সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

890 কুলাংগাৰ “কি? বিয়া দিব সেই কাঠ-চোৰটোলৈ?’ “হেই! তই এতিয়াও যি টি শব্দ কেলেই কৈ দিয়! সেইবোৰ আমাৰ নিজৰ মানুহ নিচিনাই। মামাৰ ক্ষেত্ৰতে কৃষ্ণহঁতে নিজৰবোৰতকৈও বেছি সহায় কৰি দিছে।’তাৰ শব্দটো শুনি তাই অতিষ্ঠ হৈ মুখখন লপলপকৈ চলালে, কিন্তু খং কৰিলে কামত নাহিব বুলি তাই ৰ’ল, বিশেষকৈ সি হোষ্টেলৰ পৰা আলহীৰ দৰে কেইদিনমানৰ বাবে অহা ল'ৰা, তাই শান্ত হৈ বুজোৱা ভংগীৰে পুনৰ ক’লে, ‘মানুহে পঢ়ি-শুনি শিক্ষিত হৈ, কথাবোৰ কওঁতে সাৱধানে ক'ব লাগে। যি টি শব্দবোৰ নপঢ়া মানুহেহে কয়। সেইবোৰ ক'বলৈ এৰিব লাগিব।’ ‘চোৰক চোৰ বুলি কোৱা মানুহটো বেয়া, চোৰটোহে ভাল! - তৰ্ক কৰাৰ আগ্ৰহ অলিন্দ নাই, তাইৰ নিৰ্দেশকেইটা শুনি খং উঠিলেও সি মুখ টিপি ধৰি থাকিল। প্ৰধান- শিক্ষকলৈ তাৰ পুতৌ লাগিছে, সি হতাশ হ'ল। আদৰ্শবান, নীতিবান শিক্ষকজন, সিহঁতক ভাল হ'বলৈ আৰু ভাল ৰিজাল্ট কৰিবলৈ ক্ষণে ক্ষণে নিৰ্দেশ দি থকা মানুহজনৰ স্খলন ঘটিল কিয়? ‘তেওঁতো হেৰুৱাবলগীয়া একো নাছিল! ছোৱালীক বেলেগলৈ দিয়াৰ দিন শেষ হৈ যোৱা নাছিল! বা এয়া প্ৰেম-বিবাহো নহয়। আচলতে, মইহে ভাবিছোঁ, তেওঁতো ভবাই নাই চাগে, তেওঁতো একেমুখে সুখী হৈ বিয়াত মত দিছে। পথভ্ৰষ্ট বৃদ্ধ! উশৃংখল আদহীয়া!’সি বহুবাৰ পঢ়িছে, অসমীয়া ভাষা-সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা এজন পুৰোধাই বিয়া পাতিছিল অসমীয়া ভাষাক হেয় জ্ঞান কৰা এটা পৰিয়ালৰ পৰা। কিয়? সেই প্ৰশ্নটোৰ আলাপ সি কিতাপ-আলোচনীত কতবাৰ পাইছে! লেখকসকলে উত্তৰটো বিচাৰি নাপায়। উত্তৰটো সি পোৱা যেন লাগিল,“বিয়া পাতিছে টকা, চেহেৰাত থকা যৌনতা আদি দেখি, দেহজ সুখ লাভ আৰু আত্মীয়ৰ প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবে। তাত ভাষা-সাহিত্য-জাতিৰ কথা মনলৈ নাহেই। ছেক্সেই মূল। বিয়া ঠিক কৰাৰ সময়ত তেওঁ সাহিত্য-পাঠ কৰি নাথাকে, সংগমৰ সপোনতহে মগন হৈ থাকে। হেডছাৰে ঠিক কৰিলে কিয়? ঘৰখনৰ ক্ষমতা দেখিছে, মন্ত্ৰী-এমএলএৰ সোঁহাত-বাওঁহাত, পুলিচে গাত স্পৰ্শ কৰিব নোৱাৰে, জীয়েকে ক্ষমতা ভোগ কৰিব, তেওঁ নিজেও আসন এখন পাব। ক্ষমতাৰ লোভেই মূল, তাত শিক্ষা-দীক্ষা-নীতিনিষ্ঠতাৰ কথা নাহিলেও হ'ব।' সুকন্যাই কৈ আছে, “... কৃষ্ণৰ ককায়েকহঁতৰ ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে। হেড-ছাৰহঁত জনা মানুহ। সেইবাবে সেইবোৰ মানুহৰ লগত সম্পৰ্ক কৰিছে। সদায় মানুহে ডাঙৰটো ভাবিব লাগে। মাজুলীৰ তৰালীও এইবাৰ বিয়া হ'ল, মানুহ আচৰিত হৈ গৈছে, বহুত ডাঙৰ মানুহ এঘৰ পালে তাই। দৰা ঘৰে নিজেই কইনাৰ খৰচখিনি দি— কৰি বিয়া পাতি লৈ গ'ল। তোৰো মনত আছে চাগে, বুবুলে তাইক চোঁচোৰাইছিল। তাই যদি তেনেকৈয়ে মানি ল'লেহেঁতেন, এতিয়া জীৱনটোৰ কি গতি হ'লহেঁতেন। সেইকাৰণে ডাঙৰ কথা ভাবিব লাগে।’