800 কুলাংগাৰ “মই নিদিলোঁ এইবাৰ, পঢ়া নহ'ল। যেনেতেনে পাছ কৰাতকৈ ভাবিলোঁ অহাবাৰ ভালকৈ দিম। তুমি চিন্তা নকৰিবা, অহাবাৰ ভাল হ'ব।' সি একো নক'লে। সুকন্যা সোমাই আহিল, তই একো দুখ নকৰিবি, অহাবাৰ ভাল হ'ব, এইবাৰ বেমাৰৰ মাজতে গ’ল, অহাবাৰ দিবি ভালকৈ। তাৰ পৰা তোক লৈ আহিম, লুইত কলেজত লগাই দিম, ভালকৈ দিবি। এতিয়া যা, বজাৰৰ পৰা আহগৈ, কেইবাখনো দোকানত সোমাব লাগিব, মামীকো কিবা লাগিব, কি কি লাগে লিখি লৈ যা। ঘৰৰ বস্তু-পাতিও ভালকৈ আনি থ'ব লাগিব, কাইলৈৰ পৰা দূৰণিৰ মানুহবোৰো আহিব, ইয়াতো সোমাবহি।' খৰচ আৰু কামবোৰৰ বিষয়ে চিন্তা কৰি তাই নিজকে ক’লে, “উধাৰণিটোও সোনকালেই হ'ব চাগে, চুলিও খুৰাব কিজানি, সেইটো হ'লে মানুহ-দুনুহ আৰু বাঢ়িব।” ‘লুইত কলেজত এতিয়া নাম লগোৱাটো টুকুৰা হোৱা ভৰিত দামী কাঠ লগাই খোজ কাঢ়িবলৈ দিয়াৰ দৰে কথা! আৰু তাত এনেকৈ সম্ভৱ হ'ব জানো!” মাজত ধৰি তালৈ যোৱাৰ আগ্ৰহ তাৰ নাহিল, আগতে যিবোৰ ভাবিছিল তাৰ একো সমাধান এইদৰে গৈ তাত সি নাপায়, এতিয়া আন কিছুমান জটিল কথাও আগতকৈ সুকীয়াকৈ সোমাই পৰিল জীৱনত। তথাপি তাই যে সেইটো একেষাৰে ভাবিলে— সঁচা অন্তৰে, কোনো চালাকী নৰখাকৈ, আৰু চন্দনৰ দৰে কোনেও টলাব নোৱৰাকৈ দৃঢ়তাৰে— অলিন্দ সামান্য ভাল লাগিল। ভাবি ভাবি সি দোকান এখনত সোমাল। ‘ঐ তোৰ মোমায়েৰে কে_ ছোৱালীবোৰ ৱাছ কৰি কৰি এইবাৰ ধৰা পৰি গ'ল কে_। এইবাৰ নোৱাৰিলে সাৰিব _টোৱে। তোৰ কে_ মিতিৰ পাবলৈ....' দোকানীটোৱে তাক দেখিয়েই অবাইছ মাত মাতি বলকিবলৈ ধৰিলে, যেন তাকেই অপমান কৰিব খুজিছে, তাক দেখিয়েই খঙত ক'ব নোৱৰা হৈ গৈছে। ওচৰত আন দুটা মানুহো বাহি আছে। লাজ আৰু খঙত অলিন্দ ৰৈ থাকিল, উভতি গুচি আহিবলৈ বেয়া হৈছে, দোকানীটোৱে তেতিয়া পিছফালৰ পৰা চিঞৰি বলকিবলৈ ধৰিলে বেছিহে লাজ পাব লাগিব। দোকানীটোৰ ঘৰ চেণ্টাৰত নহয়, অলিন্দহঁতৰ সমুখৰ গাঁও এখনত, চন্দনতকৈ অলপ ডাঙৰ হ'ব, সিও শৰ্মা লিখে, ‘হয়তো ৰশ্মিৰ সম্পৰ্কীয়। নহ'লে লগে লগেই ইয়াত কেনেকৈ খবৰ পাব? নতুবা একে জাত হিচাপত সিও চাই আছিল বা তাইক?' অলিন্দ ঠৰ হৈ থকা দেখি দোকানীটো ৰ'ল, মাতটো নিয়ন্ত্ৰণলৈ আনিলে, “কি লাগে ক, তই বেয়া নাপাবি! মই সঁচা কৈছোঁ নে নাই তই নিজে ক। সি যিটো ভদ্ৰতা দেখুৱাই মানুহক মানুহৰ দৰে ব্যৱহাৰ নকৰে, সি নিজৰ ছাত্ৰীজনীক তেনেকৈ সোমাবলগীয়া কৰিব লাগে নেকি! তইক, হয় নে নহয় ক!' অলিন্দই একো নকৈ লিষ্টখন আগবঢ়াই দিলে। বহি থকা মানুহ দুটাকো অলিন্দই চিনি পায়, সিহঁতে একো নুসুধি মাথোঁ মুখলৈ চাই থকাত সি ধাৰণা কৰিলে— সিহঁতেও ইতিমধ্যে গম পাইছে, ইয়াত বহি তাকে আলোচনা কৰি আছিল, তাৰ আগত মাত মাতি মাজত মাথোঁ সোমাই ল'ব খোজা নাই।
পৃষ্ঠা:কুলাংগাৰ.pdf/৫০৯
অৱয়ব