508 কুলাংগাৰ চন্দন ঘৰত নাই, বোকাগাঁৱৰ মানুহ এটা লৈ বাঁহ কাটিবলৈ গৈছে, পায়খানা এটা সাজিব লাগে, অলিন্দই সজাটো ভগাৰ পাছত পুনৰ হাবিতে চলি আছিল, এতিয়া ৰশ্মিৰ কাৰণেই এটা সাজিব লাগিব, দুদিনতে পকা পায়খানা এটা নহয়! আতাক-আয়েকহঁতৰ মুখত কোনো প্ৰতিক্ৰিয়া অলিন্দই দেখা নাপালে, ‘হয়তো মামালৈ ভয়ত মাত মাতিবলৈ উপায় পোৱা নাই। আগলৈ-পিছলৈ সিয়েই চাব লাগিব, সেইবাবে হয়তো আন একো নাভাবি মনে মনে আছে। নতুবা বামুণতে ৰ'ল কাৰণে অলপ সকাহ পাইছে। গোটেই জগতখনলৈ লাজত হয়তো চকুপানীও শুকাইছে। ছোৱালী দুজনী যোৱাৰ পাছত কৈয়েই থাকে— গোসাঁইক ভকতে নমনা হ'ল। এতিয়া হয়তো কুঁচি-মুচি পৰিহাস সহ্য কৰিছে।” ‘মামীক কেনেকুৱা পালা? আয়ৌ, তাৰ বিয়াখনেই সৱতকৈ ভাল হ'ব হ'ব কৰি থাকোঁতেই চিচিংফাক হ'ল!' বৰায়েকে কৈ হাঁহিবলৈ ধৰিলে, ‘কোনোবাই বিয়াৰ কথা উলিয়ালেই সি কয়— - সি যিজনী আনিব, যিধৰণৰ বিয়া পাতিব, মানুহৰ চকু থৰ হৈ যাব। এতিয়া সেয়া থৰ হৈ গ'ল!’ ‘আপোনাৰ বৰ ফুৰ্তি লাগিছে!’অলিন্দই তেওঁক জোকালে। ‘নহয় নো কি!’এনেও চকুৱে নেদেখে, চন্দন আহি মাজতে ওলালে হুকিটো শুনি চঁক খোৱাৰ সংকোচত তেওঁ মুখৰ ভিতৰতে কৈ ৰ'ল। গেগঙক লগ কৰিবলৈ অলিন্দ বোকাগাঁৱলৈ আহিল। সিও ফেইল কৰিছে, ইংৰাজী আৰু ৰাজনীতি-বিজ্ঞানত বেয়া হ'ল, বাকীবোৰত যেনেতেনে। সি আৰু নপঢ়ে, বেপাৰত ধৰিব। আধা খোৱা ভাতৰ হাতেৰে অলিন্দ সমুখলৈ আহি সি পুনৰ খাই ল'বলৈ সোমাল। একেখন চোতালৰে বেলেগ এঘৰৰ মানুহ এগৰাকীয়ে অলিন্দক দি চাওঁ বুলিয়েই তামোল এখন বটা এটাত আগবঢ়াই দিলে, অলিন্দই তুলি লৈ এটুকুৰা চোবালে, এটুকুৰা মুঠিত লৈ থাকিল— সি তামোল নাখায় যদিও লোকৰ ঘৰত যাচিলে কেতিয়াবা নাখাওঁ বুলি নকৈ এইটো কৰে। ঘৰ এটাৰ কাষৰ ফালে কাম কৰি থকা মানুহ এগৰাকীয়ে ডাঙৰকৈ মাতি ৰস ঢালি ক’লে, ‘ঐ, তোৰ মোমায়েৰে সৰুৰে পৰা ইমানটো হ'ল, তামোল এখনকেই এদিনো নাখালে। উই..., সি অজাতিৰ ঘৰত তামোল-পাণটোও নাখাই ঐ, তাৰ জাত যায়, খা বুলি এনেই ক'লেও সি বেয়া পায় আমাক। সি কিন্তু অজাতিৰ ছোৱালীবোৰৰ ভৰিৰ মাজৰ পিঠাখন খালে তাৰ জাত নাযায়!’ কেইবাগৰাকীও মহিলা চোতালৰ কাষ চাপি খিতখিতকৈ হাঁহিবলৈ ধৰিলে। অশ্লীলটো নুবুজা যেন দেখুৱাই অলিন্দই লাজ লুকুৱাই ৰৈ থাকিল। মানুহকেইগৰাকী প খাই বিৰবিৰকৈ কথাত মচগুল হ’ল, তেওঁলোকৰ দোৱানৰ মাজত দুই-এটা মিপাকৰ শব্দ উফৰি অলিন্দ কাণত পৰিছে, তাৰ মনলৈ সন্দেহ এটা আহিল। সি তামোলখনৰ সম্পৰ্কেও ভাবিলে, “মইতো আগতেও এনেকৈ হাতে হাতে দিলে খাওঁ, আম-বগৰী আদি, এওঁলোক কেইগৰাকীয়েহে মোক দি পোৱা নাছিল, ডাঙৰ হোৱা বাবে আজি খাওঁ নে নাখাওঁ
পৃষ্ঠা:কুলাংগাৰ.pdf/৫১৩
অৱয়ব