সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বপ্নহীনতা ৫৭৫ অলপ নিৰীক্ষণ কৰিলে। সি আকৌ ক’লে, ‘আৰু এটা কওঁ! কচুপাতত পৰি থকা পানী কেনেবাকৈ লৰিলে আন এটা পাতলৈ বাগৰি থপককৈ সৰি পৰা দেখিছেনে? আনটো পাতত পৰি আকৌ টোপোলা হৈ ৰৈ যায়। দেখা পালেই মোৰ এনেকুৱা লাগে যেন বীৰ্য অলপ এঠাইৰ পৰা ওলাই গৰ্ভত থপকৈ পৰিছে! কেইবাদিন ধৰি মনলৈ আহি মোৰ পঢ়াত আমনি কৰি থাকে। ছোৱালীৰ কাষত ম‍ই ৰ'বই নোৱাৰোঁ।’ “বাৰে বাৰে মনলৈ অহা ভাব খেদিবলৈ সি উপায় কাৰ পৰা বিচাৰিছে চোৱাচোন! ” অলিন্দৰ মনতে অকণমান হাঁহি উঠিল। ক্ষন্তেক আগলৈকে তাৰ মনলৈ প্ৰধান- শিক্ষকজনৰ কথাটো আহিয়েই আছিল। কেইবাদিনো গ'ল যদিও সি মুক্ত হ'ব পৰা নাই। বাকীবোৰ আছেই। ল'ৰাটোৰ ৰিজাল্ট ভাল। এইবাৰো ভাল কৰিব। এইটো সি হয়তো বেলেগক সুধিব নোৱাৰিব, ডাঙৰকো নোৱাৰিব, ফলত পঢ়িব নোৱাৰি ৰিজাল্ট ভবাতকৈ বেয়াও হৈ যাব পাৰে, আৰু বেয়া হৈ গ'লে তাৰ কাৰণ বেলেগকৈ ওলাব, পুনৰ আহি যাব তাৰ মনত আন সমস্যা! তাক কি কোৱাটো সঠিক হ'ব অলিন্দই ভাবি থাকিল। কথাবোৰ কৈ দি ল'ৰাটোৱে উদং হৈ পৰা ভাবত বহি আছে। মুখত হতাশা, অসহায়- বোধ আৰু কেইবা বছৰীয়া অপৰাধ-বোধখিনি ফুটি উঠিছে। অলিন্দই ইতিকিং নকৰিব যেন বিশ্বাসটো হেৰাই যোৱা নাই, তথাপি ল'ৰাটোৰ ভয় লাগিছে, কিজানি নভবাকৈও আঘাত পাই যায়। অলিন্দই ক’লে, “তোমাৰ মনলৈ যেতিয়াই এইবোৰ আহে, তেতিয়া তুমি ভাল লগা বেলেগ কাম কৰিবলৈ চাবা। ভাল লগা বিষয়টো পঢ়িবা নতুবা ভাল বাহিৰা কিতাপ পঢ়িবা।’ অলিন্দই কোৱা ভংগিটো ঠিক দেখি ল'ৰাটোৱে স্বস্তিৰ নিশ্বাস পেলাই ক’লে, “ম‍ই পঢ়োঁ বাহিৰা কিতাপ।’ ‘নহয়, এনেই পঢ়িলে নহ'ব। সচেতনে পঢ়িবা। তুমি সচেতন হৈ থাকিবা যে, মনলৈ ভাবটো বেছিকৈ আহিছে, আক্ৰমণ কৰাৰ দৰে আহিছে, লগে লগে তুমি বেলেগ কামত মন দিবা। সেইটো চিন্তাত নাথাকিবাই। এটা কথা কি গম পাইছা নে, তুমি যে বালিৰ মাজৰ বনকেইডাল বা কচুপাতৰ কথা কৈছা, সেইটো তোমাৰ ভাল গুণহে। ' ‘থওক!’জীৱনত প্ৰথম প্ৰশংসা শুনাৰ দৰে ল'ৰাটোৱে আৱেগিক হৈ ক'লে, মুখলৈ হাঁহি ওলাল। “হয়। সেইবিলাক দেখি যে তোমাৰ মনলৈ বেলেগ ছবি এখন আহি গৈছে, সেইটো তোমাৰ কল্পনা-শক্তি, অপৰাধ নহয়। তোমাৰ কল্পনা-শক্তিটো অলপ ভাল বা বেলেগ ধৰণৰ। তুমি সেইটো ভাল কামত খটুৱাৰ চিন্তা কৰি থাকিবা। তেতিয়া তুমি বেলেগ ডাঙৰ কামো কৰিবগৈ পাৰিবা পাছত, সৃষ্টিশীল কাম ...’