সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ৫৩৫ ভুৱা। এতিয়া ছোৱালীজনীৰ মনটো ঘূৰাব পাৰিব লাগিব বোলে, তাই যদি ঘুৰে তেতিয়া গিৰীয়েক বাচিব। মেজিষ্ট্ৰেটে কৈছে, যেনে-তেনে ছোৱালীজনীক লগ কৰি বুজাওক আপোনালোকে। আমি কেনেকৈ লগ পাম! তাইক মোমায়েকে নিজৰ ঘৰত ৰাখিছেগৈ। মোমায়েকে দশোদিশ সমস্ত জানে, ভৱিষ্যৎটোত কোন দিনা কি হ'ব সকলো জানি সেইমতে কাম কৰি আছে। তাইক ইয়াত ৰখাই নাই সেইকাৰণে। কিজানি গাঁৱৰ মানুহৰ হতুৱাই ভুলায়।’তাই বিপুললৈ চালে, দেখিছেনে কি অৱস্থা হৈছে গিৰীয়েকৰ? আপোনাৰ যিবোৰ গতি-গোত্ৰ, ইমান দিনে দহবাৰ জেইল হ'লহেঁতেন।’কৈ লৈ তাইৰ নিজৰো হাঁহি উঠিল, বিপুলে দাঁত নিকটাই হাঁহিলে। দোকানলৈ ওলাব বিচৰাৰ দৰে কৰি অলিন্দই বিৰক্তিত আঁতৰি গুচি গ'ল। পিৰালিৰ গাতত বিষাক্ত সাপ এটা নিৰুদ্দেশ হোৱা দেখাৰ পাছত ভয়, উত্তেজনা আৰু অঘটনৰ অনিশ্চয়তাৰ মাজতো সকলো শান্ত হোৱাৰ দৰে পৰিস্থিতি শাম কটা যেন হ'ল৷ চিন্তিত হৈ কেইদিনমান পাছত কৃষ্ণৰ কাঠ-বেপাৰী ককায়েকটো আহিল। কথাবিলাক আপোনালোকে এতিয়াও বুজি পাবলৈ বাকী আছে। সি গুৱাহাটীলৈ গ'ল, তাত জামিন ল’ব, ঠিক হৈ যাব— তেনেকৈ ভাবি থাকিলে নহ'ব। জামিন হওঁতেও বহুদিন লাগিব আৰু জামিন লোৱাৰ পাছতো দিগদাৰ আছে৷ আপোনালোকৰ মানুহ প্ৰতি দিনে থানালৈ গৈয়েই থাকিব লাগিছিল। গোটেই আইন, পুলিচ, ক'ৰ্ট সিহঁতৰ ফালেই আছে।' জামিন লাভৰ ক্ষীণ আশাটো পূৰণ কৰিবলৈ অহৰহ ঈশ্বৰক খাতি খাতি সুকন্যাৰ মনটো অলপ মুকলি হৈছিল, পুনৰ ভয়ত তাইৰ চিন্তাশক্তি শেষ হোৱা যেন লাগিবলৈ ধৰিলে। ‘এতিয়া বদনাম হৈছে, বাতৰিত ওলাইছে, আপোনালোকে সেইবোৰ চিন্তা এৰক। সেইবোৰ একোৱেই নহয়। মানুহে দুদিন পাছতে পাহৰিব, কেইদিনমানৰ পাছত স্বাৰ্থ ওলালে তাৰে ভৰিত পৰিবহি মানুহ। এতিয়া মাথোঁ আপোনালোকে শেন চকু ৰাখক থানাখনত, যাতে পুলিচকেইটা আপোনালোকৰ পৰা বেলেগ ফালে হাওলিব নোৱাৰে। ছোৱালীঘৰৰ মানুহে কি ভাবিছে আপোনালোকেতো নাজানে, কোনেও নাজানে, কাৰোৰে লগত যোগাযোগ নাই। সিহঁতে যদি পাছতো টানি ধৰে? তেতিয়া কি হ'ব? কি হৈছিল, কি নাই হোৱা গোটেই কেচটো ইহঁত পুলিচকেইটাইহে লিখিব, আপোনালোকে ইয়াৰ মানুহকেইটা পতাবলৈ চাওক। মই সেইকাৰণেহে আপোনালোককো কেচ এখন দিবলৈ কৈছিলোঁ। চন্দনক কৈছিলোঁ মই- তই কেচ এখন দি থ, তোক দৌৰাইছে, তয়ো দৌৰা, সোণৰ বহুত গহনা চুৰি কৰি লৈ গৈছে বুলি দি দে, পাছত প্ৰমাণ যি হয় হৈ থাকিব; সিহঁতৰো যেতিয়া খৰচ হ'ব, তেতিয়া তই পুলিচক পতাই থাক। কেচ খেলা বুলি কয় নহয়, কেচ খেলিব লাগিব। সি নুশুনিলে। মই আজি বহুত চিন্তা কৰিহে ক'বলৈ আহিছোঁ নিজে। হলিৰাম বৰাৰ বোৱাৰীয়েকৰ কেচটো জানে নহয়! মানুহ মাৰিও দেখোন সেয়া আকৌ বিয়া-বাৰু পাতি ঘুৰি ফুৰিছে।”