স্বপ্নহীনতা ৫৬৩ যোৱা এটা বছৰ যোগাযোগ হোৱাৰ খবৰ সি পোৱা নাই! এবছৰ কেনেকৈ গ'ল সিহঁতৰ? নে বন্ধ্যাকৰণৰ দৰে অলিন্দই মনৰ সেইটো দিশ বন্ধ কৰি পেলালে? কৌতূহলটো সুকন্যাৰো আহে, চন্দনৰ দৰে গাঁও-ভূঁই উটুৱাই দিয়া কাণ্ড সিহঁতেও ঘটোৱাৰ শংকাও তাই কৰে। লগৰ ল'ৰাটো লুইত কলেজলৈ নোযোৱাটো সিদ্ধান্ত হ'ল। সুকন্যাই অলিন্দক দুদিন তাৰ ঘৰলৈ পঠিয়ালে। নাই, সি নাযায় খাটাং। সি ৰসায়ন বিজ্ঞানত মেজৰ ল’ব, ধ্ৰুৱ মহন্তই জোৰ কৰি তাক হেনো অমৰাতে ৰখাইছে। অলিন্দই বুজিছে, সি প্ৰেক্টিকেলৰ নম্বৰৰ আশাত ৰৈ দিছে। ধ্ৰুৱ মহন্তই নিজে ৰখোৱা মতে সি থাকি দিলে প্ৰেক্টিকেলৰ নম্বৰ গোটে গোটে পাই থাকিব। এতিয়াও সি প্ৰেক্টিকেলৰ নম্বৰটোৰ বাবেই যেনেতেনে লেটাৰটো পাইছে। সুকন্যাই ভাবিলে হোষ্টেলৰ মালিকে কোৱাটোৱেই প্ৰথম প্ৰথম প্ৰমাণ হ'ল, সিহঁত হালৰ কাজিয়া নালাগিলেও এৰা-এৰিটোতো হ'লেই!
- * *
কলেজত ক্লাছবোৰ কৰি, অলিন্দই তিনিবছৰৰ মূৰত এগিলাছ পৰিষ্কাৰ পানী পোৱাৰ দৰে অলপ শান্তি পাইছে। কলেজখন শৃংখলাপূৰ্ণ। প্ৰায়ভাগ অধ্যাপকেই হায়াৰ ছেকেণ্ডাৰীৰ টিউচন কৰে, কিন্তু ক্লাছতো নিয়মীয়া, প্ৰথম বৰ্ষৰ ৰিজাল্ট নিদিয়াকৈয়ে কলজতে দ্বিতীয় বৰ্ষৰ ক্লাছ হৈ আছে। হতাশা আৰু হীনমন্যতা অহৰহ তাৰ সংগী হৈ আছে যদিও কলেজৰ সময়খিনিত সি মনটো সতেজ কৰি ৰখাৰ প্ৰৱল চেষ্টা কৰিছে, অধ্যাপকসকলৰ দক্ষতাৰ বাবে ক্লাছবোৰত তাৰ মনোযোগ বিক্ষেপিত হোৱা নাই, সময়খিনিয়ে তাক মৰ্মাঘাত সহ্য কৰিবলৈ নিৰ্মল বতাহৰ দৰে সহায় কৰিছে। হোষ্টেলৰ পুৰণা ল'ৰাৰ কথা-বতৰা আৰু হায়াৰ ছেকেণ্ডাৰীত ইয়াতে পঢ়া ক্লাছৰ লগৰকেইটাৰ মুখেৰে সি জানিছে— প্ৰায় সকলো অধ্যাপকেই কাঢ়া, নকল কৰা দেখিলে যিকোনো অধ্যাপকেই বাহিৰ কৰি দিয়ে, প্ৰেক্টিকেলৰ কথাটোও সি আগতে শুনাৰ দৰেই চক্ৰান্তমূলক অকণো নহয়। বিভিন্ন বিষয়ৰ বহুকেইজন বিদ্বান অধ্যাপকক তাৰকাসদৃশ স্থানত ৰাখি ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত চৰ্চা চলি থাকে— – দুষ্কৃতিকাৰীক মহিমামণ্ডিত কৰি বহঁতপুৰ, মৃদুলা, অমৰা আদিত ধ্ৰুৱ মহন্তহঁতক চৰ্চা কৰাৰ দৰে নহয়। এইখন কলেজৰ পৰাই চন্দন ওলাই গৈও শিক্ষাৰ প্ৰকৃত মূল্যবোধখিনিৰ একো নিশিকিলে কেনেকৈ? হোষ্টেললৈ অলিন্দ অহা দিনাই মালিকে কৈছিল— হায়াৰ ছেকেণ্ডাৰীৰ দ্বিতীয় বৰ্ষৰ তিনিটা অভং ল'ৰা হোষ্টেলত আছে, সিহঁতক উলিয়াই দিয়াৰ চিন্তা কৰি আছে। অলিন্দয়ো