ৰাইজক-চেণ্ডেল-লগাই-দিম ৫২৩ মোৰ তাত দিব লাগে! বাৰু এতিয়া আহিছে ভালেই হৈছে। মই তেতিয়াই গম পোৱা হ’লে আগতেই নিলোঁহেঁতেন', তেওঁ তালৈ চালে, ‘তই মেট্ৰিকত কি ডিভিজন পাইছিলি?’ তেওঁলোকক অলিন্দৰ সৈতে কথা পাতিবলৈ দি সুকন্যা চাহ কৰিবলৈ সোমাল। “তই মোৰ তালৈ যোৱা নাই কিয়? খুব ভাল টিউচন হৈ আছেতো। ক'ৰ্চ শেষেই হ’বৰ হ'ল। ল'ৰা-ছোৱালী কোনো বাকী নাই। কলেজত তোক লগৰবোৰে কোৱা নাই নেকি? তই পইচাৰ চিন্তা কৰিছ নেকি?’ ‘নাই, চিন্তা কৰা নাই।’ অলিন্দই চমুকৈ উত্তৰ দিলে। ধ্ৰুৱ মহন্ত মানুহটো সহজে বন্ধুত্ব গঢ়িব পৰা ধৰণৰ, ফৰফৰাই কথা কয়, মানুহে ভাল পাব পৰা ধৰণৰ, কোনো ভেম নৰখাকৈ মাত দিয়ে ডাঙৰকৈ, দুআষাৰ কথায়েই অলিন্দকো আকৰ্ষিত কৰিছে, কথাৰ ধৰণবোৰত তাৰ ভাল লাগিছে, তথাপি সি তেওঁক শিক্ষক ৰূপে গণ্য কৰিব নোৱাৰিলে, সি ভাবিলে— “...হয়তো সেইকাৰণেই তেওঁ ধূৰ্ত, বদমাছ। তেনেকৈ মানুহক আপোন কৰিলে কি হ’ব? তেওঁ অন্য একো নহয়, এটা চোৰাং বেপাৰী।’ ‘তই যাবি টিউচনলৈ’, তেওঁ পুনৰ ক’লে, ‘মোক এদিন প্ৰিন্সিপালে ক'লে— কোন কোন ল'ৰা নতুনকৈ আহিছে, নিউটনৰ পৰাও এটা আহিছে, তাক মই আগতেই চিনি পাওঁ, ঘৰৰ কাষৰে। আৰু বেলেগৰ পৰা আহিছে দুটা - তইতো পাইছই চাগে, সিহঁতো গৈছে মোৰ ওচৰলৈ। মই তোৰ কথা পাহৰি গ'লোঁ!' —তুমি ঘৰটোও চিনি নোপোৱা চাগে!' কমকৈ উত্তৰ দিয়া মেহেঙা যেন ভাবি মানুহজনীয়ে অলিন্দক ক’লে, ‘কলেজৰ আগৰ চাৰিআলিটোৰ পৰা আধা কিলোমিটাৰ বাঁওফালে সোমাই গ'লেই হ'ল। তাতে কাৰোবাক সুধিলেই কৈ দিব।’ সি সঁচাকৈয়ে চিনি নাপায়। একো উত্তৰ নিদি সি মাথোঁ তেওঁৰ মুখলৈ চালে। মানুহহাল যোৱাৰ পাছত সুকন্যাই অলিন্দক সুধিলে, “তই টিউচনটো কৰিবলৈ যাবিনে?” ‘ওহোঁক, নাযাওঁ।’সি খাটাংকৈ উত্তৰ দিলে। “এইবোৰ মানুহক বেলেগ মানুহে ভয় কৰি থাকে, লাগি লাগিও নাপায়। তেওঁ নিজে মাতিছে, তাই ভাবি চাবি। গ'লে ভাল হ'ব। নিজে মাতি থৈ যোৱাৰ পাছতো নগ’লে সন্মানত লাগি তেওঁ কি বা কৰে!’ সি আৰু একো উত্তৰ নিদিয়াত, হিতে বিপৰীত হোৱাৰ ভয়ত দুনাই বুজাবলৈ তাইৰ মন নগ'ল। চন্দনৰ স্বৰূপটো জানিও নজনাৰ দৰে বিশ্বাসত লৈ অন্ততঃ ল'ৰাটোৰ পঢ়াৰ ক্ষেত্ৰত আপোচ কৰিব নালাগিছিল— তাইৰ মনলৈ এটা অপৰাধবোধো আহি থাকে— তাৰ পৰা ন্যূনতম সহায়কণো নাপালেই, এতিয়া মানুহৰ আগত চৰিত্ৰহীন বুলিহে প্ৰমাণিত হ'ল। তাই এতিয়া এটাই আশা কৰিছে, অলিন্দই নিজৰ মতে থাকি যেনে— তেনে হ'লেও হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰক।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩২
অৱয়ব