898 কুলাংগাৰ যায়ো দেৰিকৈ, আহেও সোনকালে। আজিতো ৰাতিপুৱাই আহিল, সৱতকৈ আগত। আমি এতিয়া আহিছোঁ, বাকীবোৰ সেয়া কাইলৈহে আহিব। ঘৰৰ পৰা ফোন কৰিলেও আপুনি ফোনটো ধৰেহে, ঘুৰি আহেই। পঢ়ি থাকিলে মাতিলেও নুশুনে। সপোনতো গাই থাকে পঢ়াখিনি। কি যে মানুহ!” “হেই!’ অলিন্দই ধেমেলীয়াকৈ ধমকি দিলে। ‘ৰ’ব, কথা এটা কওক। আপুনিতো বৌৰ সমুখত ৰৈ কথা পাতিছে!' ল'ৰাটোৱে নাটকীয় ভংগি এৰা নাই। অলিন্দই ধাৰণা কৰিলে, সি কিবা এটা সুধিব বা ক'ব বিচাৰিছে, তাৰ বাবে নিজকে জোৰ দিব লগা হোৱাতহে ভংগিটো নাটকীয় হৈ পৰিছে, যিটো আচলতে সি নিজে ইচ্ছা কৰি কৰা নাই। তথাপি জোকোৱাৰ পৰা হাত সাৰিবলৈ অলিন্দয়ো নাটকীয় ভংগিত ক’লে, ‘অঁ, পাতিছোঁ!” কেনেকৈ পাৰে? গাটোলৈ চকু গৈ নাথাকে? ভালকৈ পাতিব পাৰেনে?’ “বাদ দিয়া এইবোৰ, যোৱা!' অলিন্দৰ খং উঠিল। “অলিন্দ দা, চাওক। মই আপোনাক সন্মান কৰোঁ। সৱেই কৰে আপোনাক সন্মান। সেইকাৰণে মই কিবা এটা সুধিব বিচাৰিছোঁ। মই আপোনাক অপমান কৰিব বিচৰা নাই। মোক উত্তৰটো লাগে। ছোৱালীৰ লগত আপুনি কেনেকৈ কথা পাতিব পাৰে? মই সমুখত ৰ'লেই সিহঁতৰ গাটোলৈহে চকু যায়, যি টি মনলৈ আহে, কথা পাতিবই নোৱাৰোঁ৷” ‘তোমাৰ মা আৰু বাইদেৱো ছোৱালী!' অলিন্দই টপককৈ ক'লে। ‘নহয় অঁ, আপুনি চিধাই সেইটোতে গ’ল! সেইটো ময়ো জানো। ৰেডি-মেড কথাই সমাধান নিদিয়ে। ভালকৈ কওক। সৱকে ক'ব নোৱাৰি, এক্সচেপচনেল মানুহৰ হাতত উত্তৰ থাকিব পাৰে কাৰণে সুধিছোঁ। কওক। বেলেগক নক'ব কিন্তু। লগৰবোৰে সৱেই জানেই মই তেনেকুৱা। আপুনি লোকক কৈ দিলে বেছি বেয়াকৈ মোক ভাবি ল'ব।’ “অকলে থাকোঁতে বেছিকৈ ভাবি নাথাকিবা। তেতিয়া পাৰিবা।’ ‘নহয় মই নোৱাৰোঁৱেই। মই জানো, মই বেয়া মানুহ, মই ভালকৈ ভাবিব বিচাৰিলেও নোৱাৰোঁ।’ল'ৰাটোৰ নাটকীয় ভংগি অন্ত পৰিল, মুখখন সেমেকি গ’ল, ‘আপোনাক কওঁ শুনক। কম্পিউটাৰৰ ক'ৰ্চ কৰিছিলোঁ। কম্পিউটাৰত ৱাল-পেপাৰ কিছুমান থাকে। এখনত বালিৰ চাপৰি এটা, ওখোৰা-মোখোৰা কিন্তু মিহি, আৰু গোটেই বালিবোৰৰ মাজত অকণমান ঠাইত দহ-বিছডালমান সেউজীয়া বন থূপ খাই আছে। মানুহে আৰামত চাই কথা পাতি থাকে। মোৰ কিন্তু সেইখন দেখিলেই গাভৰু ছোৱালী এজনী নাঙঠ হৈ থকা যেন লাগে, আৰু বনখিনি যেন তাইৰ যোনি-লোমখিনি। সেইখন উলিয়াই থ'লে মই মানুহৰ মাজত অশান্তিত থাকিব নোৱৰা হৈ যাওঁ। কেইবাদিনলৈ সেইটোকে মনলৈ আহি থাকে। সমান ৱালৰ চেপত বন অকণমান গজি উঠা দেখিছে নহয়, তেনেকুৱা দেখিলেও মোৰ সেইবোৰ ভাব আহে।’অলিন্দই গহীন হৈ শুনি আছে, সি কি ভাব লৈছে ল'ৰাটোৱে
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৮৩
অৱয়ব