৫২৮ কুলাংগাৰ ভয় নকৰিবি। পথাৰেদি গুচি আহিবি। ভয় লাগিলে সিঘৰৰ কোনোবা এটাক আগবঢ়াই দিবলৈ ক’বি। তোৰ কাগজ-পাতি, কাপোৰ-কানি গোটেইবোৰ লৈ আহিবি। সিহঁতে দিয়া একোৱেই বস্তু নানিবি। তই পিন্ধা কাপোৰবোৰত মূত অকণ ছটিয়াই থৈ আহিবি। সোনকালে আহ।' ‘এইখনে এখোপ বচাব যেন লাগিছে। বাকীখিনি সাৰি গ'লেই হ'ল আৰু!’সুকন্যাই ক'লে। —তাকে কৈছোঁ আমি, এইখনে অলপ বচাব। চিঠিখনে নবচাই, ক'ৰ্টত চিঠি নাপাত্তা হৈ যাবলৈ আছে। এইখন চিঠি মিছা বুলিও প্ৰমাণ কৰিব দিব পাৰে ক'ৰ্টে। কিন্তু এই যে মূত অকণ ছটিওৱা কথাটো, এইবোৰ আজিকালি মুকলিকৈ কোনেও বিশ্বাস কৰাটো নেদেখুৱায়, লাগিলে বিশ্বাস কৰকেই। সেই কথাটোৱেই মুকলি হৈ পৰাত লাজ পাব সিহঁতে, মানুহৰো ধাৰণা সলনি হৈ পৰিব। এনেই চিঠিখনৰ বাকী কথাখিনি লৈ ক'ৰ্টত তাক বিপদত পেলাওঁ বুলিলে বেছি কাঢ়াকৈ ধৰিবহে পাৰিব।” ‘ময়ো সেইটোকে কৈছোঁ।’, সুকন্যাই ক’লে, ‘কাপোৰত মূত অকণ ছটিয়াবলৈ মুকলিকৈনো কোনে কৈ পাইছে? ক'বলৈ সকলোৱে লাজ পাব। কিন্তু লোকৰ যাদু-মন্ত্ৰৰ পৰা সাৰিবলৈ একো উপায় নেদেখিলে শেষত সেইটোৱেইতো কৰি থয়।” ‘আমি এজাপ দি থৈ আহিছোঁ। চেণ্টাৰৰ দোকানত থকা গাঁৱৰ দুটাই দোকান বন্ধ কৰি যাবলৈ লওঁতেই পাইছোঁহি, জেৰক্স কৰা পঞ্চাছখন দি পঠিয়াইছোঁ। সিহঁতেতো গৈয়েই বিলাব।' চন্দনে ক'লে। —তই চিনাকি মানুহৰ আগত তেনেকৈ নোলাবি আৰু! কোনে বা কি ভেকচন ধৰি থাকে!’সুকন্যাই ক'লে। ‘হয় সেইটো।’কৃষ্ণই শলাগিলে, ‘ভাতকেইটা সোনকালে দিয়ক। ইয়ালৈকো আহি যাব পাৰে। পুলিচেতো গম পাইছে, এইখন বায়েকৰ ঘৰ। গাড়ীখনে আকৌ এপাক মাৰে সদায়। তাৰ আগে আগে আমি যাওঁ।’ ‘দিওঁ দিওঁ! দাদাহঁতে কি কৈছে?' ‘সৰু দাইতো ইয়াকো এখন কেচ দিয়েই দিবলৈ কৈছে। কাপোৰ-গহনাৰ সৈতে মানুহ এজনী হেৰাইছে বুলি কেচ এখন কাইলৈ দিবলৈ কৈছে।' ‘নালাগে নালাগে, জেংহে বাঢ়িব। লাগি দিয়া মানুহ নিজৰ কোনো নাই, বুজি ও নাপায়, গতিকে বেছি বিপদহে হ'ব। থানাত কেচটো চাই আহিবলৈ মানুহ এটা নাই, দুপৰীয়াতে ঘটনা ঘটিছে, এতিয়ালৈকে ৰাইজৰ কোনো এটাতো নাহিল, সেইবোৰেই উধাৰণি পতা মানুহ। এতিয়া, সিহঁতৰ ঘৰলৈ যোৱা মানুহ লাগিছিল, আমাৰ ফালৰ কোনোবা মানুহ সিহঁতৰ ঘৰলৈ যাব লাগিছিল!’সুকন্যাই ক'লে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩৭
অৱয়ব