সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
কুলাংগাৰ

 পানীটোত দ-চাপৰিও বহুখিনি খহিল। বালিময় ভাঙুণমাৰি চাপৰিটো বাৰু খহিছিল, কিন্তু এই ‘লিকটা চাপৰিটো’ও যে খহিলে, মানুহবোৰ আগতকৈও বেছি আচৰিত হৈছে, সৱৰে বুকুত পুৰণা মাটি-ভেটি এৰিবলগা সময়তকৈও অধিক ভয় সোমাইছে। দ-চাপৰি এৰাৰ কথা আছিলেই, কিন্তু এতিয়াতো ৰওঁ বুলিলেও কোনো ৰোৱাৰ উপায় নাই।

 ‘এইবাৰ অকণমান সহায়ৰ বাবে কিছুদিন তয়ো থাক’, সুকন্যাই চন্দনক ক’লে।

 নহয়, সি সোনকালে যাবলৈহে আহিছে, ক্লাছ বোলে ৰিজাল্ট নিদিয়াকৈয়ে হৈ আছে, তাক সৰহকৈ টকা অলপ লাগে। কিতাপ-পত্ৰৰ দাম, প্ৰেক্টিকেলৰ বস্তুকে ধৰি সি কেইবাটাও হিচাপ দেখুৱাইছে। তাৰ সকলো কথা বিশ্বাস কৰিবলৈ সুকন্যাই টান পোৱা হৈছে। এবাৰ তাই ঘৰলৈ গৈ তাক লগ পাওঁতে তাৰ কিতাপৰ মাজত দামী উপহাৰ-কাৰ্ড কেইবাখনো পাইছিল। বেলেগে তাৰ বস্তু চুবলৈ সাহ নকৰে, সি ভবা নাছিল সুকন্যায়ো সেইবোৰ খুলি চাব। তাই কৈ থৈ আহিছিল, ‘তই এইবোৰত এনেই ধনবোৰ খৰচ নকৰিবি।’ এইবাৰ তাইৰ আন এটা সন্দেহো হ’ল, ‘তই সংগঠনত সোমাবলৈ যাব বিচৰা নাইতো? ইমান টকা সঁচাকৈ কলেজৰ কামতে লাগেনে তোক?’ মুখৰ কথা বেৰে শুনিলেও কাৰোবাক লগাই যেন মাৰিয়েই পেলাব— তেনে ভাবত তাই ‘আলফা’টো ফুটাই ক’ব নোৱাৰিলে। ভাল ভাল ল’ৰা কিছুমান বিদেশলৈ গৈ প্ৰশিক্ষণ লোৱাৰ কথা তায়ো শুনিছে, চন্দন পঢ়া-শুনা ল’ৰা, তাৰ দৰে ল’ৰা এটা ঘৰৰ পৰা ভাগি দূৰলৈ গুচি গৈ ঘাটিত সোমোৱাটো অসম্ভৱ নহয়, সোমাবলৈ টকা নালাগে যদিও গৈ পাবলৈ প্ৰথমেতো কিছু টকা লাগিব হাতত। তাই তালৈ তীক্ষ্ণ প্ৰশ্নবোধক দৃষ্টি দিলে।

 ‘হেই নাযাওঁ মই সংগঠনত! সেইবোৰৰ মই নিজেই ঘোৰ বিৰোধী। এইসোপাই হ’বলা অসম স্বাধীন কৰিব পাৰে? সিদিনা অলকাৰ পুতেকটো সোমাইছে!’ সমূলি দেখিব নোৱৰা মানুহ এঘৰলৈ নিশা থকাকৈ যাৱ নেকি বুলি সুধিলে বিৰক্তিৰে উত্তৰ দিয়া দৰে চন্দনে ক’লে, অলকাৰ পুতেকলৈ তাৰ মুখত তীব্ৰ বিদ্ৰুপ ফুটি উঠিল।

 তাৰ ভংগীত সুকন্যা লগে লগে পতিয়ন গ’ল যে সি নাযায়, অলকাৰ পুতেকৰ কথাটোত তাই আচৰিত হ’ল, ‘অলকাৰ পুতেকো গ’ল নে!’

 ‘এতিয়ালৈ বাকী আছে নে যাবলৈ! দেশখনৰ চাৰি-সীমাটোকে সিহঁতে ক’ব নাজানে, এটাও ভাল মানুহৰ নাম শুনিছ নে সংগঠনত? নতুন ৰাষ্ট্ৰখন হ’লেই যেনিবা, কোনে চলাব? ইমান সৰু ৰাজ্যখন, ইয়াতে সৱ পঢ়া-শুনাবোৰে চাকৰি পাব বুলি ভাব নেকি? আমিয়েইবা কোন বেলেগ ৰাজ্যলৈ গৈ চাকৰি কৰোঁগৈ। নহ’লেতো গোটেই ভাৰততে পাঁচশখনৰো অধিক ৰাষ্ট্ৰ দিবগৈ লাগিব। এইবোৰ সোপাই মৰিব, তই চাই থাক। ভাৰতবৰ্ষ স্বাধীন কিয় হ’ব পাৰিলে বাৰু? তই কি ভাব বাৰু? মই কওঁ শুন। কাৰণ দুটা। দুটা কাৰণতেই স্বাধীন হ’ল— তেতিয়া বন্দুকবোৰ উন্নত নাছিল আৰু মানুহে অহিংস আন্দোলন কৰিছিল। এতিয়া যিবোৰ বন্দুক ওলাইছে, মানুহলৈ টোঁৱালে মানেই সি সাৰি নাযায়,