স্বপ্নহীনতা ৫৫৯ নিজে ইচ্ছা কৰি উঠাব বিচৰা খংটো চন্দনৰ উঠি নাহিল, সি ৰৈ ভাবিলে— ভুলটো তাৰে, খং দেখুৱালে নিজৰে অপমান হ'ব পুনৰ। অলিন্দই চন্দনৰ ফালে একো গুৰুত্ব দিয়া নাই, হেমাহিবোৰৰ বিষয়ে পুনৰ ভাবিবলৈ তাৰ মন নাই। চন্দনে ৰশ্মিৰ ৰিজাল্ট চঁকটো পাই অলিন্দৰ সম্পৰ্কে ভাবিব পাৰিছে নে নাই সুকন্যাই বুজিব পৰা নাছিল। অলিন্দই মাৰ্কশিট-চাৰ্টিফিকেট অনাৰ পাছত চন্দনে চাইছিল, গধূলি আহি অলিন্দৰ টেবুলৰ ফালে এবাৰ সি সদায় গৈ আছে, কিন্তু এদিনো সি মুখেৰে একো উলিওৱা নাছিল। সুকন্যাই কথাবোৰ ভাবি থাকিলেও, যাবলৈ চন্দনৰ মন নাই যেন দেখি একো ক'ব পৰা নাছিল৷ চন্দনে কিন্তু যোৱাৰ কথাটো ৰিজাল্টৰ দিনাৰ পৰাই বাৰে বাৰে ভাবিও সুকন্যাই খাতিৰ কৰালৈহে ৰৈ আছিল। এতিয়া সি বুজিলে, পুনৰ এনেকৈ নহ'ব! সি অলিন্দক ক’লে, ‘ভাল কৰিলি। কাইলৈ... নালাগে... পৰহিলৈ ওলাবি। হোষ্টেল- চোষ্টেল চাই আহিম।' অলিন্দই একো নক'লে। অলিন্দই হোষ্টেলটো চাই আহিলেও সুকন্যাই সিদ্ধান্তটো লোৱা নাছিল, পুৰণা কথাবোৰ তাইৰ মনত পৰি আছে, সেইবাবে চন্দনে নিজেই উলিওৱাত তাই এটা চিন্তাৰ পৰা মুক্ত হ'ল। তাৰ ওপৰতে এৰি দি তায়ো একো নক'লে। চন্দনে অলিন্দক লৈ গৈ কেইটামান হোষ্টেলত সোমাই ৰুম থকা-নথকাৰ খবৰ কৰিলে। অধিক চাবলৈ সিহঁত পুনৰ কলেজ চাৰিআলিটোলৈ ওলাই আহিল। অলিন্দই একো মন্তব্য দিয়া নাই, চন্দনৰ সিদ্ধান্তটো চাবলৈ ৰৈ আছে। আন এটা পথত ভৰি দি মুখতে পোৱা হোষ্টেলটোত দুয়োটা সোমাল। চন্দনে মালিকনীৰ সৈতে কথা পাতিলে। ‘এইটোৱেই ভাল হ’ব। কলেজৰ ওচৰতে, ল'ৰা কম থাকে, চাফ-চিকুণ দেখিছোঁ, মানুহজনীৰো ব্যৱহাৰ ভাল লাগিছে।' পথলৈ ওলাই আহি চন্দনে অলিন্দকক’লে। অলিন্দই মূৰ দুপীয়ালে। ‘তেন্তে আৰু নিবিচাৰোঁ! যাওঁগৈ ব’ল। এইটোৱেই হওক!’ ‘অঁ। আমি এইটোত পৰহিও সোমাই গৈছোঁ, মোৰ লগৰ এটাৰ সৈতে৷ তাৰো ভাল লাগিছে, সিও ইয়াতে ল'ব মই থাকিলে।’অলিন্দই ক'লে। ‘তেন্তে ভালেই হ'ল। যাওঁগৈ৷ আৰু নাচাওঁ।' আপোন হিচাপে কাষতে থাকিও চন্দনৰ কথা-কাণ্ডবোৰ ভাবি অলিন্দৰ মনটো বিহ্বল হৈ উঠিল, শত্ৰুৰ আঁচোৰ নিচেই ওচৰৰ পৰা গাত লগা যেন ভাবে অতিষ্ঠ কৰিবলৈ ধৰিছে, কিন্তু বাহিৰে সি নিৰ্লিপ্ত হৈ থাকিল। গধূলি চন্দন-সুকন্যাই কথাবোৰ পাতিলে। চন্দনে ক'লে, তই ফোনটো কৰ তেন্তে। ৰুমটো খাটাং কৰি দে। বেছি ৰুম খালি নায়েই, গতিকে ৰুম ভৰি গ'লে দিগদাৰ হ'ব। সিহঁত দুটাক একেলগে দিবলৈ কৈ থ।’
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৬৮
অৱয়ব