896 কুলাংগাৰ কৰিছে, বাৰে বাৰে জোকাৰিছে, ৰশ্মি হেৰাই থাকিব যেন ভাবত তাই গৈ থকাৰ ফালে দুই-এবাৰ চাইছে, অলিন্দক এৰি গুচি যাবও পৰা নাই। সি অধিক লজ্জিত আৰু উৎকণ্ঠিত নহ'বলৈ অলিন্দই মুখখন প্ৰতিক্ৰিয়াহীন কৰি ৰখাৰ চেষ্টা কৰিলে৷ ‘মোৰ মেজৰৰ পৰীক্ষা শেষ হ’ল। আজিয়েই ঘৰলৈ যামগৈ, এতিয়া সোনকালে ঘুৰি আহোঁগৈ দেই।’অলিন্দই তাক বেছিপৰ ৰখাই শাস্তি দিব নিবিচাৰি নিজে গুচি গ'ল। অকণমান গৈ অলিন্দই উভতি চালে, ৰশ্মিয়ে তাইৰ হোষ্টেলৰ গলিটোলৈ সোমাইছে, চন্দনে তীব্ৰ গতিৰে খোজ দি লগ পাওঁ পাওঁ হৈছেগৈ। ‘এই এটা মাথোঁ ক্ষুদ্ৰ ক্ষণ! এইটো ক্ষণ প্ৰতিৰোধৰ বাবেই মোৰ জীৱন ওলট-পালট হৈ গ'ল!' চন্দনৰ ক্ষন্তেক পূৰ্বৰ তৎপৰ আচৰণখিনিয়ে অলিন্দক ছানি ধৰিলে, “এইটো ক্ষণ নাপাবলৈকে চক্ৰান্তখন যে কৰিছিল! কি ধৰণে থানবান কৰি পেলালে মোৰ গোটেই ভাবনাক আৰু আকাংক্ষাক! লক্ষ্য-উদ্দেশ্য লৈ থকা মানুহটোক খেয়ালি, উদাস, আৰু হতাশাৰ সৈতে অহৰহ যুঁজ দি থাকিবলগীয়া এটা জীৱলৈ পৰিৱৰ্তন কৰি পেলালে! মোৰ জীৱনৰ গতিয়েই সলনি হৈ পৰিল। মেট্ৰিক পাছ কৰিয়েই ইয়ালৈ অহা হ'লে এইদৰেই এজনীৰ কাষ এৰি সি মোৰ মুখামুখি হ'ব লাগিলহেঁতেন চৰম লাজত বা ভণ্ডামি ধৰা পৰাৰ গ্লানিত। সেইটোৰ সম্ভাৱনা ৰুধিবলৈকে কি কি কৰিলে! আজি বাস্তৱত উৎপত্তি হৈ গ'ল পৰিস্থিতিটো! উঃ! যেন প্ৰতিমাত প্ৰতিবিম্বিত সেই তেতিয়া ঘটিবলগীয়া ৰূপ! চাবলৈ গ'লে, আজি মোৰ আগত সি ইমান বেছি লাজ কৰিবলগীয়া আছিল কি! মইতো ঘৰৰে মানুহ, জানিছিলোঁৱেই সকলো কাহিনী... ডাঢ়ি কটাই গধূলি চন্দন উভতি আহিল। উশাহ নসোলোৱাকৈ কিছু কথা সুকন্যাৰ আগত ক'লে। ‘আকৌ কেতিয়া যাবি? পাছকচ কেতিয়া? তাই তাতে থাকিব চাগে? ই কৈছেহি— পাই আহিছোঁ দুয়োটাকে।' ‘কলেজৰ পৰা আহি গলিটোত সোমাবলৈ অকণমান বাকী, সেইখিনিতে গৈ বাবা ওলাইছেগৈ!' কৈয়েই চন্দনে লাজত সশব্দে হাঁহি মাৰিলে। হাঁহি ওলাবলগীয়া আন কথা নাই, তাই উভতি অহাৰ আশা সম্পূৰ্ণৰূপে শেষ, সি পুনৰ সুকন্যাক কৈ থাকিল কথাবোৰ। তাৰ লজ্জাৰ হাঁহিটোৱে অলিন্দৰ মনত আকৌ খুন্দিয়ালে। হতাশা বা গৰ্ব — একো ভাব সি আহিবলৈ নিদিলে, তিনিবছৰৰ আগলৈ বেজাৰেৰে মনত পৰিল, তথাপি সি নিজক বুজালে, ‘ভাবিলে নিজৰে কষ্ট। যিটো সময়, যিটো জীৱনধাৰা বিচৰা মতে পোৱাকৈ এতিয়া আৰু ঘূৰি নাহে।' এসপ্তাহৰ পাছত, বজাৰত অলিন্দই মৃদুলা হায়াৰ ছেকেণ্ডাৰীৰ সহপাঠী বিৰিঞ্চিক লগ পালে। দুবছৰৰ মূৰত পাইছে। তাকে লৈ ময়ূৰীহঁতৰ ঘৰলৈ যোৱাটো সি ভাবি আছে,
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৮৭
অৱয়ব