সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

522 কুলাংগাৰ ‘আতা আছেনে অ’?’ ধ্ৰুৱ মহন্তই সুধিলে, লগতে তেওঁৰ মুখেৰে ওলাল—“এই ল'ৰাটোক ক'ৰবাত দেখা দেখা লাগিছে।' অলিন্দই ক’লে, ‘বাবা নাই বাৰু, আহকচোন আপোনালোক।' বেলেগ এফালৰ পৰা সুকন্যাই দেখি ওলাই আহিছিল, ‘কতদিনৰ আগতে এদিন মাথোঁ আহি যোৱা মানুহটো, বাচি বাচি এইটো বছৰত আজি এই দিনটোতে আহিছে!'— সুকন্যাই অনুভৱ কৰিলে যেন স্বয়ং ঈশ্বৰৰ ইচ্ছাতহে তেওঁ সোমাইছেহি, এটা ভাল মাহৰ ভাল বাৰৰ ভাল খেণ এটা উলিয়াই ঈশ্বৰে যেন নিজে পঠিয়াইছে। বিয়াখন আৰু ৰিজাল্টটো— দুয়োটা ঘটনাৰ চক তাইৰ মনত এতিয়াও আছেই, ভাবি ভাবি তাই সময় পাৰ কৰে। অলিন্দক নতুনকৈ কেনেকৈ কি কথা সুধিব, পঢ়িবলৈ কেনেধৰণে তাগিদা দিব তাই বুজিব পৰা নাই, মুকুল দত্তই তাইক বুজোৱা দিনাই চেকনিডালো চিৰদিনৰ বাবে পৰি গ'ল, তাৰ পাছত কোনোদিন তাই তাক একো নিৰ্দেশেই ডাঠি দিব পৰা নাই, চন্দনো পুনৰ নহা হ'ল, তাৰ সংসাৰখন কন্দলতে পাৰ হৈ আছে, আগতেই সি প্ৰয়োজনীয়টো নাভাবে— এতিয়া কিবা ভাবিব পৰা অৱস্থাত এনেয়ো সি নাই। অলিন্দই কি ধৰণে কলেজখনক লৈছে, কি ধৰণে অধ্যাপকবোৰক লৈছে, তাই এতিয়াও ভালকৈ বুজিব পৰা নাই। দেখি তাইৰ ধাৰণা হয় যে এইবাৰ সি অলপ পঢ়িব বা পঢ়িছে, কিন্তু যোৱাবাৰোতো তেনেকুৱাই লাগিছিল, সম্পূৰ্ণ শান্ত হৈ আছিল সি, তাৰ পাছতো সি স্ব-ইচ্ছাৰে ফেইল কৰিহে এৰিলে, এটা এটা বিষয়ত ছয়-সাতকৈ নম্বৰ পাইছিল সি, পৰীক্ষাৰ আগৰ দুদিন পঢ়িলেও যিটো তাৰ বাবে সম্ভৱ নে? কোনোবা সময়ত তাইৰ এতিয়াও এনে লাগে যেন নম্বৰ উঠাওঁতে ভুল হ’ল, কিজানি ছয়-সাত নহৈ ষাঠি-সত্তৰ আছিল। ইয়াত সি কিমান আগবাঢ়িছে জানিবলৈও উপায় নাই, তিনিমহীয়া পৰীক্ষাটো হৈ যোৱাৰ দুমাহ পাৰ হ'ল, এখনো বহী নিদিলে, ইমান দিন নিদিলে যেতিয়া সেইবোৰ নাচায় আৰু মাষ্টৰে, বহীবোৰ দিয়া হ'লেও নম্বৰবোৰ চাই কিবা এটা জানিলেহেঁতেন তাই, কিজানি ধ্ৰুৱ মহন্তই বহীবোৰ এনেই মোকলাই চাইছিল, কিবা ভাল দেখিছে কিজানি, সেইবাবেই ওলাইছেহি বা? তাই মুখ মেলোঁতেই ধ্ৰুৱ মহন্তই সুধিলে, 'দাদা নাইন? মই সকামলৈ নামতি বিচাৰি আহিছোঁ। আপোনাৰ ওচৰতে নিমন্ত্ৰণ দি থৈ গ'লেইতো হ’ব! দিন আছে। দাদা আহিলে তাৰিখটো পাহৰিবলৈ হাক দিব মাথোঁ।’সুকন্যাই ল-ল-চচ কৰিক’লে, ‘হ’ব হ’ব। তাৰিখটো কেতিয়া বাৰু? আহকচোন, বহকহিচোন আপোনালোক’, তাই নোৰোৱাকৈ কৈ গ’ল, ‘ই আপোনাৰ কলেজতহে আছে। আপোনাক লগ কৰিবলৈ কৈ আছোঁ ম‍ই, কৰিলেহেঁতেন লগ। আগতে মৃদুলাত আছিল সি, এইবাৰ পাছ কৰিব লাগিছিল, বেয়া হ'ল পৰীক্ষা, গোটেই বছৰটো বেমাৰতে গ'ল। এইবাৰ অকণমান ঠাইকণ সলাই দিলোঁ৷’হালেই অলিন্দৰ মুখলৈ চালে— চেহেৰাটো দেখিলেই বেমাৰী যেন, হাত-ভৰি কেটেঙা, ছাল অনুজ্জ্বল, চকুৰ তলত ছাঁৰ দৰে চেকা, তথাপি মুখখনত আৰু দৃষ্টিত চঞ্চলতাহীন এক গম্ভীৰ আৰু তীক্ষ্ণ ভাব— সুকন্যাৰ কথাটো দুয়োৱে বিশ্বাস কৰিলে। ধ্ৰুৱ মহন্তই ক’লে, ইয়াক আগতেই আপোনালোকে