সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ৫৩১ বৰায়েক আহি ওচৰত ৰৈ থকা অলিন্দই দেখিলে, সি ভাবিলে, “সিহঁতহালৰ কাজিয়াৰ মাজত দুয়োজনীৰ কাজিয়া চাগে বন্ধ হৈ আছে, পৰস্পৰৰ খং-ৰাগবোৰ কমিছে।' সি বৰায়েকক জোকালে, ‘অ’ বৰাই, সিহঁতে কাজিয়া কৰি থাকোঁতে আপুনি দম নিদিলে কিয়?’“হেই, তাৰ ঢেঁটু মেলি জিকিব খোজা স্বভাৱটোৰ বাবেই নিদিলোঁ। চিঞৰটোত এবাৰতে চক খাই যাওঁ মই। আগেয়ে হোৱা হ'লে তাকে কোবালোঁহেঁতেন, এতিয়া চকুৰেও নমনা হ'লোঁ।' তেৱোঁ ৰসিকতা কৰিলে। তেওঁ আকৌ ক’লে, ‘তাই ভালেই অ’, বৰ বেয়াও নাছিল, অকণমানি ছোৱালীহে।' আয়েকেও ক’লে, “মানুহে সুধিলে ম‍ই তাকে ক’ম— বোৱাৰী ভালেই পাইছিলোঁ, কিনো সিহঁতৰ হ'ল, ম‍ই বুজি-বাজি নাপাওঁ৷” দুয়োজনীয়ে বান্ধৱীৰ দৰে সমানে সমানে সুন্দৰকৈ উত্তৰ দিয়া দেখি অলিন্দৰ হাঁহি উঠিল। ‘আপোনালোকৰ ভয় লাগিছে নেকি?” “ভয় লগা নাই। বনবাসত থকাৰ দৰে এবছৰ- দুবছৰ পাছত ঘুৰি আহিব যেন লাগি আছে।’বায়েকে ক'লে। অলিন্দই আয়েকক সুধিলে, ‘পুলিচকেইটাক সমুখত দেখি আপুনি ভয় খাইছিল নেকি?’‘অ... মই প্ৰথমে ভূত দেখাদি দেখিলোঁ নহয়!’খং-ঈৰ্ষা দমাই ৰাখি ৰাখি বলিয়াৰ দৰে বলকিবলৈ পাতনি মেলা যিজনী মানুহক আনে ভূতে পোৱা বুলি ভাবিছিল— এতিয়াও ভাবে, তেওঁ বাৰু ভূতৰ বিষয়ে কি ভাবে? সেই দিনকেইটাত তেওঁ কেনেকুৱা কথা ভাবিছিল। জানিবলৈ মন যায় অলিন্দৰ। কিন্তু সেইবোৰ তেওঁক কোনোদিন সুধিব পৰা নাযাব, নজনাকৈয়ে সেইবোৰ থাকি যাব। সি সুধিলে, “তাৰপাছত?’‘পাছত মানুহকেইটাই হাঁহি হাঁহি ভালকৈ কথা পাতি গৈছে। আমাক হাঁহি হাঁহি সুধিছে— ইমান ধুনীয়া বোৱাৰীজনীক আপোনালোকে কিয় খেদি দিলে। মই বোলো আমি নাই খেদা, নিজেহে গৈছে, বোৱাৰীক আমি বেয়া পোৱা নাছিলোঁ। এজনে কৈছে— আপোনালোকৰ পুতেকে অত্যাচাৰ কৰিলে, এতিয়া অকণমান দিগদাৰ হ’ব। আমি ক'লোঁ— সিহঁতৰ কি কথা কি বতৰা নাজানো আমি, ডাঙৰ কাজিয়া লগা দেখাও নাই, আমাৰ এটাই ল'ৰা, আপোনালোকে তাক এৰি দিব সোনকালে।’“বাঃ, আয়ে বৰ ধুনীয়া উত্তৰ দিছে পুলিচক।’‘নহয়, বৰায়েও কৈছে, আতাকেও কৈছে লগতে। অ’ ৰ’বা, বাবা, তুমি চিলিণ্ডাৰটো লগাই থৈ যাবাচোন। ম‍ই কুকাৰটোৰ সাঁফৰখন মাৰিব নাজানিলোঁগৈ নহয়। কোনোবাই মাৰি দিলে গেছত উঠাই দিব জানো। ভাত ৰন্ধাটো বাৰু চৌকাতে কৰিম, গেছত পানীকণ গৰম কৰিবলৈকে সুবিধাটো হয়, চাহ অকণ কৰিবলৈকো লাগে। এইকেইটা দিন সেইটো কাহিনীৰ জহতে মোৰো শাস্তি হৈছে, গেছটো হোৱাৰ কাৰণে কিমান সুখ পাই আছিলোঁ।' উভতি আহোঁতে অলিন্দক দেখা পাই কৃষ্ণৰ ককায়েক এটাই মাতিলে, “তাত ককাহঁত ভালে আছে নে?’ ‘আছে আছে।’ কাষতে থকা দোকানী এজনে বাতৰি কাকত এখন হাতত লৈ চকু পকাই হাঁহি এটা মাৰিলে। অলিন্দ সন্দেহ হ’ল, ‘কি আছে তাত?’ “মোমায়েৰৰ কেচটো ওলাইছে।' দোকানীজনে বাতৰিখন আগবঢ়াই দিলে।