বাস্তৱ, কুশল কোঁৱৰ এটা তৎকালীন মুহূৰ্তৰ চৰিত্ৰ, সেইদৰে সাধাৰণ দিনবোৰত চলিব নোৱাৰি, সদায় চলিবলৈ হ’লে গাঁওবুঢ়াজনৰ দৰে চলিব পাৰিব লাগিব।
‘অলকাৰ পুতেকটো কি কৰিবলৈ গ’ল!’ সুকন্যাই ভাবি ভাবি ক’লে। সি স্কুলত পঢ়ি থাকোঁতে চুবুৰিৰ মাষ্টৰ লীলা তামুলীয়ে ঘৰুৱা আখেজত স্কুলতে ছল উলিয়াই এদিন খুব পিটিলে, সেইদিন ধৰি সি ভয় আৰু খঙত স্কুললৈ নোযোৱা হ’ল, পঢ়া সিমানতে শেষ হ’ল। পাছত সি মাকৰ পৰা ধন চুৰ কৰি পেপৰ খাবলৈ ল’লে। কেতিয়াবা মাকক দুই-এচাট পিটেও। বাপেক নাই। লোকৰ ঘৰত ওখ তামোল গছৰ পৰা তামোল পাৰি দি দুপইচা ঘটেও কেতিয়াবা, কিন্তু গোটেইখিনি পেপৰ খাই শেষ কৰে। পথাৰ পথাৰ হৈ থাকে, বাৰীৰ বন একঁকাল হয়, মাকে যি পাৰে কৰে, সি মাথোঁ পেপৰ হুঁপি হুঁপি শুই থাকে। কথাৰো তাৰ লাগ-বান্ধ নোহোৱা হ’ল। নামঘৰলৈ গ’লে মানুহে তাক কেৱল খোল-পটুৱা ধুবলৈ লগায়। তেনেকুৱা ঘটনা কেইটামানৰ পৰাই লীলা তামুলীৰ জোকোৱা নাম ৰাহু তামুলী হ’ল, ডাঙৰ-সৰু সৱেই আঁৰত সেই নামে আলাপ-আলোচনা কৰে, কিন্তু তেওঁক ভালকৈ এষাৰো কওঁতা নোলাল, তেৱোঁ দৰমহা ঘটি বাহাদুৰিত খাই আছে সদায়।
‘কিন্তু আছুৰ ডিমাণ্ড আছে দেই!’ চন্দনে আকৌ ক’বলৈ ধৰিলে, এইবাৰ চতুৰ ভংগীৰে, ‘মই কেনেবাকৈ চাৰ্টিফিকেট এখন ঘটিবলৈ চাই আছোঁ ৰ। সেইখন দেখুৱালে চাকৰিও সোনকালে পাম। কেউফালে আছুৰে মানুহ। সিহঁতৰ (সংগঠনৰ) মাজতো আছুৱেই আছে বহুত, কিন্তু সিহঁতৰ লক্ষ্যটোৱেই ভুল, জীৱনটোৱেই ভুল। আছুৰ একো লক্ষ্য-উদ্দেশ্য নাথাকিলেও জীয়াই থাকিব। আছুৰ কাম হ’ল সদায় এটা প্ৰভাৱ ৰখা। লীডাৰকেইটাৰ ধনৰ মা-বাপ নাই, লীডাৰ হ’বগৈ নোৱাৰোঁ, পৰা হ’লেতো এজিপিত যাব পাৰিলোঁহেঁতেন। লীডাৰ নহ’লে ৰাজনীতিত এনেই সোমাই লাভ নাই। এতিয়া লীডাৰকেইটাক অলপ তেল দি চকুত পৰি ল’ব পাৰিলে কিবা অলপ সৰকোৱাই কাম। আহিছোঁ বাৰু চকুলৈ, ভালেখিনি আহিছোঁ। মোৰ ভাষাটো ভালতো, বিবৃতি লিখা-মেলা কাম দুটামান পাইছোঁ। তাৰে পৰা পেডৰ এখিলা ৰাখি থ’লে কি কৰিব? কৈ দিম, কিবাকৈ চিঞাহী পৰি নষ্ট হ’ল! চহী থাকেই তলত, সংগঠনৰে মানুহ, দিয়েই দিয়ে মোক! নিজৰ নামটো লিখি ল’লেই হৈ গ’ল।’
এইবোৰত সুকন্যাৰ সিমান আপত্তি নাই। ‘কৰিবও লাগে এনেকুৱা অলপ, নিজৰ স্বাৰ্থত’, তাই ভাবে। কিন্তু তাক খোঁট মাৰি জোকাই তাই ক’লে, ‘নিজৰ চাৰ্টিফিকেট নিজে লিখি ল’লে কি হ’ব? লোকে লিখি দিয়াটোহে আচল কথা।’
‘লোকে দিব নহয় বেলেগ। ৰহ, এইবোৰ নাপাওঁ কাৰণেহে সৰকাই লৈছোঁ। আৰু শুন, এখন পাই লওঁ, তাৰ পাছত নিজে কত বাট মুকলি হ’ব, নিজে নিজে আহি থাকিব। প্ৰথমে সেইখনকে দেখুৱাই ক’ৰবাত আৰু এখন! তাৰ পাছত দুখন দেখুৱাই ক’ৰবাত আন এখন!’