজৰ চৌহদত ক্ষমতা দেখুৱাই যিটো ধৰণে ঘুৰে দেখাত মাফিয়া যেন লাগে, তেওঁলোকেও এইটো দেখা নাই নে! অলিন্দৰ মনতে খং উঠিছে। একো নকৈ সি গুচি আহিল। অধ্যক্ষক ক'বলৈ মন কৰিও সি নিজকে ক্ষুদ্ৰ যেন অনুভৱ কৰিছে। কিবা প্ৰতিবাদ কৰাটো বাদেই, এনেকুৱা সমস্যাত মনলৈ অহা যিকোনো সু-পৰামৰ্শ বা বক্তব্য প্ৰকাশ কৰিবলৈ সি অপৰাগ যেন অনুভৱ কৰা হৈছে। কিহবাৰ সমুখত থিয় হ'বলৈ বাধা দি হীনমন্যতায়ো অহৰহ মূৰত টুকুৰিয়াই থাকে। সমাজত বা ঘৰত সি দেখুৱাই দিব বিচৰা বহু কথা কেৱল এৰি এৰি যাবলৈ বাধ্য হৈ তাৰ যেন মুখ জপাই থকাটো অভ্যাসতে পৰিণত হ'বগৈ। কেনেকৈ কি ক'ব সি জুকিয়াব নোৱৰা হৈছে। ছাত্ৰ একতা সভাৰ ল'ৰা এটাক সমুখত পাই সি ক'লে, ল'ৰাটোৱে ক'ম বাৰু বুলি গুচি গ'ল, অলিন্দই আশা নেদেখিলে।