আকৌ। ৰঘু নেওগৰ ডাঙৰটো ল’ৰা এনেই কথা পাতিবলৈ আহিল। তেওঁৰ দুয়োটা ল’ৰা ঘৰতে আছেহি, ঘৰ ভাঙোঁতেই অহা, দুই-এদিনতে যাবগৈ। ডাঙৰটোৱে গোলাঘাটৰ কলেজ এখনত পঢ়ি আছে।
কলেজৰ অধ্যাপকৰ ভব্য-গব্য কাহিনীৰ পৰা চাপৰিৰ ঘৰ ভঙাৰ কাহিনীলৈকে বিভিন্ন কথা ওলাইছে। সত্ৰবোৰ কেনেকৈ থানবান হ’বলৈ আৰম্ভ কৰিছে! বিপুলৰ লগত মহেশ্বৰ নেওগৰ ‘পবিত্ৰ অসম’খন আছে, সি বিপুলৰ পৰা নি সেইখন পঢ়িছিল, সেইখনৰ কথাও ওলাইছে। সুকন্যায়ো কিছুপৰ কথাৰ ভাগ লৈ, দীঘলীয়া হোৱাৰ লক্ষণ দেখি উঠিল। সদায় সন্ধিয়া থাপনাৰ ওচৰত তাই প্ৰাৰ্থনা কৰে, বিপুলহঁত অহালৈ ৰৈ থাকোঁতে থাকোঁতে আজি কৰিবলৈ থাকি গৈছিল, এতিয়াই বাকীটো পূৰাই ল’ব খুজিলে তাই।
আজি ল’ৰাটো আহি পালেহি, তাইৰ মনটো মুকলি লাগিছে, ‘কৃষ্ণ এক দেৱ দুখহাৰী...’ মুখস্থ গাই শেষ কৰি তাইৰ আৰু এভাগ গাবলৈ মন গ’ল। ঈশ্বৰে বিচৰাখিনিতকৈও তাই যেন অধিক দি থ’ব খুজিছে একেদিনাই। থাপনাৰ কাষৰ বটাটোত থকা নামঘোষাখন তাই মোকোলাই ল’লে, ‘কিমতে ভকতি কৰিবো তোমাত হৰি হে...’
তাই দীঘলকৈ সুৰ টানি কাকূতি ঘোষা জোৰোঁতে মাতটো কঁপি কঁপি কন্দাৰ দৰে ওলাইছে। তাইৰ অনুনয় সুৰে বিপুলহঁতৰ কথালৈকো বেলেগ এটা গতি আৰু ভাব আনি দিলে। ক’ৰ মানুহে কেনেকৈ ক’ত চাপৰিত আহি জীৱন ধৰি থাকিব লগা হৈছে, কেনেকৈ কোনেও ক’তো অনুমান কৰিব নোৱৰাকৈ কোন ক’লৈ গ’লগৈ, কিমান নতুন নতুন ঘটনা ঘটিছে-দেখিছে-শুনিছে-শিকিছে। নিৰ্জীৱৰ দৰে বহি বহি আমনি লগাত বাবা শোৱা কোঠাটোলৈ যাবলৈ উঠিল। কোঠাটোত কমাই থোৱা লেম্পটো নুমাই আছে, অকলে সোমাবলৈ তাৰ ভয় লাগিল। সুকন্যাই প্ৰাৰ্থনা কৰি থকা চাবলৈ সি পাকঘৰলৈ গ’ল।
ঘৰটো সি ক্ষন্তেক আগতে দেখিছেহে, দিনৰ স্পষ্ট পোহৰত পৰিচিত হ’বলৈ পোৱাই নাই। অধিক ছাঁ সৃষ্টিকাৰী লেম্পৰ পোহৰতকৈ পাকঘৰৰ চাকিৰ ধিমিকা পোহৰটো তাৰ ভাল লাগিছে— গোটেই ঠাইখিনিৰ অপৰিচিতিটো সমানে প্ৰকাশ কৰি ৰাখিছে। সি পাকঘৰৰ দুৱাৰমুখটোত ৰৈ সুকন্যালৈ চালে। চুক এটাত থাপনাখন, এইফালে পিঠি দি তাই কঠ এখনত বহি আছে, থাপনাৰ মাটি-চাকিটোৰ মিঠাতেলৰ পোহৰত আখৰ দেখা পাবলৈ তাই লেপেটা কাঢ়ি হাউলি লৈছে। অলপ অলপকৈ জ্বলি থকা চৌকাৰ জুইকুৰা এবাৰ ভমক কৰি গোটেই পাকঘৰটো জিলিকাই তুলি আকৌ নুমাই গ’ল। তাইৰ কন্দা নিচিনা কাতৰ সুৰটোৱে তাৰ মনত আঘাত কৰিলে, অসহ্য লাগি সি বিপুলহঁতৰ ফালে ওলাই আহিল। মাজৰ পোহৰ নপৰা ঠাইকণত সি অলপ ৰ’ল, মাকজনীৰ ওচৰত বহিবলৈ বিচাৰিছিল সি, তাইৰ দুঃখকৰ আহ্বান শুনাৰ দৰে তাৰ মনলৈ অসহায়বোধ আহিছে, কিয় এই কৰুণ কণ্ঠস্বৰ — তাৰ মনত কৌতূহল হৈছে অজ্ঞাতসাৰে। নিৰ্দিষ্ট দূৰত্বৰ পৰা নিৰীক্ষণ কৰিব বিচৰা দৰে সি তাইৰ কাষত বহিবগৈ নোৱাৰিলে, বাবাকহঁতৰ ওচৰতো পুনৰ বহিবলৈ নগৈ সি তাই গাই থকা শুনি শুনি এন্ধাৰকণতে অকলে ৰৈ থাকিল।