৫৪৬ কুলাংগাৰ ‘তুমিতো জামিন পাই গ’লা৷ সিহঁতেতো লাজ পাইছে এতিয়া৷ চিঠিখনতে লাজ পাইছিল। তাই যদি আত্মহত্যা কৰি দিয়ে কি হ’ব!সংসাৰখন ভাগিলেই। ক’ত পাব ছোৱালীয়ে আকৌ ল'ৰা এটা!', হেড-মাষ্টৰে ক'লে। ‘তাকে মই ভাবোঁ, গাঁওখনৰ মাজে মাজে নিজে যোৱা ছোৱালীজনীৰ এতিয়া আশা কৰিবলৈ কিটো আছে! আত্মহত্যা কৰি দিলে ই বাচিহে যাব।', বহুপৰ আলোচনাবোৰ মাথোঁ শুনি থকা কৃষ্ণয়ো ক'লে। অলিন্দৰ মূৰটো ছিগি যাব যেন লাগিছে খঙত, ‘আৰে তাই কিয় আত্মহত্যা কৰিব? আগতে তাই হেঁপাহ লৈ জীয়াই আছিল, এতিয়া মুক্তি পাই জীয়াই আছে। হতাশা নায়েই তাইৰ মনত!’, সি নিশ্চিতকৈ জনাৰ দৰে ভাবিলে। কেইদিনমান পাছত, আটাইকেইটাই কাণ-মূৰ পেলাই নিমাতে সোমাই আহিল। মুখত চিন্তাৰ ৰেখা নাই, কিন্তু কোনেও কাৰোৰে চকুত চকু ৰাখিব পৰা নাই। বেছি চিন্তিত হ'বলগীয়া কথা নহয় যেন অনুমান কৰি সুকন্যাই সহজভাবে সুধিলে, “বেয়া খবৰ আছে নেকি? ” আটাইকেইটাই লাজত মুখ খুলিব নোৱাৰিলে। সিহঁত ড্ৰয়িং ৰুমত বহিল। সুকন্যাই আলেখ-লেখ চাই ৰৈ থাকিল। হেড-মাষ্টৰে ক’লে, ‘ল’ৰাটোক স্কুলৰ পৰা এৰুৱাই নিলে আজি!” পুনৰবাৰ বাক্যষাৰ শুনি আটাইকেইটা শিক্ষকে খোঁচ খোৱা কেঁচুৰ দৰে সোত-মোচ খাই গা জোকাৰিলে বহাতে। সুকন্যাই উত্তৰ নিদিলে, তাই ভাবিলে, আন এখন গণ্ডগোল হোৱাতকৈ ভালেই হৈছে, আৰু তাই চঁকো খাইছে— মানুহঘৰে নতুনকৈ কিবা পৰিকল্পনা কৰিব নেকি! কেইবাটাও মানুহ সোমাই থকাৰ উমান খিৰিকীৰ কাষৰ পৰাও কোনেও পাব নোৱৰা নিস্তব্ধতা-আড়ষ্টতাৰে সিহঁত বহি ৰ'ল। সভাৰ মাইক বহুপৰ বেয়া হৈ থকাৰ পাছত পুনৰ হঠাতে বাজি উঠাৰ দৰে চন্দনে ক’লে, ‘বাপেক-মাকহাল ইমান চিন্তা কৰিব পৰা মানুহ নাছিল নহয়! কেনেকৈ এতিয়া সিহঁতে আগতীয়াকৈ খেলিব পাৰিছে, মই ভাবি আচৰিত হৈ গৈছোঁ!’ —ডাঙৰ মোমায়েকটো লাগি আছে, সমস্ত চিন্তা তেওঁৰ হাতলৈ নি লৈছে।’, এটাই ক'লে। “সেইটোতো গম পাইছোঁ। তথাপি! তেওঁতো বিছ কিলোমিটাৰ দূৰত থাকে। গৈ পাবলৈ আধা ঘণ্টাৰ বেছি লাগে, ফোন কৰিবলৈ বহঁতপুৰৰ পৰা শালবাৰী চেণ্টাৰলৈ আহিব লাগে। ইয়াৰ পৰা উৎসটো, তথ্যটো পাব লাগিব। সেইটোতো সিহঁতে দিব জানিছে! বাপেকটো মানুহৰ শাৰীত পৰে নেকি! একো কথা বুজি নাপায়!”
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৫৫
অৱয়ব