সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বপ্নহীনতা ৫৬৫ আনিবলৈ চেষ্টা কৰাটো পুনৰ হাৰি যোৱা যেন কথা। মৃদুলা হায়াৰ ছেকেণ্ডাৰীৰ সময়ৰ দৰে আশাহত, অলস, ধ্বংসমুখী জীৱনটো লৈ নপঢ়ি থকাটোৱেই তাৰ সঠিক জীৱন যেন লগা হৈ আছে এতিয়াও। নিশ্চিতকৈ অমৰা কলেজৰ দৰে জীৱন এটা কটাই ভাল ৰিজাল্ট সহজেই কৰিব সি পাৰিব, কিন্তু কি কৰিব সি এইবোৰ কৰি, তাৰ একোৰেই প্ৰতি আজি অনুৰাগ নাই তেনেকৈ। ময়ূৰীলৈ মনত পৰিল তাৰ— তাইক কেতিয়াবা সি লগ কৰিব নে? যদি আজি তাইক লগ কৰে— এই স্বপ্নহীন মনটো লৈ, বীভৎস চেহেৰাটো লৈ, তাকো মনৰ ভাববোৰ নোকোৱাকৈ অভিনয়ৰ দৰে সময়কণ গুচি যাব— তাই পুনৰ বিচাৰি পাব নে তাৰ মাজত কিবা? সুকন্যাই কি ভাবে? সুকন্যাৰ সৈতে কি সম্পৰ্কতাৰ? তাইক সি এটা ৰিজাল্ট কৰি দিব লাগে, সোনকালে তাইৰ সপোনবোৰ পূৰাই দিব লাগে, ফোনটো কৰিলেও সোধে কেৱল— পঢ়িছ নে, ক্লাছ হৈছে নে, পইচাবোৰ ধাৰ নাখাবি, বহুত সপোন আছে সেইবোৰ ভাবিবি, সোনকালে কিবা কৰিব লাগিব, আৰু নিয়মমাফিক থওঁ বুলি কৈ খটককৈ ফোনটো থৈ দিয়ে, বেঁকা হোৱা হাড় এডাল পোনাবলৈ ঘূৰাওঁতে কটককৈ লিগামেন্ট ছিগাৰ দৰে শব্দটোৱে তাৰ সত্তাটোক সিৰসিৰাই যায়৷ আৰুতো একো নাই! বিপুলৰ অস্তিত্বই নাই এই সম্পৰ্কবোৰতো, কিবা পাতিবলৈ সি বুজি নাপায়, তাৰ লগত কথা পতা মনতে নপৰে! সি টেবুলৰ পৰা আহি বিচনাখনৰ ৰেলিঙত মূৰ থৈ পৰি দিলে। পুনৰ সি উঠি গ'ল টেবুলৰ কাষলৈ, অংক কেইটামান কৰিলে। সেইকেইটা শেষ কৰি পূৰ্বতে নপঢ়া পাছৰ অংশখিনিত একেই আক্ৰমণে তাক ঘেৰি ধৰিলে। মন বহুৱাব নোৱাৰি সি আকৌ বিচনাখনত পৰি দিলেহি। মালিকনীয়ে দুৱাৰখনত টোকৰ দুটা মাৰি নিজে ঠেলি সোমাই আহিল। সি থিয় হ’ল। হতাশাৰ চৰম সীমাত থাকি, তেওঁৰ সমুখত কৃত্ৰিম সতেজ মুখ এখন দেখুৱাবলৈ সি অকণো আহৰিয়েই নাপালে। উদ্বিগ্নতা আৰু চাপত তাৰ মুখখন কমাৰৰ হাতুৰীৰ প্ৰচণ্ড কোব পৰা লোৰ দৰে একে ভাজে ৰৈ আছে। ভাবলেশহীন মুখখনলৈ পৰিৱৰ্তন নাহিবই যেন দেখি মানুহজনীৰো মুখখন বেছি গহীন আৰু সেমেকা হৈ গৈ আছে। ‘তোমাক ইহঁতে এইকেইদিন বেছি কষ্ট দিছে নেকি বাৰু!” তেওঁ সুধিলে। সি বুজি নাপাই মাথোঁ ৰৈ থাকিল। মালিকনীয়ে পৰিৱেশটো সহজ পোৱা নাই, একদম কষ্টত সি ডুব গৈ আছে, কি ক'লে ভাল হ'ব তেওঁ বুজি পোৱা নাই, উপায় নেদেখি তেৱোঁ তাৰ মুখলৈ মাথোঁ চাই থাকিল। অকণমান পাছত সি বুজিলে, তেওঁ ৰেগিঙৰ কথা কৈছে। হয়, ভাত খোৱাৰ পাছত সদায় চলি আছে, একেবাৰে ভাল ৰূপত নহয়, কিন্তু সেইবোৰলৈ তাৰ গুৰুত্বই নাছিল, সি একো কষ্ট বুলি ভবাইনাছিল, দুদিনমান পাছতে শেষেই হ'ব যিহেতু, শাস্তি যেন লগাই নাছিল।