সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
এটা পায়খানা তিনিটা নিয়ম

 একেটা খৰালিয়েই মানুহবোৰক শিক্ষা দি দিলে— এডালো খৰি নথকাকৈ চাপৰিত বাস কৰাৰ পৰিতাপ কেনেকুৱা! নাই যি নাই নলনিত ঠেকা খাই লুতুমুৰি এটাও নাই। গছ কেতিয়া উঠিব, খৰি কাটিব পৰা হ’ব কেতিয়া, হাল বাই খেতি কৰিব পৰাৰ কোনো লক্ষণো নাই, পলসত সাৰৰ সঁচ নাই, কেৱল মাছ আৰু গৰু-ম’হৰ গাখীৰকণক লৈ জীয়াই থাকিব পাৰি জানো!

 বিপুলৰ স্কুলখন থকা চাপৰিটো আৰু মিপাকৰ গাঁও থকা আন এটা চাপৰিও যোৱা বাৰিষা অলপ খহালে, অহাবাৰ শেষ কৰি পেলাবও পাৰে। সেইবাবে, দক্ষিণলৈ চাপৰি এটা বিচাৰি উলিয়াই মিপাকৰ কিছুমান মানুহ খৰালিতে উঠি গ’ল। চাপৰিটো স্থায়ী হ’বলৈ তেওঁলোকে প্ৰথমেই বৰ-নামঘৰটো উঠাই নি নাম-প্ৰসংগ-প্ৰাৰ্থনা কৰি সমজুৱাকৈ ঘৰ লৈ চাপৰিটোৰ নাম দিছে হৰিচাপৰি। বহুকেইজনে কৰঙা ফালি ফালি ঘূৰি-পকি দেখিছে— চাপৰিটো যথেষ্ট ডাঙৰ, কেইবাখনো গাঁও বহিব পাৰিব, ঠায়ে ঠায়ে ওখ, কাঠমাটিও আছে, ঘাঁহ-বন আছে, সেৰেঙাকৈ হ’লেও দুই-এডাল গছো আছে, দুখনমান বিলো আছে। প্ৰায়বোৰে তালৈকে যোৱাটো ঠিক কৰিছে। খৰালি পানী শুকাই ওলোৱা বালিৰ ওপৰেৰে বস্তু-বাহানি কঢ়িয়াবলৈ অতি কষ্ট হোৱাত মানুহবোৰ বাৰিষাৰ প্ৰথম পানীটো অহালৈ ৰ’ল। দূৰণিলৈ যাব বিচৰাবোৰক বাদ দি দ-চাপৰিৰো বাকীবোৰে হৰিচাপৰিলৈ যোৱাটোকে পাতি আছে।

 বাৰিষা আহিল, দ-চাপৰিত পানী উঠিল। আধা-আধি মানুহ গৈ হৰিচাপৰিত বহিলগৈ, নেওগৰ স্কুলখনো নিলে।

 কেইজনমান মানুহে আজৰি উলিয়াই বিপুল আৰু নেওগৰ ঘৰ দুখন উঠাই নিয়াৰ কথা কৈ থৈছিল। ইদিন আহিম সিদিন আহিম কৰি থাকোঁতেই থাকিল, পানী ভিতৰ সোমাল, বিপুলহঁতৰ বিচনা ডুব গ’ল। ডাঙৰ বিচনাখনৰ ওপৰত সৰুখন উঠাই দিন-ৰাতি শুই-বহি আছে সিহঁত। তাৰে কাষত সমান ওখকৈ বিপুলে এচলা তক্তাৰ চাং এখন সাজি চাৰি আঙুল ডাঠকৈ বোকা লেপি দিলে, তাতে উধান তিনিটা বহুৱাই সুকন্যাই ৰন্ধা-বহা কৰিছে। নাও লৈ তহলি ফুৰা মিচিং গাঁৱৰ কোনোবাই মাজতে আহি মাত লগায়, কোনোবা সময়ত ৰঘু নেওগো আহি মাত দিয়ে।

 পানী দুসপ্তাহ ধৰি নোযোৱাত গৰুকেইটা বাচি থকাৰ সমস্যা আহিল। ইয়াত কাটিব পৰাকৈ দীঘল ঘাঁহ নাই, যিকেইডাল আছিল পানীত ডুবি গেলিল। গোহালিও ডুবি আছে, পানীত ভৰি থৈ থৈ গৰুকেইটাৰ ভৰি গেলিবলৈ আৰম্ভ কৰিছে। মিচিং গাঁৱৰ গৰু-ম’হৰ জাকটো ওখ হাবিয়নি চাপৰি এটালৈ নিছে, বাঘৰো ভয় যদিও উপায় নাই। তাতে বিপুলহঁত দুয়ো ঘৰৰকেইটাও চমজাই দিলে।

 পানী শুকুৱা দিনতে চন্দন ওলালহি। ফুৰিবলৈ নহ’লেও, পইচা নিবলৈ সি আহি থাকিব লাগে।