সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ৫২৯ পাছদিনা অলিন্দক কলেজলৈ যাবলৈ নিদি সুকন্যাই ঘাটলৈ পঠিয়ালে, বিপুললৈ খবৰ দিবলৈ যাতে সি সৰহকৈ ছুটী লৈ আহে। ফোনেৰে ঢুকি পোৱা মিতিৰ-কুটুম্ববোৰকো তাই জনালে। ‘তই ককা-আইহঁতক ক’বি, চিন্তা কৰিব নালাগে, ইয়াত মানুহ লাগি আছে, সকলো গণ্ডগোল ঠিক হৈ যাব। আৰু মামা ঘৰলৈ বহুদিন যাবলৈ নাপাব, নেদেখি চিন্তা কৰিবলৈ হাক দিবি, বুজাই ক’বি। তই তাত বেছি সময় ৰ'ব নালাগে। পুলিচ দেখিলে নোসোমাবিয়েই, ক'ৰবাত ৰৈ অলপ দেৰি চাই-চিতিহে ঘৰলৈ যাবি। সোমোৱাৰ পাছতো কাণত পৰিবতো, গাড়ীৰ গম পালে লগে লগে গুচি আহিবি। বাটে-পথেও কোনোবাই যদি সোধে, ক’বি যে একো নাজানো। ম‍ই যাব নোৱাৰোঁ, সেইটোও ক’বি, অকস্মাতে ইয়ালৈ কৃষ্ণহঁত আহিব, কিবা দৰকাৰী কথা থাকিব।' আতাকহঁতৰ মুখত ভয়ৰ চিন নাই। কালি কৃষ্ণই বুজাই থৈ গৈছে— 'আপোনালোকে চিন্তা নকৰিব, তাক বচাই আনিমেই।' তেওঁলোকে তাতে ভৰসা কৰি আছে, অলিন্দক সেইটোকে কৈছে। পাকঘৰত চিলিণ্ডাৰ নোহোৱা ষ্ট ভটো দেখি অলিন্দই আচৰিত হৈ আয়েকক সুধিলে, ‘দুয়োটা চিলিণ্ডাৰ আঁতৰাই সিটো ৰুমত থৈছে যে? দুয়োটা খালী নেকি? দুয়োটাতো খালী হৈ নাথাকে! মামাহঁত নাই কাৰণে কালি কোনোবাই খুলি থৈ গৈছে নেকি? আপুনি অলপ চলাব পাৰেই দেখোন!” ‘নহয়, চিলিণ্ডাৰ আগতেই খুলিলে। এটা ভৰ্তি হৈ আছে। এসপ্তাহমান হ'ল খোলা।’ “কিয়? ’ “মামাই তাইক পাকঘৰত একো চুবলৈ নিদিয়া হ'ল।' “কি কাৰণে?’ অলিন্দ অধিক আচৰিত হৈ গৈ আছে। “এ.... তাইৰ মাক আহিছিল নহয় এদিন। সি নাছিল। মাকেও তাইক বুজাইছিল— ৰাইজে কৈছে যেতিয়া তই ইয়াতে মিলি থাক, ঘৰলৈ নালাগেচোন যাব। তাই ক'লে— ৰাইজক চেণ্ডেল লগাই দিম। মামা অহাৰ পাছত, মাকে কি কি পাতিলে সোধ-পোছ কৰিলে। ৰাইজক চেণ্ডেল লগোৱা কথাটো আকৌ ক'লে। মামাৰ খং উঠি গ'ল— ৰাইজক চেণ্ডেল লগাম বুলি ক'বলৈ তই ইমান ডাঙৰ মানুহ ওলালি, ৰাইজৰ ওপৰত তই কোন, কোনো মানুহ ৰাইজৰ ওপৰত নহয়, মাইকী মানুহ হৈ ইমান ওপৰত উঠিবলৈ আহিছ। সি লগে লগে তাইৰ হাতেৰে খোৱা নিষেধ কৰি দিলে। চিলিণ্ডাৰটো লাগি থাকিলেহে ষ্ট’ভটো চুব, সেইকাৰণে সি সেইটো খুলি থৈ দিলে। এতিয়া গৰম পানী অকণ লগা হ’লেও, ম‍ই আকৌ চৌকাতে জুই জ্বলাব লাগে। তাই ৰাইজৰ আগত ক্ষমা খুজি, উধাৰণি নপতালৈকে ষ্ট’ভ চুবলৈ দিয়াৰ কথা নাছিল। ৰাইজ গোটালেহেঁতেনহে। গুচিয়েই গ'ল!’ ‘সেইবোৰ কৰিলে ক'ত থাকিব! সেইবোৰ ভাল কথাতো নহয়। এতিয়া ৰাইজে উধাৰ কৰি দিবনে?’ৰাইজক চেণ্ডেল লগাই দিম— কথাষাৰ শুনি অলিন্দৰ ভাল লাগিছে,