ৰাইজক-চেণ্ডেল-লগাই-দিম ৫০৯ চুলি কটোৱাটোত বেছি জোৰ দিছে সিঘৰৰ ল'ৰাকেইটাই – সিহঁতৰ প্ৰতিশোধ আৰু হিংসা পূৰণৰ বাসনা জাগিছে। লগত আছে কেইটামান ভকত আৰু দূৰণিৰ গোসাঁই দুটামান। “মুণ্ডন কৰিলে আতাক মৰাৰ দৰে হয়। অকল উপনয়ন আৰু পিতৃ-মাতৃ ঢুকালে মুণ্ডন লাগে। নহ'লে সেইটো সম্ভৱ নহয়। পদ-জল আৰু পৰাচিততে উদ্ধাৰ হৈ যাব।’ ঘৰৰ মানুহ কাৰোৰে মাত নাই। ৰশ্মিয়ে হাঁহি হাঁহি ক’লে, ‘মোৰ চুলি খুৰালে ভালেই পাওঁ। ইমান গৰমত মোৰ মন গৈ থাকে চুলিখিনি এবাৰ খুৰাই ল'বলৈ, এইটো চাঞ্চতে পালে মোৰ ভালেই লাগিব!' তাইৰ কথাষাৰ শুনি মহিলাখিনিয়ে মুখলৈ অঁকৰাই চোৱাদি চালে, ভকতনী এজনীয়ে পুৰুষখিনিৰ ফালে ডাঙৰকৈ মাতি ক’লে, ‘এইফালে বোৱাৰীয়ে কৈছে— গৰমত চুলি খুৰাবলৈ পালে তেওঁ ভালেই পাব। খুৰাবলৈ এনেয়ো মনেই গৈ থাকে বোলে।' অদ্ভুত কথা এষাৰ শুনি উত্তৰ দিবলৈ একো নাপাই গোটেইবোৰে লাজ পোৱাদি ৰ'ল। ৰশ্মিয়ে আৰু ক'লে, ‘মোৰ ঘৰৰ মানুহ কিয় আহিব নোৱাৰিব! আহিবই লাগিব। নহাটো সম্ভৱ নহয়। একেটা কাৰণতে মই যদি মা-দেউতাক লগ কৰিব নোৱাৰোঁ, তেন্তে ল'ৰাটো কেনেকৈ নিজৰ মাক-দেউতাকৰ লগত থাকিব পাৰিছে? আৰু গোসাঁইতকৈ বামুণহে ডাঙৰ। আমাৰ দেউতাহঁত এই দুখন ঘৰলৈ আহিলেও আগতে একো নোখোৱাকৈ ঘুৰি যায়। দেউতাহঁতে ক'ৰবাৰ গোসাঁইৰ ঘৰত পূজা কৰিবলৈও যায় নহয়, একো নোখোৱাকৈ আহে, গোসাঁই সৰু কাৰণে। আমি চোৱা খালে কেনেকৈ গোসাঁইৰ জাত যাব?' ‘ধেইৎ! তায়ো এটা ভুলেই কৰি দিলে!' তাইৰ সাহস, প্ৰতিবাদ আৰু বিচাৰ-সভাক আমোদ হিচাপে উপেক্ষা কৰাটো দেখি অলিন্দই মনতে তাইক সমৰ্থন কৰি আলোচনাবোৰ উপভোগ কৰি থাকোঁতেই মনত কথাষাৰ বাজি গ’ল, ‘তায়োতো জাত-পাত মূল্যহীন কৰাৰ চিন্তাত নাথাকিল! তায়ো জাত্যাভিমানীহে ওলাল!” ইয়াৰ পৰা চিঞৰি নাথাকি মানুহ এজনীয়ে চন্দনক ইংগিত দি মাতিলে। তাইৰ কথাখিনি তাক ক'লে। তাই নিজেও মুখেৰে কৈ আছে, তাইৰ মুখৰ হাঁহি শেষ হৈছে, গাৰ চঞ্চল সঞ্চালন গোট মাৰিছে, দুৱাৰৰ কাঠডালত গা লগাই একেথৰে থিয় দি আছে। চন্দনে একো নকৈ পুনৰ নামঘৰত বহিলগৈ। তাতো সি মাত নুলিওৱাত ইয়াৰ পৰা আন এজনীয়ে সেইফালে শুনাকৈ ক’লে, ‘মাকৰ ঘৰৰ মানুহ নহাটো বোৱাৰীয়ে মানি লোৱা নাই। একেটা দোষত ল'ৰা যদি ঘৰত থাকিব পাৰে, বোৱাৰী ঘৰলৈ কিয় যাব নোৱাৰিব সুধিছে।’ সুকন্যাহঁত ঘৰখনৰ মহিলাবোৰে ইফালে চাইছে, সিফালে চাইছে, গোটেই নিয়ন্ত্ৰণ হাতৰ পৰা গুচি যোৱাৰ দৰে অনুভৱ কৰিছে, কাৰোৰে মনলৈ একো সিদ্ধান্তও অহা নাই, আতাকৰো মাত বন্ধ।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫১৮
অৱয়ব