সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
এটা পায়খানা তিনিটা নিয়ম

কিমান দূৰত ক’ত মানুহ আছে সৱ গম পোৱা হৈ গৈছে। এতিয়া বন্দুকৰ যুঁজ মানে অকাল মৃত্যু, আন কোনো ফলাফল নাই। আৰু এইবোৰ? এইবোৰনো কেইটা ঘাটৰ নাৱৰীয়া? জাহাজ দেখি চলোৱাৰ সপোন দেখিছে। জাহাজখন দি দিলে দিশ হেৰুৱাই পাকঘূৰণি খাই কিহবাত খুন্দিয়াই জাহাজ ভাঙি-ছিঙি শেষ কৰি দিব। নিজেতো মৰিছ মৰ, আনকো লগতে হাৰাশাস্তি কৰি মৰাৰ ফন্দিখন কৰিছনো কিয়? পৃথিৱীৰ কোন সংগঠনে নিজৰ মানুহকে মাৰি-কাটি নিজক স্বাধীন কৰা দেখিছ?’ সি ফৰফৰাই গাই গ’ল। এইবোৰ অৱশ্যে তাৰ নিজা চিন্তা নহয়, গোপনীয় আড্ডাবোৰত আনৰ মুখত শুনি আহি সি গাইছে। অৱশ্যে এইবোৰ বিশ্বাস সি নিজেও কৰে। নিজকে সাংঘাতিক চিন্তাশীল হৈ উঠা দৰে বায়েকক দেখুৱাবলৈ লোকৰ বক্তব্যবোৰকে সি নিজৰ দৰে কৈ গ’ল, ‘সিহঁতে কথাবোৰ এডভেঞ্চাৰ নিচিনা পাইছে। লক্ষ্যহীন সমাজত ৰোমাঞ্চকৰ লক্ষ্য এটা পাইছে। আন লক্ষ্য একোৱেই পোৱা নাছিল। গাঁওখনত বা ঘৰত কাম পৰি থাকিলেও সেইবোৰত জীৱনৰ একো ৰোমাঞ্চ বিচাৰি নাপাই হাবিলৈ দৌৰ দিছে। বীৰত্ব আহৰণ কৰাৰ নামত যাত্ৰাটো সিহঁতে উলটি কৰিছে। এতিয়া বাস্তৱত সিহঁতৰো অস্তিত্ব নাই, সিহঁতৰ লক্ষ্যৰো উৱাদিহ পাবলৈ নাই।’ — এইকেইষাৰ সি শুনিছিল কলেজত আছুৰ সভা এখনত ভাষণ দিবলৈ অহা মানুহ এজনৰ মুখত, সভা আৰম্ভ হোৱাৰ পূৰ্বে সিহঁত ভলণ্টিয়াৰ দুটামানৰ লগত তেওঁ আড্ডা দি থাকোঁতে কৈছিল। দেখাই-শুনাই তেওঁ কোনো দলত নথকা বিশিষ্ট মানুহ। কিবা এটা বাতৰি-কাকতত লিখোঁতে তেওঁক সংগঠনৰ ল’ৰাকেইটামানে উঠাই নিছিল, যুক্তিৰে উত্তৰ দি তেওঁ হেনো ওলাই আহিছিল। এটা কথাত চন্দন আচৰিত হৈছিল, সেই আড্ডাত কোৱা বৰ বৰ কথাবোৰ মানুহজনে সভাখনতো ক’ব পাৰিলেহেঁতেন, কিন্তু কোৱা নাছিল, বাৰে-বাংকৰা সভা শুৱনি কৰা কিবা কিছুমানহে গাই থৈ তেওঁ গৈছিলগৈ। বায়েকৰ সমুখত সাংঘাতিক বক্তৃতা এটা দি আজৰি হোৱা দৰে তাৰ মুখত মিচিকিয়া হাঁহি এটা ওলাল।

 সি বেছিকৈ গোৱা যেন পাই সুকন্যাই ক’লে, ‘হ’ব হ’ব। এইবোৰ তই মুকলিত গাই-বাই নফুৰিবি, টাউ-খুণ্ডা দিব শুনিলে।’

 বেলেগত গাই থাকিলে সি যে মাৰ নোখোৱাকৈ সাৰিব পাৰিব, সিমানখিনি দম তাৰ নাই। সুকন্যাৰ ভেকাহিটো শুনি মনলৈ কথাটো অহাত সি মনে মনে ৰ’ল। এইখিনিত টেঁটুফালি চিঞৰিলেও দুঘৰৰ বাহিৰে শুনোতা আন মানুহ নাই যদিও বাহিৰত পলসৰ ওপৰেৰে সংগঠনৰ এজাক ল’ৰা আহি কথাবোৰ শুনি আছেহি যেন লাগিল সুকন্যাৰ। তাই শাসকৰ বিৰুদ্ধে প্ৰতিবাদ, বিপ্লৱ পছন্দ নকৰে। দেশৰ স্বাধীনতা যুঁজৰ সময়ত তাই ডাঙৰ হোৱা হ’লে, তেতিয়াও তাই শাসকৰ প্ৰতিহে আকৰ্ষিত হ’লহেঁতেন। সেই যুঁজত মৃত্যু হোৱাসকলৰ কাহিনীবোৰত এতিয়াও তাই যিটো ৰস বিচাৰে সেইটো নাপায়, কাহিনীত ৰস পালেও তাই যোদ্ধাসকলৰ প্ৰতি সিমান আকৰ্ষিত নহয়। কুশল কোঁৱৰৰ কাহিনীটোত তাই গাঁওবুঢ়াৰ চৰিত্ৰটোহে ভাল পায়, তাই জ্ঞান কৰে — গাঁওবুঢ়াৰ চৰিত্ৰটোহে প্ৰকৃত