সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
কুলাংগাৰ

 ‘বিপুল’, আগফালে ঘৰটোৰ কাষতে খুঁটি এটা কচালি কচালি পুতি নাওখন বান্ধিবলৈ চেষ্টা কৰি নেওগে মাত লগালে। দুপৰীয়া সময়। চিপচিপীয়া বৰষুণ। বতৰ চাই আবেলি নে ৰাতিপুৱা ধৰিব নোৱাৰি।

 নাৱৰ পৰা পানীলৈ নামি নেওগে খোজ দি দি ঘৰৰ ভিতৰলৈ সোমাল। পানীৰ তলৰ বোকাত ভৰি সৰু গাঠিলৈকে সোমাইছে। গাটো পুনৰ চেঁচা লাগি গৈছে। বেৰৰ লেও সৰিবলৈ বাকী নাই, সোঁতে ঘৰৰ ভিতৰতো তেওঁৰ গাত হেঁচা এটা দিছে। তেওঁ বিচনাৰ সমুখ পালেহি। ‘পানী আৰু উঠিব, বুজিছানে?’ তেওঁ বিপুলক ক’লে।

 ‘ছাৰ বেলেগ কাণ্ড এটা হৈছে নহয়! মানুহ উঠি থকা বাবে বিচনাৰ খুঁটাবোৰ তললৈ বহি গৈছে নহয় বোকাত!’ বিপুলে ভয় খাই ক’লে।

 তেওঁ ওপৰলৈ চালে। ‘তোমালোকৰো চিলিংখন মজবুতেই। মই এতিয়াই পাৰিলে আমাৰ এওঁক চিলিঙলৈ উঠামগৈ, তাকে ভাবি আহিছোঁ। ৰাতিয়েই ওপৰৰ বিছনাতো পানী উঠিবই, তেতিয়া কি কৰিবা? দুইটা লাগো, নে কি কোৱা? বাঁহ-কাঠ কেইডালমান চিলিঙৰ তলত পথালিকৈ সুমুৱাই মানুহ থাকিব পৰা কৰি দিওঁ!’

 নেওগৰ কথা শুনি বিপুলে সুকন্যাৰ চকুলৈ চালে— কামটো উচিত নে অনুচিত সুকন্যাই কি কয়।

 বিপুলৰ ভাবটো বুজিব পাৰি সুকন্যাই কাৰোলৈকে নোচোৱাকৈ লাহেকৈ স্বগতোক্তি কৰাৰ দৰে ক’লে, ‘উপায়তো নাই, সেইটোৱেই কৰিব লাগিব!’ লগে লগে বিপুলে সন্মতিৰে নেওগলৈ চালে। চিলিঙত উঠিলেও অকণমানি মূধটোত দিন-ৰাত কেনেকৈ পাৰ কৰিব পৰা হ’ব? তাৰ চিন্তা লাগিছে। কিন্তু বেলেগ উপায় আৰু একো নাই এতিয়া।

 নেওগে ক’লে, ‘ব’লা, মোকো অকণমান লাগি দিয়াগৈ। মই বাঁহ তিনিডাল উঠাই থৈ আহিছোঁ। তক্তা দুচটামান তুমি লৈও আহিব পাৰিবা।’

 বিপুল নামি গ’ল।


 চিলিঙত আঠ দিন পাৰ হৈ গ’ল। এবেগেত তলেৰে পানী, কোনোদিন যেন নুশুকাবই। মূধৰ জলঙাৰে চৌব্বিছ ঘণ্টাই চকুত পৰে কেৱল সোঁত, দূৰে দূৰে ওপৰলৈ ওলাই থকা নলৰ আগ কেইটামান এমুঠন ওখ ঘাঁহৰ দৰে হৈ সোঁতৰ সৈতে যুঁজি থাকে অহৰহ, এফালেদি গাঁও দুখনৰ বাকী থকা ঘৰকেইটাৰ নিৰ্জীৱ মূধবোৰ।

 মানুহৰ সৈতে ভাগি পৰাৰ ভয়ত চিলিংখনলৈ বেছি বস্তু উঠাবও নোৱাৰিলে সিহঁতে। আলমাৰি-মিটশ্বেফবোৰ পানীত ডুবি আছে, খুৰাবোৰ বোকাত পোত গৈছে, কিমান বস্তু— কাপোৰ-কানি, কিতাপ-আলোচনী নষ্ট হ’ব ঠিক নাই। জুয়ো ডাঙৰকৈ জ্বলাব নোৱাৰি, ওপৰৰ টিঙত লাগিবগৈ। ‘বাহিৰৰ জগতখনত কিবা মহাপ্ৰলয় চলি আছে নেকি বাৰু?