512 কুলাংগাৰ আঙুলিৰে ইংগিত দিলে, ‘এইবোৰ ৰশ্মিয়ে শুনিব!’কামৰ চল এটা উলিয়াই সুকন্যা পাকঘৰৰ পৰা ওলাই গ'ল। “শিক্ষিত, তজবজীয়া, আধুনিক মানুহ! সম্ভ্ৰান্ত হৈ থাকি ভাল পায়, লোকৰ তলা-নলা বুজি পায়, নিজে পৰিচালনা কৰি আছে মিস্ত্ৰী পৰ্যন্ত। এইজনী মানুহে ভায়েকটোৰ ক্ষেত্ৰত সদায় হেবাং, আলসুৱা মানুহৰ দৰে কৰে কিয়!' ক্ৰোধে-কৌতূহলে সমানে অলিন্দক আক্ৰমণ কৰিলে। সি পুনৰ নিজৰ স্থানলৈ গুচি গ'ল। উধাৰণিৰ দিনা অলিন্দ-পৰাণ পুনৰ যাবলৈ ওলাল। কিন্তু সুকন্যাই নিদিলে। সিহঁতৰো আগ্ৰহ কমিল, জোৰ নকৰিলে। সুকন্যাই জানিছে, সিহঁতে নুশুনিবলগীয়া কথা শুনিবলৈ বাকী নাই, কিন্তু তাই নিদিয়াৰ কাৰণটো হ'ল— শাস্তি কি হ’ব-নহ'ব, ছোৱালীৰ চুলি খুৰাব-নুখুৰাব, দণ্ড কিমান টকাৰ হ’ব— একো খাটাং হোৱা নাই, বিধান-তৰ্ক পুনৰ চলিবলৈ আছে, হয়তো অলপ বেছিয়েই হ'ব। নামঘৰত প্ৰতিখন মুখৰ প্ৰতিটো বাক্যই সিহঁতহালৰ অভিভাৱক ৰূপী চন্দনৰ মৰ্যাদাহানিৰ ঘোষণা, ভণ্ডামিৰ চাৰ্টিফিকেট নহয় জানো! ডাঙৰৰ অধঃপতনৰ দৃশ্যায়ন পুনৰ এবাৰ সিহঁতহালে যাতে চকুৰ আগত নেদেখক! সেইবোৰ দেখিবলৈ পালে অভিভাৱকলৈ সিহঁতহালৰ দৰ নথকা হ'ব, ডাঙৰক অধিক চল পাব। গধূলি সময়ত সুকন্যাহঁত ঘূৰি আহিল, তাইৰ মনটো মৰা, বিপুল-ৰশ্মিও গম্ভীৰ। সুকন্যা ৰশ্মিহঁতৰ পৰা আঁতৰত থাকোঁতে অলিন্দই সুধিলে, ‘আজি সম্পূৰ্ণ হ'ল নে আকৌ মিটিং হ’ব?’ ‘হ’ল’, তাইৰ চমু উত্তৰ। ‘মামীৰ চুলি খুৰাব নেকি? ’ ‘নুখুৰায়। মামাৰহে খুৰালে। খুৰখন লগাওঁতেই চিঞৰি চিঞৰি কান্দিছে। মানুহবোৰ নিস্তব্ধ হৈ গৈছে। সি নিজেই খুজি লৈছে শাস্তিটো, কিন্তু ইমান কান্দিছে, বেয়া লাগি গৈছে সৱৰে।' ‘অপৰাধী কামবোৰ এৰি দি কন্দা নাই নহয়। কেৱল ফুটনি দেখুৱাবলৈ বিয়া এখন পাতিবলৈ নাপালে কাৰণেহে কান্দিছে।' তাই ক্ৰিয়মান হৈ থকাৰ বাবে অলিন্দই কথাখিনিত জোৰ নিদিলে, সামান্য ব্যংগৰ সুৰত শান্তকৈ ক'লে৷ তথাপি তাইৰ গাত প্ৰচণ্ড কোব পৰিছে। তাই একো নকৈ আঁতৰি গ'ল। এই ধৰণৰ কথা তাৰ মুখৰ পৰা কেনেকৈ আঁতৰাব পাৰি তাই চিন্তা কৰি থাকিল।
আগফালে দৰাৰ ৰভা, পিছফালে কইনাৰ ৰভা সাজি বিয়াখন পতা হ'ল। নীতি- নিয়ম কৰিবলৈ কইনাৰ মাক-দেউতাক-সমন্ধীয় ৰূপে ধৰি দিয়া হ'ল চন্দনৰ মিতিৰ-