ৰাইজক-চেণ্ডেল-লগাই-দিম “কি হ’ল?’হিন্দী-মাষ্টৰে সুধিলে। “নহয়, তেওঁ কৈছে— ভবাৰ দৰে কথাবোৰ সহজ নহয়।” ‘আৰু? নাহোঁ বুলি ক’লে?’ আন এজনে সুধিলে। 'নাহে!’ ৫৪৯ গোটেইকেইটাৰ মূৰ তল হ'ল। অলপ ৰৈ ভকতজনে বিলাপ কৰিবলৈ ধৰিলে, ‘অঁকৰা মানুহটোৱে ৰোষ নৰখাকৈ দুষাৰ কথাতে সম্পূৰ্ণ শেষ কৰি দিলে! মই কোৱাটো তেওঁ পেলাব পাৰিব, মই ধাৰণাই কৰা নাছিলোঁ। উহ্ উহ্ উহ্। কেনেকৈ কথা ক'বলৈ শিকিছে মানুহটোৱে?’ ‘হয় দেই, সেইটো মানুহ সোমাই গুচি আহিব লাগিছিল! তেওঁ ভোল নগ'ল! ওচৰত নিজৰ মানুহো কোনো নাই, বোলে ৰৈ শিকাই আছে! যিফালেই ঠেলে, সেইফালেই যোৱা অঁকৰা মানুহটো, অকলে একেষাৰে উত্তৰ দিব পাৰিছে! কিমানপৰ হ'লনো! আপুনিতো গ’ল, গুচিয়েই আহিল! ‘তেওঁ গুচি যোৱাৰ ফালে চাই মই ৰৈ থাকিলোঁ কাৰণেহে সেইকণো! তেওঁতো ৰৈয়েই নাথাকিল! শেনটো যোৱাদি গৈ ফেঁচাটো অহাদি ঘূৰি আহিলোঁ!” নিজকে আৰু ইয়াতকৈ বেয়াকৈ ক'ব নোৱাৰি, তেনে ভাবেৰে তেওঁ মূৰটো তল কৰি জোকাৰি জোকাৰি ক'লে। লাজৰ মাজত নিজক প্ৰবুব্ধ কৰি তেওঁ আকৌ ক’লে, ‘অঁকৰা মৈত উঠিল!’ ‘বাৰে বাৰে অঁকৰা মানুহ, অঁকৰা মানুহ কৰি আছে কিয়? হিন্দী-ছাৰে কেতিয়াবা তাইক পালে শিক্ষক হিচাপে মুখামুখি হ'ব পাৰিবনে?' অলিন্দৰ মনত খং উঠিছে। এজনে চন্দনলৈ চাই চিন্তাশীলভাবে ক’লে, “তুমি মোমায়েকলৈ ফোনটো কৰা। আজিয়েই কৰা, বাইদেউৰ ঘৰলৈ গৈ।’ ‘আজিয়েই কৰিলে বেয়া হ'ব নেকি! এইটোতো হৈয়েই গ'ল!’চন্দনে মুখ মেলিবলৈ নাপাওঁতেই আন এজনে ক'লে। ‘নহয়। মই কেলেই কৈছোঁ— আজি তেওঁ উভতি শালবাৰীলৈ যাবলৈ সময় নাই, বা তেওঁ এতিয়াই ঘূৰিও নাহে। খবৰটো সিফালে তেওঁলোকে কাইলৈহে দিব পাৰিব, যদিহে ৰাতি কোনোবা ল'ৰা-পোৱালী পঠিয়াই কাৰোবাৰ ঘৰৰ পৰা ফোনটো নকৰাই। গতিকে তুমি তাৰ আগতেই ফোনটো কৰাগৈ, দুয়োটা কথা তেওঁলোকে একেলগে গম পাওক। আমি যিটো ভাবতে নামাতোঁ লাগিলে, তেওঁকতো মাতিলোঁগৈ ঘৰলৈ, ইয়াৰ পৰা ওলাই গৈ মতা হৈছে, গতিকে মনবোৰ অলপ কুমলিব।’ চন্দন অলিন্দৰ লগে লগেই আহিল। ফোনটো লগালে। —... মামা, শুনক..... আপুনি অকণমান শুনক,, ... মই আপোনাক মামা বুলি কৈছোঁ, আপোনালোকে খংটো অকণমান কমাওক’, কৈ লৈ সি মাথোঁ শুনি আছে। আকৌ সি ক’লে, “আপুনি পেপাৰত দিছে—
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৫৮
অৱয়ব