সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ৫৫১ ‘এতিয়া পলম হৈ গ’ল, যি দিয়ে আইনে দিব, আপোনাৰ চাকৰিটো ম‍ই খাব বিচৰা নাই, এটা চাকৰিৰে ঘৰ এখন কেনেকৈ চলে মই জানো, কোনো নথকা হ'লে আপোনাৰ চাকৰিটো নাথাকে, মই খাই দিলোঁহেঁতেন, আপোনাক মই লগে লগে ধৰাই আনিব পাৰোঁ, সেইটো ম‍ই নকৰিলোঁ।' ‘মোকো সেইটোকে কৈছে। মই যিটো ভাবিছোঁ— তেওঁলোকেও চিন্তা কৰিলে, চালে কথাবোৰ, বৰকৈ টানি আকৌ নধৰে, কিন্তু ছোৱালী নপঠিয়ায়।’, সুকন্যাই সান্তনা দিয়াৰ সুৰত ক'লে। “আচল দিগদাৰটো তাতেই! ছোৱালী নাহিলে গ্ৰাসৰ মুখত ভৰি সোমাই থকাৰ দৰে ভাবিবলৈ বাৰে বাৰে কৈ পঠিয়াইছে উকীলে। নাৰী-নিৰ্যাতনৰ আইনখনেই বেলেগ কৰি থৈছে। পুৰুষৰ কথাই নৰজে, সেইকাৰণেই সেইখন জাপি ফচাই দিয়ে। অকল যৌতুকৰ কেচটো দিয়া হ'লেও সমানেই দিগদাৰ।’, হতাশা আৰু সংশয়ত চন্দনৰ মাতটো চেপা খাই ওলাইছে, বুকুখন শূন্য হৈ পৰিছে, কুঁজা হৈ পৰিব যেন তাৰ ভাব আহিল, বিচনাত পৰি দিলে অতি দুখদায়কভাবে সৰি পৰাৰ দৰে বুজাব - সি এখোজ এখোজকৈ কোঠাটোৰ পৰা ওলাই চকী এখনত বহিল। সুকন্যাই অলিন্দক সপ্তাহে সপ্তাহে বহঁতপুৰলৈ পঠিয়াই আছে। তাইৰ ভাব-যিটো সময়ত বোৱাৰী এজনীয়ে ঘৰখন চম্ভালি ল'ব লাগিছিল, বুঢ়া-বুঢ়ীকেইটাক মূৰত তুলি ৰাখিব লাগিছিল— কাপোৰ-কানি ধুই, জোখ জোখ সময়ত চাহ-ভাত খুৱাই – সেই সময়ত পুনৰ এজনী বোৱাৰী ঘৰখনলৈ অনাটোও সম্ভাৱনাহীন হৈ পৰিছে, ‘চাকৰিটো দেখুৱাই নপঢ়া-নেমেলা গঞা ধৰণৰ কোনোবা এজনী আনিব পৰা যাব, লাগেও তেনেকুৱা এজনীয়েই, পঢ়ি-শুনি অহা বোৰে ঘৰ নচলায়, চৰিত্ৰৰ কথা এদিন তল পৰিলে ওলাব তেনেকুৱা কতজনী ছোৱালী গোসাঁইৰ মাজতে, কিন্তু কেচটো ছিগে কেতিয়ালৈ! নাতিটোক দেখি থাকিলেও বুঢ়া-বুঢ়ীকেইটাৰ মুখত হাঁহিকণ ওলাব, মিতিৰ-কুটুম্বৰ মানুহবোৰৰ কাৰোৰে আহিবলৈ সময় নাই, মোৰো দেখোন ঘৰখন এৰি যাবলৈকে দিগদাৰ, বৰ-আতাহঁতৰ ঘৰখন সেয়াই হ'ল।’, ভাবি তাইৰ বুকুখন চেৰেং কৰে, ‘বৰ-আতাহঁতৰ ঘৰখনে ৰশ্মিৰ পক্ষ নলৈ প্ৰথমেই চন্দন বা মোকে হ'লেও এষাৰ কাণত পেলোৱা হ'লে! গুচি যোৱাটোত কিজানি বাধা দিব পৰা গ’লেইহেঁতেন। সিহঁতেতো সৎ ভাব লৈ তাইক সহায় কৰা নাই! সিহঁতৰ আখেজহে সেইটো!' আবেলি বহঁতপুৰৰ পৰা অলিন্দ পিছে পিছে চন্দনো আহি আছে। শালবাৰী চেণ্টাৰত কেইবাটাও ল'ৰাই অলিন্দক ৰখালে, 'তোমালোকৰ পদূলি মূৰতে একচিডেণ্ট এটা হ'ল। বাইকৰ ল'ৰা দুটা পৰি গ'ল।’, পথটোত মাহেকে-পষেকে দুৰ্ঘটনা থাকেই, অলিন্দ চিন্তিত নহ'ল, কিন্তু ল'ৰাবোৰৰ মাতত সামান্য উত্তেজনা প্ৰকাশ পাইছে, চন্দনো ৰ'লহি, ল'ৰাবোৰে