ৰাইজক-চেণ্ডেল-লগাই-দিম ৫২৭ “সৰুদাক থানালৈ পঠিয়াই মই বহঁতপুৰলৈ গ'লোঁ, পদুলিতে পালোঁ নহয় গাড়ীখন, সিহঁতে ঘৰত সোমাই উভতি আহিছে। মই ক'বলগীয়াখিনি ক'লোঁ তাতে, কিন্তু সিহঁতে সিহঁতৰ কাম কৰিবই লাগিব। আৰু কেচ কাঢ়াকৈ দিছে।' ‘ঘৰত সোমাই কি কৰিলে?” ‘দুটা পিছফালে দুৱাৰমুখত, এটা চোতালৰ মূৰত, ঘৰৰ ভিতৰলৈ সোমাইছে দুটা, গাড়ীখন সিহঁতে দূৰতে থৈ গৈছে, পাছতহে পদূলিলৈ নিছে। সন্ধিয়াতো লাগিলেই, আতা বাৰণ্ডাতে বহি আছিল, দুটা গিৰিপ গিৰিপ সোমাই গৈছে, আতাই চকুৰে মনিব পৰা নাই, আতাই সুধিছে— চন্দন আহিছ নেকি অ’! সৰু আয়ে পাকঘৰত চাকিটো জ্বলাই পিছফালৰ দুৱাৰখন মাৰিবলৈ গৈছিল—সমুখত দুটা পুলিচ! ভিতৰৰ দুটাই ৰুমবোৰত টৰ্চ মাৰি ফুৰিছে। ” “দেখি কেনেকুৱা লাগিছেবাৰু মনটো! কি যে কাহিনী! কম কাহিনী নহয়! পুতেকক ধৰিবলৈ পুলিচ সোমাইছে, চকুৰে নেদেখি ভাবিছে পুতেকটো আহিছে! সেইটো বা কি জাতৰ মানুহ! ভিতৰলৈ সোমাই গৈছে! গোসাঁই ঘৰ হৈ আছেনে সেইখন! আজি খোৱা- বোৱা কেনেকৈ কৰিছে! এনেয়ো আজি খাব নোৱাৰে।' সুকন্যাৰ চকুপানী ওলাল, পাৰ্যমানে লুকুওৱাৰ চেষ্টা কৰিলে। চন্দনে জেপৰ পৰা কাগজ এজাপ উলিয়ালে, ‘এইখন চিঠি! ধৰা পৰিছে। বৰ- আতাৰ ঘৰৰ মানুহ জড়িত আছে।’ “কাৰ চিঠি? ” কৃষ্ণই ক’লে, ‘ৰশ্মিলৈ মাকে দিয়া চিঠি। সিহঁতৰ প্লেনটো কাইলৈ পৰহিলৈ আছিল, তাই চিঠিখন নাপাওঁতেই গুচিয়েই গ'ল। মাকে ঘৰৰ কাষৰ তিনিআলিতে ৰৈ বোকাগাঁৱৰ ল'ৰা এটাক দি পঠিয়াইছিল, সি ভাবিলে আবেলি দিম, সি ঘৰত সোমাই থাকিল। ইফালে দুপৰীয়া তাই গুচিয়েই গ'ল। ঘটনা যেতিয়া ঘটিয়েই গ'ল, সিহঁতে চিঠিখন খুলি চালে। তাৰ পাছত সিহঁতে ভাবি আছে, কাক দিব চিঠিখন, মানুহ চাই আছে, আতাহঁতক দিতো লাভ নাই। মই যোৱা দেখি মোৰ হাতত দিলে।' চন্দনে ক’লে, “মই স্কুলৰ পৰা গৈ কেতিয়াবা দেখোঁ, খিৰিকীৰে কথা পাতি থাকে সিঘৰৰ কোনোবা এজনীৰ লগত। তায়ো একেবাৰে খিৰিকীৰ ৰদতে মূৰ লগায়, সিজনীয়েও বেৰতে গা লগায়। মই পদূলিৰে সোমোৱা গম পালেই ভাগে। মই ভাবিছিলোঁ, এনেই পৰচৰ্চা।’ ‘কি লিখিছে চাওঁ।’ চন্দনে পঢ়ি দিলে, “মাজনী, তই সোনকালে গুচি আহ। তই পালেহিয়েই আমি আগবাঢ়িম। আমি সাজু হৈ আছোঁ। ডাঙৰ মামাই দেৰি কৰিবলৈ হাক দিছে। তই আহ।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩৬
অৱয়ব