সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ৫৩৭ আগলৈ ঠিক হ'বলৈ সইত-শপত খুৱালোঁ, তাৰ পাছত গ'লোঁ থানালৈ। থানা জঁকি আছে। মোৰো সহ্য হোৱা নাইতো, তেনেকুৱা ঘটনা আমি জনা এৰিয়াত কোনো দিন শুনা নাইতো। প্ৰথমে ময়ো উভতি আহিব লগা হ'ল৷ মানুহটোতো ওলাই যাবই নোৱাৰে, তেৱোঁ সেইদিনা আমাৰ ঘৰতে থাকিল। পাছদিনা আৰু এজন মানুহ লৈ গৈছোঁ। একদম শান্ত-শিষ্টকৈ উলিয়াইছোঁ কথাটো। থানাই তেতিয়াও নামানে। কৈ দিছে-আপুনি এইটো কেচত মোৰ ওচৰলৈ আহিব নালাগে। আমিতো আগতেই জানিছোঁৱেই, নিজৰে তেজ গৰম হৈ আছে, সেইকাৰণে ভাবি-চিন্তি দহ টকীয়া বাণ্ডিল বেছিকৈ লৈ গৈছোঁ, যাতে জোখতকৈও সৰহ যেন লাগে দেখাত। দহটকীয়া বাণ্ডিল ইমান নাপায়! কষ্টৰে গোটাই নিছোঁ। যাঠি হাজাৰ টকাৰ বাণ্ডিলকেইটা যেতিয়া টেবুলত বাকি দিছোঁ, গৰজি থকা মানুহটোৱে অকণমান কেৰাহীকৈ চাইছে। তাৰ পাছতো কৈ আছে যে দোষীয়ে শাস্তি পাবই। কিন্তু মাত কোমললৈ আহিল আৰু। অকল সেয়াই নহয়, পাছত আৰু টকা ঢালিব লগা হৈছে। পাছত দেখোন ওলোটা হৈ গ'ল! বিস্ময় নে কিবা আলোচনী এখনত তাৰ ফটো-চটো দি কেইবা পৃষ্ঠা গল্পৰ দৰে লিখিছিল, হত্যাকাৰী বুলি। সেইবোৰ কি হ'ল? সেইটো মানুহেই মাষ্টৰীতে থাকি আকৌ বিয়া পাতি গাঁৱত হাঁহি-মাতি ঘুৰি ফুৰিছে।” “আপুনি ফোনটো কৰি চন্দনৰ লগত পাতকচোন। আমাৰ এখেতো যাবগৈ লগাই হ’ল। আমি যদি কিবা অলপ গোটাই দিওঁ, দিয়াটো আপুনি দিব পাৰিব নেকি?” “সেইটো ম‍ই গৈ দিম বাৰু, যোৱাটো হৈ যাব। আপোনালোকৰ নিজৰ মানুহো গৈ থাকিলে ভাল। বাৰু ম‍ই ক'ম যে-সিহঁতৰ মানুহ-দুনুহ নাই, কিন্তু সাজু হৈছে, আপোনালোকে মনত ৰাখিব, একেবাৰতে নহলেও অলপ অলপকৈ হৈ থাকিব, সেইটো চিন্তা কৰিব নালাগে। মই তেনেকৈ বুজাই ক'ম।’ ‘আপুনি তাৰ লগত পাতকচোন।' ‘হ’ব বাৰু, ম‍ই ঘৰৰ পৰাও ফোন কৰিব পাৰিম। আপুনিয়েই লগাওকচোন, তাক আমাৰ ঘৰলৈ কৰিবলৈ ক'ব গধূলি।’ ‘অ’চিজন ক’ৰ মানুহ বাৰু? প্ৰথমতে বহুত গৰজি আছিল হেনো-সত্ৰৰ কি নিয়ম দেখুৱাবলৈ আহিছে বোৱাৰীক অত্যাচাৰ কৰি, গোটেই জাকক চোঁচৰাই আনিম - এনেকৈ খঙত আছিল হেনো। কথাবোৰ যে ভুৱা, সেইটো জানিহে পাছত অলপ ঠাণ্ডা হৈছে বোলে।’ ‘এইজন অলপ ভালেই, সোনকালে বুজি পায় আৰু মানে ডিমাণ্ডটো অলপ কম। ইয়াৰ আগৰ যিটো আছিল, সি বেছিদিন নাথাকিল, সি থকা হ'লে আপোনালোকে কিডনি বেছিব লাগিলহেঁতেন। মই কিন্তু তাকো নচুৱালোঁ। তাক কি কৰিলোঁ শুনক আকৌ! আমি যেতিয়া ট্ৰেক্টৰত কাঠ আনো, সিহঁতক প্ৰতিখনৰে টকা দিব লাগে। আমাৰ ভাগে ভাগে ল'ৰাই চাই থাকে, গাড়ীখন বোলে পাৰ হৈ গৈছে, তেনেকুৱাতে আমি ট্ৰেক্টৰ