ৰাইজক-চেণ্ডেল-লগাই-দিম 557 “ভাল নম্বৰকেইটাতো সি পোৱা নাই! সেইটোত মোৰ গাত দোষ নাই বুজিছেনে! সি চিনাকি নিজেই নিদিলে, ময়ো পাহৰি গ'লোঁ, এদিন ঘৰতহে লগ পাইছিলোঁ নেকি সেয়া। কিন্তু আপুনি ইমান চিন্তা নকৰিব, মই বিছৰ তলত কাকো দিয়া নাই। বিছটো পাব সি।’ ৰশ্মি পাছ হৈ গ'ল। “তাইতো পঢ়িম পঢ়িম কৰি আছিল!' এতিয়া পঢ়িবলৈ গুচি যোৱা মানেই অধিক দূৰ হৈ গৈ থকা— - ঈৰ্ষাই চন্দনক পুৰিবলৈ ধৰিলে। সি লাজ পাইছে, ঘটনাৰ মাজতে তাই পাছ কৰা দেখি আচৰিতো হৈছে। সি ভবাই নাছিল যে তাই পৰীক্ষা দিছে, কোনেও ভবা নাছিল, পৰীক্ষা দিয়াৰ সম্ভেদ কোনেও নাপালে। চন্দনৰ লগৰ শিক্ষক, ভকত, গোটেইবোৰ লজ্জিত হৈছে। বেজটোৱে কাপোৰ যাদু কৰি আঙুঠি এটা দি চন্দনক কৈছিল, “তুমি মাথোঁ তাইক তোমাক দেখা পাবলৈ দিয়া, যিকোনো উপায়ে। দেখিলেই মন ঘোৰ খাই গুচি আহিব, দেখাৰ লগে লগে তুমি আঙুঠিটো তিনিবাৰ চুবা।’“মোমায়েকে ঊষাক ৰখাদি ৰাখিছে, মইতো ঘৰলৈ যাব নোৱাৰোঁ, কেনেকৈ পাম?’“সেইকণতো টাউনৰ নিচিনা ঠাই, তুমি টাউনতে বহি থকা। মোৰ মন্ত্ৰ মানিবলৈ মানুহ নিজে বাধ্য হৈ যায়, তাই ওলাই আহিবই লাগিব চাই থাকা, মাত্ৰ তোমাক দেখা পাবলৈ দিবা, তুমি দেখাটো জৰুৰী নহয়, তাই দেখাটো জৰুৰী।’চন্দনে পাছদিনাৰ পৰা চোপ লৈ থাকিল আৰু এসপ্তাহৰ পাছতে সঁচাকৈ তাই ওলাই আহিল— মোমায়েকৰ ছোৱালী এজনীৰ লগত দোকান এখনত সোমাই বহিল। চন্দনে গৈ মাতিলে, আঙুঠিটো তিনিবাৰ চুলে, দুয়োজনীয়ে তাৰ মুখলৈ চাই মাত নিদি উঠি গুচি গ'ল, সি পিছে পিছে অলপ গৈ ক'লে, ‘ইয়াত কথা নাপাতা যদি ফোন কৰিবা বাইদেউৰ ঘৰলৈ, মই বেছিভাগ সময় তাতে থাকোঁ, পাবাই ফোনত, কৰিবা ফোন।' ৰিংটো বাজিলেই তাই আহি ঘৰ পোৱাৰ দৰে তাৰ বুকুখন ধপকৈ মৰা হৈছিল, কিন্তু প্ৰতিবাৰেই হুমুনিয়াহ লুকুৱাই বেলেগক মাত দিওঁতেই গ'ল, পুনৰ দেখা-দেখিও নহ'ল। বেজৰ কথাটোলৈ তাৰ বিশ্বাস ভাগিল, কিন্তু পুনৰ যদি তাই মেছ-হোষ্টেললৈ গুচি যায়, দেখা দিব পৰা যাব, অন্ততঃ কেচটোত অলপ ৰেহাই বিচাৰিব পৰা যাব। তাইক লগ কৰি ভুলোৱাৰ সুযোগ এটা সি দেখিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৬৬
অৱয়ব