৫১৬ কুলাংগাৰ নাই। বুজাই থকা হৈছেই। সোনকালেই বুজি পাবা। আগতেও কিমান বস্তু মই বুজাব লগা হৈছে, এইটোও তেনেকুৱাই।' টিউচনত পঢ়াৰ কথা আৰু অন্য কথাবোৰ আগতে সি বুজাই থোৱাৰ ইংগিতটো দিলে, যেন তেনেদৰেই তাই নুবুজা এইটো কথাও দুদিন পাছত শিকি উঠিব লাগিব। তাই ভিতৰলৈ গুচি গ’ল। ‘মই যাওঁ’, ল’ৰাটোৱে ক'লে। চন্দনে মিহিকৈ ক’লে, ‘যোৱা! সেইটোৱেই দেই। তুমি মই কোৱাবোৰ ক’বাগৈ। যোগাযোগৰ চিন্তাটো সোনকালে মনৰ পৰাও আঁতৰাই দিয়াই ভাল।’ ল'ৰাটোৱে চোতালত ভৰি দিয়া গম পাই ৰশ্মিয়ে ভিতৰৰ পৰা ডাঙৰকৈ তাক মাতি ক’লে, “মাহঁতক আহিবলৈ ক’বিগৈ।' চন্দনে হাঁহি এটা মাৰি পাতল কৰি দিলে। চাকি এটা, তাল যোৰ লৈ আতাক চোতালেদি সোমাই আহিল। কেতিয়া তাল সামৰি তেওঁ ঘোষা গালে অলিন্দৰ কাণতে নোসোমাল। চন্দন ভিতৰলৈ গ'ল। অলিন্দই আতাকক মাতিলে, ‘ককা৷’‘অ’বাবা আহিলা। কোন গ’ল অ’চাইকেলত? ’‘বহঁতপুৰৰ ল’ৰা এজন।’‘ভিতৰলৈ আহা, বাহিৰত মহ।’ আলহী-কোঠাটোত একে ঠাইতে চন্দন পুনৰ বহি থকা দেখি অলিন্দও বহিল। আতাক ভিতৰলৈ গ'ল। ৰশ্মি ওলাই আহি সিহঁতৰ কাষত থিয় দিলেহি। ‘মাহঁত কিয় আহিব নোৱাৰিব? মোৰ লগত কথা পতা সময়ত এইবোৰ মানুহতো নাছিল!” যেন এক অভিজ্ঞৰ কণ্ঠস্বৰ, যেন চন্দনতকৈও তাই বহু বছৰৰ প্ৰৱীণ। তাই প্ৰেম-সম্পৰ্কৰ প্ৰথম দিনবোৰ, ভৰ- পক দিনবোৰ মনত পেলাই দিব খুজিছে, তেতিয়া এই গোসাঁই-ভকতবোৰৰ বিষয়েতো ওলোৱা নাছিল। অবান্তৰ প্ৰশ্নৰ পুনৰাবৃত্তি হ'লে সি উত্তৰ নিদিয়ে, মুখৰ মাত খৰচ নকৰে, এইবোৰ দুদিন পাছত পাহৰি গৈ ভালবোৰ তাই বুজি পাব— তেনেকুৱা বুজাবলৈ মুখখনত বিৰক্তিৰ ভাঁজ কেইটামান ফুটাই তুলি চন্দন বহি থাকিল। ৰশ্মি ৰোৱা নাই, সৰু সৰুকৈ, কিন্তু জোৰ দি তাই ইটো-সিটো সুধিয়েই আছে, কৈয়েই আছে। এবাৰ সি টেলেকাকৈ চালে। নিহয়, মোক ক'ব লাগিব!' তাই খোপনি নেৰিলে। সি আকৌ মনে মনে ৰ'ল, তাই ভিতৰলৈ গুচি যোৱাটো সি বিচাৰিছে। তাই আঙুলি এটা খুব খজুওৱা যেন কৰা দেখা গ'ল৷ কিন্তু নহয়। তাইক বিয়াত দিয়া আঙুঠিটো খুলি স্বাহা কোৱা ধৰণে তাৰ সমুখৰ টেবুলখনত পেলাই দিলে, ‘সোণ পিন্ধাই মৰম কিনিব বিচাৰিছে! সৱ বস্তু সোণেৰে কিনিব নোৱাৰি। সোণ পিন্ধাবলৈ আহিছে!' সম্পূৰ্ণ অপ্ৰত্যাশিত কাণ্ডটো দেখি চন্দনৰ বুকুখন খহি যোৱা যেন লাগিল, জাক হেৰুওৱা জীৱৰ দৰে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে, অলিন্দ সমুখতে থকা বাবে সি আঙুঠিটো থাপ মৰাৰ দৰে উঠাই মুঠি মাৰি ল'লে, মুঠিটো সি ভৰি দুখনৰ মাজেদি মাটিৰ ফালে লৈ গ'ল, যেন ক'ৰবাত লুকুৱাব খুজিছে, যেন অলিন্দ চকুত নপৰিবলৈ এতিয়াও সময় বাকী আছে, অলিন্দ চকুত নপৰিলেই যেন তাৰ লাজ
পৃষ্ঠা:কুলাংগাৰ.pdf/৫২৫
অৱয়ব