524 কুলাংগাৰ পাছদিনা আবেলি, চন্দন আৰু কৃষ্ণ পদূলিৰে সোমাই অহা সুকন্যাৰ চকুত পৰিল। তাই পুনৰ ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰে উথলি উঠিল— 'কালি সেয়া মানুহটো আহি গৈছে, আজি ইহঁত আহিছে! কেনেকৈ যে মিলি গৈছে! এমাহৰ মূৰত আজিয়েই ওলালহি ইহঁত!' ধ্ৰুৱ মহন্তৰ লগত কালি একো সিদ্ধান্ত নহ'ল, নিজে অহা মানুহজনৰ আগত একেদিনাই বেছি কথা উলিয়াবলৈকো তাই ভাল নাপালে, পাছত অলিন্দয়ো সেয়া নাযাওঁ বুলিয়েই ক’লে, ‘আজি এতিয়া চন্দনক ক’বই লাগিব। সি এনেকৈ এৰাই চলিলে নহ'ব নহয়! তাকে লৈ যাব লাগিব। তাকে লৈ এদিন ফুৰিবলৈ যোৱাৰ দৰে তেওঁৰ ঘৰলৈ যাব লাগিব। তেনেকৈ চন্দনৰ সৈতে ঘনে ঘনে গৈ থাকিলেও মানুহটো ঘৰুৱাৰ দৰে হ'ব, তেতিয়াহে যদি গুৰুত্বটো দিয়ে। নহ'লে হেডজন হিচাপে তেওঁ নিজে আগবাঢ়ি সদায় নকয়। ...আগৰ টিউচন বা মৃদুলা স্কুলত সি পঢ়াত কিমানকণনো মন দিছিল! ইয়াত ক্লাছ নহয়েই, এতিয়া সি নিজে নিজে পঢ়ি সম্পূৰ্ণ বুজিব পাৰিব জানো!” চন্দনহঁত আহি জপনাখন খুলিলে, তাই মুখত ৰঙীন হাঁহি লৈ চিঞৰি ক’লে, ‘আলহী নিচিনাহে হ’লি তহঁত, দেখা-দেখি নাই। ইয়াতে ঘৰ এখন থকাটো মনতে নপৰে চাগে!” তাইক উত্তৰ নিদি সিহঁত আহি থাকিল। ‘ডাঙৰ ঘটনা হৈছে নহয়!' কৃষ্ণৰ চিন্তিত মুখখনেৰে ওলাল। তাই চন্দনলৈ চালে, সি সমানে সমানে আহি আছে যদিও মুখখন মৰা মানুহৰ দৰে জঠৰ, মনটো কোনোবা এঠাইত যেন এৰি থৈ আহিছে, উপায় নথকাৰ দৰে মাথোঁ খোজটো পেলাই আছে। সুকন্যাৰ হাঁহিটো নুমাই গ’ল, “কি হৈছে?’ চাইকেল দুখন থৈ দুয়োটা নিজে নিজে ভিতৰলৈ সোমাই গ'ল। সুকন্যা পিছে পিছে। আলহী বহাৰ দৰে সিহঁত দুয়োটা ড্ৰয়িং ৰুমটোত বহিল। “কি হৈছে কোৱাচোন’,তাই আকৌ কৃষ্ণক সুধিলে। ‘ৰশ্মি পথাৰে পথাৰে ঘৰলৈ গুচি গ'ল।’ শুনিয়েই সুকন্যাৰ মনত খেলালে— ‘এবাৰ গ’ল যেতিয়া ৰাইজে মানি ল'ব, আহ- যাহটো থাকিলে একো অনিষ্ট নহয়, তাই অকল সেইটোতে ধৰি আছিল, গ’ল যেতিয়া ভাল হ'ব। চন্দনে সেইটো খোপনি ধৰি থাকিব নালাগে আৰু!' তাই ৰোমাঞ্চিত হোৱাৰ দৰে সুধিলে, ‘তাৰ পাছত?’ ‘এতিয়া ইয়াৰ ওপৰত কেচ দিছে। মাৰ-পিট কৰি বোলে অত্যাচাৰ কৰে, যৌতুক নিদিয়াৰ বাবে ৰাতি বাহিৰত উলিয়াই থয়, পিটি পিটি পুখুৰীৰ পাৰ পোৱাইগৈ, এনেকুৱা ঢেৰ কথা! ’ “কি!’সুকন্যাৰ গোটেই গা কঁপিবলৈ ধৰিলে। অলিন্দই কোঠাটোৰ ওচৰলৈ লৰালৰিকৈ আহি ভালকৈ শুনিলেহি। ‘তোমালোকে কেনেকৈ গম পালা?”
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩৩
অৱয়ব