সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬৬ কুলাংগাৰ মালিক বা মালিকনীয়ে প্ৰতিটো ৰুমে কমে গধূলি এপাক মাৰে, তেওঁ অসময়ত অহা দেখি তাৰ অকণমান সন্দেহ হ’ল— তেওঁলোকে নিজেই লগাই দিয়ে নেকি? তাৰ খং উঠিল। ‘নাই, নাই দিয়া।’সি সহজকৈ ক'লে। ‘নতুনবিলাকক অলপ দিগদাৰ কৰেই। তুমি মন বেয়া নকৰিবা। আমি তিনিটাক উলিয়াই দিয়াৰ কথা পাতিয়েই আছোঁ, আজিও খুড়াৰ সৈতে পাতিম।’ সি আৰু একো নকৈ একেদৰে ৰৈ থাকিল। তেওঁ ক’লে, “তোমাৰ ৰুমমেট কাইলৈ আহিব। সিহঁতৰ ক্লাছ কাইলৈৰ পৰা আৰম্ভ হ’বনহয়, ৰাতিপুৱাই আহিব, আজি দেউতাকে ফোন কৰিছিল। ’ সি শলাগিলে। ৰুমমেটটো হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ, অলিন্দ থাকিবলৈ অহাৰ দিনাই তেওঁলোকে কৈছিল। তেওঁ ঘৰলৈ গৈ আকৌ আহিল। তাক চাহ অকণ দিলেহি। এসপ্তাহ বৰষুণ। আবেলি অলপ কমিব কমিবকৈ ৰৈ ৰৈ সন্ধিয়াৰ আগে আগে অলিন্দহঁত তিনিটা ল'ৰা হোষ্টেলৰ পাচলি আনিবলৈ বজাৰলৈ গ'ল। কলেজলৈ ওলাই যোৱা সময়কণৰ বাদে অন্য কামত বাহিৰখনক সি নিজৰ দৰে ল'ব নোৱাৰে। ওলাই যাব লগীয়া নোহোৱাটোৱেই সি বিচাৰি থাকে, কিন্তু হোষ্টেলৰ বস্তু আনিবলৈ মাজে মাজে যাবলৈ বাধ্য। শালবাৰী চেণ্টাৰত, নিজৰ ঘৰখনৰ পদূলিত, বা যিকোনো ঠাইতেই সি নিজৰ হিচাপে কিবা পাবনে নাই সন্দেহ হয়। মৃদুলা বা অমৰাৰ চৌহদতো কেতিয়াবা সোমাবলৈ মন যাব যেন তাৰ ধাৰণা নহয়। এহাতে টোপোলাবোৰ ভাগ ভাগকৈ লৈ, এহাতে ছাতি একোটা ধৰি সিহঁত খোজ কাঢ়ি উভতি আহি আছে। কাষৰ দুটাক নিৰুদ্বেগ যেন লাগিছে অলিন্দ। বৰষুণত তিতি তিতি চহৰখনৰ সোঁ-মাজৰ পথটোৰ দুয়োকাষৰ পৰা ওলোৱা উৎকট দুৰ্গন্ধটো মানুহৰ কু-মনোবৃত্তিৰ গন্ধ-সমষ্টি যেন লাগিছে - যেন তেনেকুৱা কিবা গোন্ধ থকা হ'লে এইটোৱেই হ'লহেঁতেন। মানুহৰ কপটতাৰ লিপিত খাই ধৰা স্মৃতিবোৰ তাৰ বাবে দুঃসহ হৈ পৰিছে। ছাতিত পৰা বৰষুণৰ জিপজিপ শব্দক দুফাল কৰি দিয়াৰ দৰে কোনোবা ভক্ত নে অভক্তই দলংখনৰ কাষৰ শনি মন্দিৰটোত ঘণ্টা এটা কোবালে। দলংখনৰ তলত এসপ্তাহৰ বৰষুণেও ধুব নোৱৰা আধা মৰা নৈখনৰ ক'লা পানী। অলপ দূৰ পাৰ হৈ হনুমান মন্দিৰটোৰ নিৰৱচ্ছিন্ন মন্ত্ৰধ্বনি কাণত সোমাল। কিছু সময় পূৰ্বে বাজি গৈছে আজানৰ ধ্বনি, বায়ুৰ দৰে চহৰৰ প্ৰতিটো চুক-কোণ চুই গৈছে। ‘গোটেই চহৰ-নগৰত ইমান ঈশ্বৰৰ ভিৰ, নাই কিন্তু ঈশ্বৰৰ হাতৰ স্পৰ্শ, যি সলনি কৰিব পাৰে খৰাঙক জীপাললৈ, উদ্বিগ্নতাক প্ৰশান্তিলৈ’, বিদ্ৰূপৰ ভাব আহিল তাৰ। গাড়ীৰ পেট-পোঁপ হৰ্ণ, বাট এৰি