সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬২ কুলাংগাৰ “কি মানুহহে তুমি, কিবা নহয় কিবা এখন আলোচনী পঢ়িয়েই থাকা যে? বোলে যাৰ খাবৰ-জীৱৰ মন, হাগোঁতে বহোঁতেও আঁজোৰে বন। ঠাণ্ডা দিনতো ভৰিতো সেয়া হাৱাই- চেণ্ডেল! চেণ্ডেল সলাবলৈ সময়েই নহয় চাগে?”- - অমৰা কলেজত এদিন লগৰ এটাই জোকাওঁতেহে অলিন্দই মন কৰিছিল— তাৰ জোতা নাই। এতিয়াও সি জোতা বা সুকীয়া চেণ্ডেল নোহোৱাকৈ যাবগৈ, এইকেইদিনো কলেজলৈ-চহৰলৈ গৈ আছে হাৱাই-চেণ্ডেল পিন্ধি, আগত চন্দনৰ জোতা-চেণ্ডেল পৰ্যন্ত ফুটনিৰ কিমান কাহিনী শুনিছিল, “জোতা- চেণ্ডেল নহ'লে মোৰ কোনো সমস্যা নাই, মই কেতিয়াও নকওঁ, কিন্তু নোহোৱাকৈ যে থাকিব লগা হৈছে তাৰ কাৰণটো সিয়েই কৰা তাহানিৰ অপব্যয়বোৰ নহয়নে? এতিয়া মাহঁতেও সাজি লৈছে পোন্ধৰ বছৰ ভৱিষ্যততহে সাজিব পৰা প্ৰকাণ্ড ঘৰটোও!” অলিন্দই ক’লে, “ককা কাঠ-মিস্ত্ৰী নহয়, ককা শিল্পী আছিল। তোমাৰ-মোৰ পাৰ্থক্য সেইটোৱেই। তুমি ককাক চিনি নোপোৱা।' চন্দনে সেমেনা-সেমেনি কৰিলে। সুকন্যাই চন্দনৰ অকৃতজ্ঞতা দেখি একো উত্তৰ ভাবি নোপোৱা অৱস্থাত অলিন্দৰ মুখত উত্তৰটো শুনি আচৰিত হৈ গ'ল। অলিন্দই কৈয়ে আছে, “যিবিলাকে প্ৰেক্টিকেলৰ নম্বৰ পাবলৈ ইয়াত পঢ়িবলৈ কৈ আছিল, সেইবোৰ প্ৰকৃত শিক্ষিত মানুহ নহয়েই, একো একোটা লুজাৰ। সিহঁতে নম্বৰ পালেও বা যেনেতেনে পাছ কৰি এতিয়া কিবা কৰি খাই থাকিলেও শিক্ষিত নোহোৱাকৈয়ে থাকি গ'ল। সেইকাৰণে সিহঁতৰ এইটো বোধ-শক্তি নাই যে সিহঁততকৈ বেলেগো কিবা থাকিব পাৰে। ম‍ই ঘৰত থাকিয়েই দুয়োটা প্ৰমাণ কৰি দিছোঁ— ইয়াতো চিনাকি হৈও প্ৰেক্টিকেলৰ নম্বৰ কম পাব পাৰি, আৰু ইয়াতো একো নোকোৱাকৈও ঊনত্ৰিছ-ত্ৰিছ পাব পাৰি। নিজক শ্ৰেষ্ঠ কৰিবলৈ গৰু এজাকৰ ওচৰত থিয় হৈ দেখুৱাব নালাগে, বীৰবলৰ সাধুটোৰ নিচিনাকৈ। সৱেই যেতিয়া শ্ৰেষ্ঠ হ'ব, তাৰ মাজত থকা চিন্তাধাৰাটোৱেই বেলেগ। সিহঁতে সেইটো জীৱনত পোৱাই নাই কোনোদিন, কেতিয়াও নাপায়।’ সিহঁত মানে চন্দনোতো তাৰে ভিতৰত আছে, চন্দনে লাজ পাইছে, খঙো উঠিছে, কিন্তু ধমকি দিবলৈ মনলৈ সাহ নাহিল। সি সুকন্যাক খুঁটিয়াই ক’লে, ‘ই বৰ মুখে মুখে কথা ক'বলৈ লৈছে! এতিয়াই উঠিছে ইমান দেখিছ নে নাই? তোক খাব।' লগতে সি পাতল হাঁহি এটা মাৰিলে। সুকন্যায়ো অলপ অশান্তি পাইছে, কিন্তু আতাকক দিয়া সন্মানৰ বাবে ভালো লাগিছে। তাই নিজেও সদায় দেউতাকজনক কাঠমিস্ত্ৰী বুলিয়েই ভাবি কটালে, এতিয়া নতুন ধৰণে কথাটো পুতেকৰ মুখত শুনি তাই অভিভূত হৈছে। 'তই যা যা। সিটো ৰুমলৈ যা’, তাই অলিন্দক নিৰ্দেশ দিলে। অলিন্দ গুচি গ'ল। ময়ূৰী ভট্টৰ কথা চন্দনৰ মনলৈ আহিল— অলিন্দৰ লগত এতিয়া যোগাযোগ আছে নে নাই বাৰু? আগতে হালেই অন্ততঃ দেখাটোকে পাইছিল!