সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

520 কুলাংগাৰ তথাপি নোলোৱাটোৰ পৰিৱৰ্তে ওলোৱাটোৱেই কৰিব লাগিব। প্ৰবন্ধ পঢ়াৰ দৰে অন্ততঃ এবাৰ পাঠবোৰ পঢ়ি পেলাম, তাৰে যিকণ হয় হ'ব, যিমান কষ্ট হ'লেও এবাৰ পাঠবোৰ পঢ়িব লাগিব।’মগজুক চেপি ধৰা চক্ৰবেহুখনক স্বীকাৰ কৰি লৈ সি বাৰে বাৰে উদ্দেশ্যটো মুখস্থ কৰিবলৈ ধৰে। সি সিদ্ধান্ত ল'লে— মাথোঁ পঢ়ি যাব, প্ৰতি মুহূৰ্ত ব্যস্ত হৈ থাকিব, ক্লাছ হ’লেও নহ'লেও ন বজাত কলেজ পোৱাকৈ ওলাই যাব, চাৰি বজাত ঘুৰি আহিব, মাজত ক্লাছ নথকাৰ লগে লগেই পুথিভঁৰালত সোমাই দিব— সাহিত্য বা প্ৰবন্ধৰ কিতাপবোৰ পঢ়িব, নিজৰ মাজতে এটা পৰিৱেশ গঢ়ি লৈ বছৰটো পাৰ কৰিব। আনকি, বাছত যোৱা কেইমিনিটমানৰ নিৰৱ সময়তো একো ভাবে আক্ৰমণ কৰিব নোৱৰাকৈ সি আলোচনী বা বাহিৰা কিতাপ একোখন উলিয়াই লয়, সেইমতে সদায় বেগত ৰাখে। সি এটাও টিউচন নকৰাৰো সিদ্ধান্ত ল'লে। লগতে ঠিক কৰে— পৰীক্ষাত কোনো অধ্যাপকক প্ৰেক্টিকেলৰ নম্বৰ দিবলৈ অনুৰোধ নজনায়, ভালকৈ বা বেয়াকৈও একোৱেই নকয়, মাথোঁ মন কৰিব যাতে ফেইল নহয়। সুযোগ সন্ধানী ধূৰ্তালীৰে খুলি লোৱা ভেঞ্চাৰ কলেজখন চৰকাৰী কৰি লোৱাৰ পাছত অধ্যাপকবোৰৰ মনলৈ অহা স্থায়িত্বৰ গৰ্ব আৰু আৰ্থিক নিৰপত্তা প্ৰাপ্তিয়ে আনি দিয়া শৈক্ষিক-অনীহাবোৰ এতিয়াও লাগিয়েই আছে। ক্লাছ কৰাটো অধ্যাপকৰ যেন উপৰুৱা কামহে, কোনেও ঠিক সময়ত আহিবলৈ মনেই নকৰে। কোনো কোনোৱে দেখাক দেখিও সেই আৰ্হিতে মগন হৈ গৈছে। অলিন্দই বহঁতপুৰত থকা দিনৰে পৰা ইয়াৰ টিউচন আৰু প্ৰেক্টিকেলৰ নম্বৰৰ বেপাৰখন, নকলৰ খেলা, অধ্যাপক-ছাত্ৰৰ কন্দল আদি অপকৰ্মবোৰ মহিমামণ্ডিত কৰি মানুহে পতা শুনি আহিছে। মৃদুলা হায়াৰ ছেকেণ্ডাৰীতকৈও এইখন জঘন্য। সুকন্যাই অলিন্দক ক'লে, ৰসায়ন বিজ্ঞানৰ হেড ধ্ৰুৱ মহন্ত বাবাহঁতৰ ফালৰ পৰা কিবা এটা মিতিৰেই লাগে, আমি ইয়ালৈ অহাৰ পাছতে ক'ৰবাত গম পাই তেওঁ নিজে নিজে বিচাৰি খবৰ লৈছিলহি, তোৰ মনত আছে নে নাই জানো! আমাৰ যোৱা নহ'ল কাৰণেহে, এইবোৰ নিজৰে মানুহ, এবাৰ গ'লেই সদায় আহ-যাহ চলি থাকিব। তেওঁ প্ৰথমে মৃদুলা হায়াৰ ছেকেণ্ডাৰীত চাকৰি কৰিছিল বাবে চন্দনৰো চিনাকি। তই তেওঁক লগ কৰি চিনাকিটো দিবি।' সি তাইৰ কথা নামানিলে, চিনাকি নহ'ল। আটাইতকৈ ক্ষমতাশালীবোৰৰ এটা তেঁৱেই আৰু ধুৰন্ধৰ, ডিপাৰ্টমেণ্টত ৰজা, পাঁচজন অধ্যাপক আছে যদিও টিউচনবোৰ কেৱল তেওঁ লয়। কলেজত হায়াৰ ছেকেণ্ডাৰীৰ ৰুটিনত বছৰি দহটমান ক্লাছ তেওঁৰ ভাগত ৰাখে, তাকো তেওঁ কৰিবলৈ মন নকৰে, আৰু ক্লাছত সোমাৱাৰ দিনাও কোনোদিন ২০ মিনিটতকৈ অধিক সময় কৰাৰ ৰেকৰ্ড নাই। প্ৰথম বৰ্ষৰ পৰীক্ষা শেষ হোৱাৰ পাছৰে পৰা সকলোৱে টিউচন কৰি আছে বাবে ক্লাছ ভালকৈ নহ'লেও কোনো ছাত্ৰ-ছাত্ৰী চিন্তিত নহয়। অধ্যাপকবোৰৰ দৰে সিহঁতো ক্লাছত অনিয়মীয়া। তিনিমহীয়া পৰীক্ষাটোতে সি দেখিলে, কোনোবাই লুকুৱাব খোজা চিগাৰেটটোৰ ধোঁৱাখিনি চকুত পৰিলেও নেদেখা ভাও ধৰাৰ দৰে কোনো অধ্যাপকেই নকল কৰাটোত