সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইজক-চেণ্ডেল-লগাই-দিম ‘ই স্কুলৰ পৰা ওলাই বাটতে গম পালে। ঘৰলৈ নগৈ এইফালে গুচি আহিল।' ৫২৫ “তই সেইবোৰ কৰিছিলি নেকি? ম‍ই ইমান দিন একো খবৰেই পোৱা নাই, তাত কি হৈ আছে চিন্তা কৰিহে আছিলোঁ, এইখিনি হ'ব বুলি ভবাই নাছিলোঁ, পাছৰখিনি কি হ'বগৈ বাৰু! এতিয়া থানালৈ মানুহ যাব লাগিছিল, সিহঁতৰ ঘৰলৈকো যাব লাগিছিল। পুলিচ- চুলিচৰ কথাবোৰ জনা আমাৰতো কোনো মানুহেই নাই! ভিনিহিয়েক কেইটাৰ কোনটো নো ইমান জনা-বুজা! কেনেকৈ উপায় ওলাব! আগৰকেইদিন কি হৈছিল কচোন! তই গাত হাত উঠাইছিলি নেকি? ‘কি অবান্তৰ কথা সুধিছে মায়ে!' অলিন্দই ভাবিলে, “নিশ্চিতকৈ তাইক মাৰ-পিট কৰা নাছিল। ঘৈণীয়েকক মাৰ-পিট কৰাটোহে অকল সমস্যা নেকি? আশান্তিৰ সীমা পাৰ হোৱাতহে তাই গুচি গৈছে, তাতকৈ মাৰ-পিটতো কমেই হ’ব! প্ৰশ্ন সুধিছে চোৱা! কিন্তু সিহঁতে মিছাকৈ কেচ দিছে কিয়?’অলিন্দ চিন্তিত হোৱা নাই, দুখো লগা নাই, ভালো পোৱা নাই, দৈনন্দিন ঘটনাৰ দৰেই লাগিছে তাৰ। সুকন্যাই সুধিলে যদিও উত্তৰটো তায়ো জানে। চন্দনে মাতটো উলিয়ালে, “এইটো প্ৰি-প্লেন সিহঁতৰ। গুচি গৈয়েই আজিয়েই চিন্তা কৰি কেচ দিয়া নাই।’ —এইকেইদিন তোৰ লগত কেনেকুৱা আছিল?’ ‘মোৰ লগত এইকেইদিন খুব ভাল। যোৱাৰ প্লেনটো আছিল বাবেই পাঁচদিনমানৰ পৰা যি কওঁ তাকে শুনে। ...মই ঘৰত বেছি নাথাকোঁৱেই, সেইজনীতো একেৰাহে ঘৰতে আছে, সেইজনীয়ে কৰি আছিল কি?' সি আয়েকক গালি পাৰিবলৈ ধৰিলে, দুজনী ছোৱালী ঘৰৰ পৰা ওলাই গ'ল, গম নাপালে! আজি তাই ওলাই গ'ল, গম নাপালে! বৰায়ে যদি চকুকেইটাৰে দেখা হৈ থাকিলহেঁতেন, যাবলৈ নাপায়, ধৰা পেলাই দিলেহেঁতেন। এইজনীয়ে মোৰ তেজ খাবলৈ জীয়াই আছে অকল, মৰি নাযায় কিয়! ' ‘ৰহ, তই হুলস্থূল নকৰিবি, অঁকৰা মানুহ, সেইবোৰ বুজি নাপায়।’কৃষ্ণই ক’লে। ‘বাকী নাই আৰু দেই! তই একদম মনে মনে ধৈৰ্য ধৰি প্ৰতিটো খোজ দে। অকণমান হেৰফেৰ হ'লেই শেষ হৈ যাব, ধৈৰ্য ধৰ। নিজে একো সিদ্ধান্ত ঘপকৈ নল’বি, ঘপকৈ কাকো নক’বিও একো। মুখৰ পৰা একো মন্তব্য নুলিয়াবি, মাত্ৰ কথাবোৰ চিন্তা কৰি পাত, এতিয়া উগ্ৰ হৈ ফল নোলায়।’সুকন্যাই ক'লে। “মই বাটতো সেইটোকে কৈছোঁ— শান্তকৈ থাক।’কৃষ্ণ থিয় হ’ল, ‘ব’ল, মই তোক ঘৰত থৈ আহোঁ। গধূলি হ’বই, ৰাতিটো ঘৰতে থাক। কাইলৈ দিনত আকৌ লগ হৈ আমি চিন্তা-চৰ্চা কৰিম।’ ‘নালাগে নালাগে নালাগে নালাগে! আজি ঘৰলৈ যাব নালাগে। কেচখন দিছে মানে কিমান বা কি দিছে গমেই পোৱা নাই, ঘৰলৈ গ'লে পুলিচে উঠাই লৈ যাব। পুলিচে